তদন্তত পোহৰলৈ চাঞ্চল্যকৰ তথ্যঃ পহলগামৰ পূৰ্বে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য আছিল এইসমূহ স্থানো

নিয়া (NIA)ৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। সূত্ৰ অনুসৰি সম্প্ৰতি জিম্মাত থকা আত্নগোপনকাৰী সদস্যৰ জেৰাত এই আক্ৰমণ পূৰ্ব পৰিকল্পিত বুলি প্ৰকাশ পাইছে। সন্ত্ৰাসবাদী দলটোৱে আক্ৰমণৰ বাবে চাৰিটা ভিন্ন স্থান আগতীয়াকৈ ভ্ৰমণ কৰি নিৰীক্ষণ কৰিছিল বুলিও তদন্তত পোহৰলৈ আহিছে।

তদন্তত পোহৰলৈ চাঞ্চল্যকৰ তথ্যঃ পহলগামৰ পূৰ্বে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য আছিল এইসমূহ স্থানো

সষ্টম হৈ পৰিছে নিৰাপত্তাৰক্ষী

Published: 

02 May 2025 00:23 AM

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কেন্দ্ৰীয় সংস্থাসমূহে। দেশৰ এক প্ৰধান তদন্ত সংস্থা নিয়া (NIA)ৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। সূত্ৰ অনুসৰি সম্প্ৰতি জিম্মাত থকা আত্নগোপনকাৰী সদস্যৰ জেৰাত এই আক্ৰমণ পূৰ্ব পৰিকল্পিত বুলি প্ৰকাশ পাইছে। আক্ৰমণৰ বাবে দুদিন পূৰ্বেই বৈছাৰণ উপত্যকাত উপস্থিত হৈছিল সন্ত্ৰাসবাদী। তদন্তকাৰী সংস্থাই নিশ্চিত কৰিছে যে ১৫ এপ্ৰিলত সন্ত্ৰাসবাদীয়ে পহলগামত উপস্থিত হৈছিল। এই তিনিদিনতে তেওঁলোকে জম্মু-কাশ্মীৰৰ মাটি ৰক্তাক্ত কৰি তোলাৰ পৰিকল্পনা কৰিছিল।

সন্ত্ৰাসবাদী দলটোৱে আক্ৰমণৰ বাবে চাৰিটা ভিন্ন স্থান আগতীয়াকৈ ভ্ৰমণ কৰিছিল, য’ত আছিল আৰো উপত্যকা, এম্যুজমেণ্ট পাৰ্ক আৰু বেটাব উপত্যকা। ইয়াৰ পিছতো বৈছাৰণ উপত্যকা এই আক্ৰমণৰ লক্ষ্যস্থান হিচাপে বাছনি কৰা হৈছিল। তদন্তত প্ৰকাশ পাইছে যে আৰো উপত্যকা, এম্যুজমেণ্ট পাৰ্ক আৰু বেটাব উপত্যকাত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী আছিল। আৰো উপত্যকাত পৰ্যটকৰ উপস্থিতি আৰু নিৰাপত্তাৰক্ষীৰ নিয়মীয়া টহল দিয়াৰ বাবে তাত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিবলৈ অসুবিধা পাইছিল।

পহলগামৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত্বত অৱস্থিত আৰো উপত্যকা। ঘন অৰণ্য আৰু ট্ৰেকিং পথৰ বাবে পৰিচিত ই এক নিস্তব্ধ আৰু অত্যন্ত সুন্দৰ পৰ্যটন স্থলী। ইয়াৰ পৰাই কোলাহোই হিমবাহলৈ ট্ৰেকিং আৰম্ভ হয়। আৰো উপত্যকা পৰ্যটকৰ মাজত জনপ্ৰিয় যদিও তাত সৰু সৰু আৰক্ষী আৰু সেনা চকীও আছে। একেদৰে বেটাব উপত্যকাতো বৃহৎ সংখ্যক পৰ্যটকৰ উপস্থিতি আৰু অঞ্চলটোত নিৰাপত্তা বাহিনী নিয়োগ কৰাৰ বাবে সন্ত্ৰাসবাদীয়ে প্ৰত্যাহ্বান অনুভৱ কৰিছিল।

বিশেষকৈ ছুটিৰ দিনত বেটাব উপত্যকাত অতি ভিৰ হয়। এই সময়ছোৱাত নিৰাপত্তা বাহিনীও ইয়াত সম্পূৰ্ণ সজাগ হৈ থাকে। পহলগামৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই উপত্যকাটো ১৯৯৩ চনৰ বেটাব ছবিৰ নামেৰে নামাকৰণ কৰা হৈছে। পাইন গছেৰে আগুৰি থকা এই উপত্যকাটো লিডাৰ নদীৰ পাৰত অৱস্থিত। প্ৰায়েপিকনিক উপভোগ কৰিবলৈ ইয়ালৈ পৰ্যটকৰ ভিৰ হয়। নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰাও এই স্থান স্পৰ্শকাতৰ আৰু ইয়াত নিৰাপত্তাৰক্ষীৰ নিয়মীয়া উপস্থিতি থাকে।

এনে পৰিস্থিতিত এই স্থানতো সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাটো অতি কঠিন হৈ পৰিছিল। আনহাতে এম্যুজমেণ্ট পাৰ্কৰ দৰে বৃহৎ ঠাইত চিচিটিভিৰ নিৰীক্ষণ আৰু স্থানীয় আৰক্ষীৰ উপস্থিতি অধিক আছিল, গতিকে সেই আক্ৰমণ হ’লে ধৰা পৰাৰ আশংকা অধিক আছিল। স্থানীয় থানাখনো সেই স্থানৰ সমীপতে আছিল। পহলগাম বজাৰৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই স্থান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। অঞ্চলটোত অহৰহ স্থানীয় আৰক্ষীৰ উপস্থিতি্ৰ লগতে চিচিটিভিৰ নিৰীক্ষণত থাকে।

প্ৰতিদিনে এম্যুজমেণ্ট পাৰ্কট পৰ্যটকৰ ব্যাপক সমাগম হয়, যাৰ ফলস্বৰূপে এই স্থানতো আক্ৰমণ কৰাটো ৰিস্কি হৈ পৰিছিল। নিয়াৰ প্ৰতিবেদন অনুসৰি বৈছাৰণ উপত্যকাৰ ভৌগোলিক অৱস্থান আৰু তাত থকা দুৰ্বল নিৰাপত্তা আন্তঃগাঁথনিয়ে সন্ত্ৰাসবাদীক লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰিছিল। এই উপত্যকাটো পৰ্যটকৰ মাজত জনপ্ৰিয় যদিও ইয়াত কোনো স্থায়ী নিৰাপত্তাৰক্ষী চকী নাই। ইয়াৰ বাহিৰেও উপত্যকালৈ যোৱা পথত নিৰাপত্তাৰক্ষী আৰু চিচিটিভিৰ নিৰীক্ষণো কম।

বৈছাৰণ উপত্যকাৰ আন এক বিশেষত্ব হ’ল পৰ্যটকক ট্ৰেকিঙৰ বাবে সেই স্থানলৈ লৈ যোৱা হয় যদিও সকলো সময়তে ভিৰ নাথাকে। সূত্ৰসমূহে জনোৱা মতে, চাৰিজন আত্নগোপনকাৰী সদস্যই পাকিস্তানী সন্ত্ৰাসবাদীসকলক অঞ্চলটোৰ পৰিদৰ্শনত সহায় কৰিছিল আৰু তেওঁলোকৰ সহায়ত আক্ৰমণৰ পৰিকল্পনা চূড়ান্ত কৰা হৈছিল। ইয়াৰ বাবেই আন তিনিটা টাৰ্গেট এৰি বৈছাৰণ উপত্যকাক লক্ষ্য কৰি লোৱা হৈছিল।

উল্লেখযোগ্য যে এই পৰ্যন্ত তদন্তত উপত্যকাটোত তিনিটা চেটেলাইট ফোন ব্যৱহাৰৰ প্ৰমাণো পোৱা গৈছে। ইয়াৰে দুটা ফোনৰ চিগনেল ট্ৰেচ কৰিছে তদন্তকাৰী সংস্থাই। লগতে এই পৰ্যন্ত ২৫০০ সন্দেহযুক্ত লোক চিনাক্ত কৰা হৈছে, ইয়াৰে ১৮৬ জন এতিয়াও জিম্মাত আছে। তদন্তকাৰী সংস্থাসমূহে এই নেটৱৰ্কটো বৃহৎ আৰু সংগঠিত যদিও ইয়াৰ স্তৰসমূহ লাহে লাহে উন্মোচিত হৈছে বুলি প্ৰকাশ কৰিছে।

তেজৰ কৰ্কট ৰোগ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
Vaginal Infection: যৌনাংগৰ সংক্ৰমণ কিয় হয়? জানক লক্ষণ আৰু কাৰণসমূহ..
Menstruation: মাহেকীয়াৰ সময়ত কি কৰিব লাগে আৰু কি কৰিব নালাগে?
এইবাৰ বন্ধ হ'ব নেকি ৫০০ টকীয়া নোট? RBI ৰ নিৰ্দেশনাত কি আছে, জানক...