TV9 ASSAM
ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ বেংকসমূহক নিৰ্দেশনা প্ৰদান কৰিছে যে, ২০২৫ চনৰ ছেপ্টেম্বৰ মাহলৈকে দেশৰ ৭৫ শতাংশ এটিএমত ১০০ আৰু ২০০ টকীয়া নোট আপলোড কৰক।
RBI ৰ নিৰ্দেশৰ পাছত বিশেষজ্ঞসকলে কৈছে যে,RBIয়ে ৫০০টকীয়া নোটৰ ওপৰত কম নিৰ্ভৰ হ'ব বিচাৰিছে। গতিকে ২০০০ টকীয়াৰ দৰে ৫০০ টকীয়া নোট বন্ধ হ'ব পাৰে।
বেংকিং বিশেষজ্ঞ আৰু বায়ছ অৱ বেংকিঙৰ প্ৰতিষ্ঠাপক অশ্বিনী ৰাণাৰ মতে RBI য়ে ১০০-২০০ টকীয়া নোটৰ ওপৰত নিৰ্ভৰতা বৃদ্ধি কৰিব বিচাৰিছে। যাৰ বাবে ATM ৰ পৰা উলিওৱা ধনৰ ক্ষেত্ৰত ১০০-২০০ নোটত গুৰুত্ব দিয়া হৈছে।
তেওঁ কয়, ডাঙৰ নোটৰ ওপৰত RBIয়ে নিৰ্ভৰতা কম কৰিব বিচাৰিছে। ইয়াৰ বাবে RBIয়ে ২০০০ টকীয়া নোটো বন্ধ কৰিছিল। অৱশ্যে ৫০০ টকীয়া নোট বন্ধ কৰিব নে নাই তাৰ উত্তৰ RBIয়ে দিব পাৰিব।
ৰাণাই লগতে কয়, আহিবলগীয়া দিনত ৫০০ টকীয়া নোট বন্ধ হোৱা কোনো ডাঙৰ কথা নহয়। কিন্তু ইয়াৰ ক্ষেত্ৰত আৰ বি আইয়ে এই ইংগিত প্ৰদান কৰিছে।
ৰাণাই কয় যে, ভাৰতত ডিজিটেল লেনদেন বৃদ্ধি হৈছে। RBI য়ে ডিজিটেল কাৰেন্সী ই-ৰূপী অনাৰ প্ৰস্তুতি চলাই আছে। গতিকে RBIয়ে মুদ্ৰা প্ৰিন্ট কৰাৰ কাম কম কৰিব বিচাৰিছে।
উল্লেখ্য যে, দেশৰ মুদ্ৰাসমূহ ভাৰতীয় ৰিজাৰ্ভ বেংকে নিয়ন্ত্ৰণ কৰে। মুদ্ৰা চপোৱাৰ পৰা সকলো কাম বেংকে কৰে। এতিয়ালৈকে বেংকে কোনো তথ্য প্ৰকাশ কৰা নাই যদি পৰৱৰ্তী সময়ত সবিশেষ জানিব পৰা যাব।
পঢ়িবলৈ ক্লিক কৰক