শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Shocking Scam : অনলাইনত টোপনিৰ বড়ি কিনিবলৈ চেষ্টা কৰি ৭৭ লাখ টকা হেৰুৱালে এগৰাকী বৃদ্ধাই !

সেইদিনা তেওঁ মেডিচিন ৱেবচাইটৰ পৰা অনলাইনত নিজৰ ঔষধ অৰ্ডাৰ দিলে। তেনেতে ফোনটো বাজি উঠিল। তেওঁক জনোৱা হ’ল যে, নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো বা এনচিবিৰ বিষয়াই ফোন কৰিছে। ইয়াৰ পাছত কি হ'ল জানক...

Shocking Scam : অনলাইনত টোপনিৰ বড়ি কিনিবলৈ চেষ্টা কৰি ৭৭ লাখ টকা হেৰুৱালে এগৰাকী বৃদ্ধাই !
প্ৰতীকী ফটোImage Credit source: meta AI
manas-borah
Manas Borah | Published: 29 Jul 2025 13:13 PM

আচৰিত ঘটনা ! এগৰাকী বৃদ্ধাই কিনিবলৈ গৈছিল টোপনিৰ বড়ি, কিন্তু খালী হ’ল তেওঁৰ বেংক একাউণ্ট । আপুনি ভাবিছে এইষাৰ আকৌ কি লিংক নোহোৱা কথা। হয়, ডাক্তৰৰ পৰামৰ্শ মতে টোপনিৰ বড়ি কিনিবলৈ গ’ল এগৰাকী বৃদ্ধা। কিন্তু তাৰ পৰিণাম যে ইমান ভয়ংকৰ হ’ব, সেই কথা গম পোৱা নাছিল তেওঁ। প্ৰেচস্ক্ৰিপচনত লিখা ঔষধ বিচাৰি থাকোঁতে খালী হৈ পৰিল বৃদ্ধাগৰাকীৰ বেংক একাউণ্ট। অৱশ্যে এই ঘটনা আজি নহয়। এবছৰ আগৰ কথা।

শেহতীয়াকৈ সেই গোচৰত ৫জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সেই একাউণ্টৰ পৰা লুটি নিয়া ৭৭ লাখ টকাৰ ভিতৰত উদ্ধাৰ হ’ল মাত্ৰ ৩ লাখ টকা। দিল্লীৰ বসন্ত কুঞ্জত সংঘটিত হয় এই ঘটনা।

যোৱা বছৰৰ আগষ্ট মাহত বৃদ্ধাগৰাকীয়ে বিভিন্ন অনলাইন মেডিচিন ৱেবছাইটত নিজৰ টোপনিৰ বড়ি বিচাৰি আছিল। শিক্ষকতাৰ পৰা অৱসৰ লোৱাৰ পিছত স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈছিল তেওঁ। ক’ব পাৰি যে, ৬২ বছৰীয়া মহিলাগৰাকীয়ে ঔষধ খাই দিন কটায়। তেখেতে নিয়মিতভাৱে টোপনিৰ বড়ি খাব লগা হয়। সেই ঔষধ অৰ্ডাৰ কৰে অনলাইনত।

সেইদিনা তেওঁ মেডিচিন ৱেবচাইটৰ পৰা অনলাইনত নিজৰ ঔষধ অৰ্ডাৰ দিলে। তেনেতে ফোনটো বাজি উঠিল। তেওঁক জনোৱা হ’ল যে, নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো বা এনচিবিৰ বিষয়াই ফোন কৰিছে। স্বাভাৱিকতে বৃদ্ধাগৰাকী অস্থিৰ হৈ পৰিল। তেওঁ বুজিব পৰা নাছিল যে, কিয় এনচিবিৰ পৰা ফোন আহিছিল।

বৃদ্ধাগৰাকীক অবৈধ ঔষধ ক্ৰয় কৰাৰ অভিযোগত ডিজিটেল এৰেষ্ট কৰা বুলি জনোৱা হয়। ভুৱা এনচিবিৰ বিষয়াগৰাকীয়ে লগতে কয় যে, বৃদ্ধাগৰাকীৰ বিৰুদ্ধে একাধিক নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ অভিযোগ আছে। আনকি তৎক্ষণাত ৩ লাখ টকা বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিবলৈও নিৰ্দেশ দিছিল। এই কথা মানি লৈছিল মহিলাগৰাকীয়ে।

১০ দিনৰ পাছত তেওঁলৈ আৰু এটা ফোন আহিল। এইবাৰ এনচিবিৰ বিষয়া নহয়, সদস্য আছিল। তেওঁ পুনৰ বৃদ্ধাগৰাকীৰ পৰা ২০ হাজাৰ টকা দাবী কৰিলে। তাৰ পাছত কেইদিনমানৰ ভিতৰতে তিনিগৰাকী মহিলাই পুনৰ ফোন কৰিলে। বৃদ্ধাগৰাকীৰ ফোনটোৰ স্ক্ৰীণ শ্বেয়াৰ কৰি তেখেতৰ বেংক একাউণ্টত প্ৰৱেশ কৰিলে। তাৰ পিছত পোনপটীয়াকৈ ৭৫ লাখ টকা আদায় কৰিছিল তেওঁলোকে। মুঠতে কেইদিনমানৰ ভিতৰতে মহিলাগৰাকীৰ পৰা ৭৭ লাখ টকাৰ লুটি নিলে প্ৰৱঞ্চকৰ চক্ৰটোৱে। পিছত ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ কাষ চাপে মহিলাগৰাকী।

৯ মাহৰ পাছত অৱশেষত চলিত বৰ্ষৰ জুন মাহত দিল্লীৰ মুখাৰ্জী নগৰৰ পৰা এই ঘটনাৰ এজন অভিযুক্তক আৰক্ষীয়ে আটক কৰে। পিছত তেওঁক সোধা-পোছাৰ জৰিয়তে আৰু তিনিজন লোকক আটক কৰে আৰক্ষীয়ে। তাৰ পিছতে আৰম্ভ হ’ল অভিযান। আমজাদ, শ্বাহিদ আৰু শ্বাকিল নামৰ তিনি অভিযুক্তকে মুঠ পাঁচজনক এই ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।