ধৰ্মীয় স্থানত নিষিদ্ধ হ’ব এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিকঃ মুখ্যমন্ত্ৰীয়ে ল’লে বৃহৎ পদক্ষেপ
মুখ্যমন্ত্ৰীগৰাকীয়ে এই পদক্ষেপ পৰিৱেশ সুৰক্ষাৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিকে প্ৰদূষণ বৃদ্ধি কৰাৰ সমান্তৰালকৈ দীৰ্ঘদিন ধৰি পচি নোযোৱাকৈ থাকে আৰু ইয়াৰ ফলত ভূমি আৰু পানীৰ উৎসৰ গুৰুতৰ ক্ষতি হয় বুলি তেওঁ আঙুলিয়াই দিয়ে।

দেশৰ ৰাজধানী দিল্লীক স্বচ্ছ আৰু পৰিৱেশ অনুকূল কৰি তোলাৰ বাবে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই। দিল্লীৰ সকলো ধৰ্মীয় স্থানতে এবাৰ ব্যৱহাৰৰ যোগ্য প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এক যৌথ বৈঠক আহ্বান কৰে। এই বৈঠকত দিল্লীৰ সকলো জিলা দণ্ডাধীশ, উপায়ুক্ত আৰু আৰক্ষী আয়ুক্ত উপস্থিত থাকে। পৌৰ নিগমৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে এই বৈঠকত। মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৈঠকতে একক ব্যৱহাৰ যোগ্য প্লাষ্টিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰে।
‘মিছন বদল ৰহী হ্যেই দিল্লী’ৰ অধীনত এই বৈঠক আহ্বান কৰা হৈছিল। বৈঠকত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ঘোষণা কৰিছে যে ৰাজধানী দিল্লীৰ বিদ্যালয়, ধৰ্মীয় স্থান আৰু বজাৰত এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হ’ব। ইয়াৰ উলংঘা হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰিছে।
মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এই পদক্ষেপ পৰিৱেশ সুৰক্ষাৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিকে প্ৰদূষণ বৃদ্ধি কৰাৰ সমান্তৰালকৈ দীৰ্ঘদিন ধৰি পচি নোযোৱাকৈ থাকে আৰু ইয়াৰ ফলত ভূমি আৰু পানীৰ উৎসৰ গুৰুতৰ ক্ষতি হয় বুলি তেওঁ আঙুলিয়াই দিয়ে। চৰকাৰে এতিয়া জৈৱ-বিঘ্নিত আৰু পুনৰ ব্যৱহাৰযোগ্য বিকল্পৰ প্ৰচাৰ কৰিব বুলিও বৈঠকত সিদ্ধান্ত লোৱা হয়।
ৰাজধানীৰ স্বচ্ছতা ব্যৱস্থা আৰু অধিক উন্নত কৰাৰ বাবে এতিয়া দিল্লীৰ ৰাস্তা-ঘাট আৰু ৰাজহুৱা স্থানসমূহ দিনটোত দুবাৰকৈ পৰিষ্কাৰ কৰা হ’ব বুলিও দিল্লী চৰকাৰে সিদ্ধান্ত লৈছে। এই অভিযান দিল্লীক এখন স্বচ্ছ, সুন্দৰ আৰু উন্নত চহৰ হিচাপে গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই।
আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উপলক্ষে আয়োজন কৰা এক কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীত কৰ্মৰত শ্ৰমিকসকলৰ বাবেও কেইবাটাও ঘোষণা কৰে। শ্ৰমিকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বাৰ্ষিক স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইয়াৰ উপৰিও দুপৰীয়াৰ পৰা বিয়লি ৩ বজালৈ শ্ৰমিকসকলৰ বাবেও জিৰণিৰ সময় নিৰ্ধাৰণ কৰা হ’ব আৰু এই সন্দৰ্ভত শীঘ্ৰে অধিসূচনা জাৰি কৰা হ’ব বুলি তেওঁ লগতে কয়। জীৱিকাৰ বাবে দিল্লীলৈ অহা লোকসকলৰ উন্নত জীৱন-যাপন, স্বাস্থ্য আৰু শিক্ষাৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই লগতে উল্লেখ কৰে।