শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সলনি হৈছে চেহেৰা, লকআপৰ ভিতৰত কিদৰে দিন কটাইছে সোণমে? ক’ত ৰখা হৈছে প্ৰেমিক ৰাজক?

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ অভিযুক্তক দৈনিক ৮ ঘণ্টা ধৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। সোণমক চিচিটিভিৰ চোৰাংচোৱাগিৰিৰ অধীনত ৰখা হৈছে।  কাকোৱে লগ কৰিবলৈ দিয়া হোৱা নাই। তেওঁ মাত্ৰ দুজন মহিলা আৰক্ষীৰ লগতহে কথা পাতিব পাৰে।

সলনি হৈছে চেহেৰা, লকআপৰ ভিতৰত কিদৰে দিন কটাইছে সোণমে? ক’ত ৰখা হৈছে প্ৰেমিক ৰাজক?
লকআপৰ ভিতৰত কিদৰে দিন কটাইছে সোণমে?
trishna-kalita
Trishna Kalita | Published: 15 Jun 2025 14:41 PM

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৫ অভিযুক্তক অহৰহ জেৰা অব্যাহত ৰাখিছে শ্বিলং আৰক্ষীয়ে। ৰাজাৰ পত্নী সোণমক ১০×১০ৰ আৰক্ষীৰ লকআপত ৰখা হৈছে। সোণমক শুবলৈ দিয়া হৈছে মেট এখন , যিখন মেট পাৰি  মাটিত শুৱে আৰু উৰিবলৈ এখন চাদৰ  দিয়া হৈছে।

গাজীপুৰত আৰক্ষীয়ে যেতিয়া সোণমক বিচাৰি পাইছিল তেতিয়া তেওঁ ক’লা টি-চাৰ্ট আৰু ক’লা ল’ৱাৰ পিন্ধি আছিল । কিন্তু এতিয়া লকআপত সলনি হৈছে সোণমৰ গেটআপ। শ্বিলঙৰ বজাৰৰ পৰা  সোণমে পিন্ধিবলৈ বগা টি-চাৰ্ট আৰু ব্ৰাউন ৰঙৰ লোয়াৰ ক্ৰয় কৰিছে আৰক্ষীয়ে । এই কাপোৰবোৰ সোণমৰ দাবী অনুসৰিয়ে দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ তেওঁক উত্তৰ ভাৰতীয় খাদ্য দিয়া হৈছে। ৰাতিপুৱা ব্ৰেকফাষ্ট দিয়া হৈছে।

ইফালে আৰক্ষীয়ে জনোৱা মতে প্ৰতিদিনে প্ৰায় আঠ ঘণ্টা ধৰি অভিযুক্তক জেৰা চলাই থকা হৈছে । ভাল মানসিকতাৰ বাবে অভিযুক্তই ভাল খাদ্য খোৱা আৰু ভাল কাপোৰ পিন্ধাটো জৰুৰী, যাতে আৰক্ষীক শত্ৰু বুলি গণ্য কৰাৰ পৰিৱৰ্তে হত্যাৰ তদন্তত সোধা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰে। প্ৰতিদিনে পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সোণমক বিভিন্ন ধৰণেৰে সোধা-পোছা কৰা হৈছে।

চিচিটিভি কেমেৰাৰ জৰিয়তে তেওঁক নিৰীক্ষণ কৰা হৈছে। সোণমক কাকো লগ কৰিবলৈ দিয়া হোৱা নাই, তেওঁ মাত্ৰ দুজন মহিলা আৰক্ষীৰ লগতহে কথা পাতিব পাৰে। শ্বিলঙৰ সদৰ থানাত আটাইকেইজন অভিযুক্তক পৃথক পৃথক লকআপত ৰাখিছে আৰক্ষীয়ে। বিশেষকৈ সোণমক আন অভিযুক্তৰ পৰা আঁতৰাই ৰখা হৈছে। তলৰ মহলাত সোণম লকআপত থকাৰ বিপৰীতে আন অভিযুক্তক প্ৰথম মহলাত ৰখা হৈছে।

উল্লেখ্য যে, ৯ জুনৰ পৰা মেঘালয় আৰক্ষীৰ জিম্মাত আছে সোণম। প্ৰথম ৩ দিন তেওঁ ট্ৰেনজিট ৰিমাণ্ডত আছিল। তাৰ পিছত ১১ জুনত  শ্বিলঙৰ এডিজে আদালতে ৮ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। এই সময়ছোৱাত তেওঁক দৈনিক ৮ৰ পৰা ১০ ঘণ্টা ধৰি জেৰা কৰি আছে। কিন্তু এতিয়ালৈকে সোণম প্ৰেমিক ৰাজৰ সৈতে মুখামুখি হোৱা নাই। অতি সোনকালে আৰক্ষীয়ে সকলো অভিযুক্তক মুখামুখিকৈ ​​বহিবলৈ দি একেলগে জেৰা কৰিব। লগতে সোণম আৰু সকলো অভিযুক্তক হত্যাৰ স্থানলৈ লৈ গৈ ক্ৰাইম ৰিক্ৰিয়েট কৰা হ’ব।