শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰথমে হত্যাৰ ষড়যন্ত্ৰ, তাৰ পিছত প্ৰেমিকাৰ পৰিয়ালৰ সৈতে… সোনমৰ প্ৰেমিক ৰাজৰ আন এক অভিসন্ধি পোহৰলৈ

ইন্দোৰৰ পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ঘটনাত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ইয়াৰ মাজতে ভাইৰেল হৈছে এটা  ভিডিঅ’। ভিডিঅ'টোত সোণমৰ প্ৰেমিক ৰাজ কুশৱাহাক ৰাজাৰ ঘৰত দেখা গৈছে। উল্লেখ্য যে যে সোণম আৰু ৰাজে মিলি ৰাজাক হত্যাৰ বাবে চুপাৰি কিলাৰ নিয়োগ কৰিছিল।

প্ৰথমে হত্যাৰ ষড়যন্ত্ৰ, তাৰ পিছত প্ৰেমিকাৰ পৰিয়ালৰ সৈতে… সোনমৰ প্ৰেমিক ৰাজৰ আন এক অভিসন্ধি পোহৰলৈ
ৰাজা ৰঘুবংশীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ ৰাজ কুশৱাহাৰ
trishna-kalita
Trishna Kalita | Published: 10 Jun 2025 12:08 PM

ইন্দোৰৰ পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ঘটনাত চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰাজাৰ অভিযুক্ত পত্নী সোণম ৰঘুবংশীৰ প্ৰেমিক ৰাজ কুশৱাহাৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। সেই ভিডিঅ’টোত কোৱা হৈছে ৰাজাৰ শেষকৃত্য কৰাৰ দিনটোৰ কথা।

অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত আছিল ৰাজ কুশৱাহা। তেওঁ ৰাজাৰ শহুৰেক দেৱী সিংহক সান্ত্বনা দি আছিল। ভিডিঅ’টোত স্পষ্টকৈ দেখা যায় যে ৰাজ কুশৱাহাক আৱেগিক হৈ থকা দেখা গৈছে, যেন তেওঁৰ ঘনিষ্ঠ কোনোবাই সকলো হেৰুৱাই পেলাইছে। কিন্তু বাস্তৱ ৰূপটো হ’ল তেওঁ সোণমৰ সৈতে ৰাজক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল। এই কথা পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত।

এই ভিডিঅ’টো দেখি স্তম্ভিত হৈ পৰিছে সকলো। কাৰণ ৰাজাক হত্যাৰ ষড়যন্ত্ৰ কৰা সেইজন ৰাজেই পিছত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত পৰিয়ালৰ দুখৰ সমভাগি হৈছিল। শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জনাবলৈ তালৈ গৈছিল ধৃত ৰাজ । আৰক্ষীয়ে এতিয়া এই ভিডিঅ’টো ঘটনাৰ তদন্তত প্ৰমাণ হিচাপে অন্তৰ্ভুক্ত কৰিবছে। উল্লেখ্য যে সোণম আৰু তেওঁৰ প্ৰেমিক ৰাজে একেলগে ৰাজাক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল।

সোণম আৰু ৰাজে মিলি ৰাজাক হত্যা কৰিবলৈ চুপাৰি কিলাৰ নিয়োগ কৰিছিল। ৩ জনকৈ চুপাৰি কিলাৰে ৰাজাক শ্বিলঙৰ নিৰ্জন স্থানলৈ লৈ গৈ হত্যা কৰে।এতিয়া এই যি ভিডিঅ’টো হত্যাকাণ্ডৰ এটা ডাঙৰ লিংক। ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে ৰাজাক হত্যাৰ পিছতো ৰাজে চতুৰতাৰে পৰিয়ালক প্ৰতাৰণা কৰি আছিল।

ইফালে ৰাজৰ পৰিয়ালে কয়, “তেওঁ এই কাম কৰিব পাৰে বুলি আমি বিশ্বাস নকৰো। “কান্দোনত ভাগি পৰিছে মাতৃ আৰু ভগ্নী। ওচৰ চুবুৰীয়াই কয়, “ৰাজ এনেকুৱা বুলি আমি নাজানো।” উল্লেখ্য যে, ৰাজ উত্তৰ প্ৰদেশৰ কানপুৰৰ সমীপৰ ফতেহপুৰৰ বাসিন্দা। বিগত ১০ বছৰ ধৰি ইন্দোৰৰ ভাড়াঘৰত বসবাস কৰি আহিছে তেওঁৰ পৰিয়াল। ২০২০ চনৰ মে’ মাহত ক’ভিডৰ বাবে তেওঁৰ পিতৃৰ মৃত্যু হয়। ৰাজে মাহে ১৫-২০ হাজাৰ টকা উপাৰ্জন কৰে।

মন কৰিবলগীয়া যে বিয়াৰ পাছত সোণম আৰু ৰাজা হানিমুন উদযাপনৰ বাবে মেঘালয়ৰ শ্বিলঙলৈ গৈছিল। যোৱা ২৩ মে’ত শ্বিলঙৰ বনাঞ্চলৰ পৰা ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে তেওঁৰ পৰিয়ালৰ ওপৰত দুখৰ পাহাৰ ভাগি পৰিছিল।