নিশা ভয়ংকৰ বাছ দুৰ্ঘটনাই জোকাৰিলে মায়ানগৰী; প্ৰাণ হেৰুৱালে ৪ জনে, আহত কেইবাজনো

এই দুৰ্ঘটনাৰ সময়ত বহু লোক কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি আহিছিল, সেয়ে ষ্টেচন চৌহদত যথেষ্ট ভিৰ আছিল। হঠাতে বাছখনে যাত্ৰীসকলক মহতিয়াই নিয়াত সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰে।

নিশা ভয়ংকৰ বাছ দুৰ্ঘটনাই জোকাৰিলে মায়ানগৰী; প্ৰাণ হেৰুৱালে ৪ জনে, আহত কেইবাজনো

মুম্বাইত ভয়ংকৰ বাছ দুৰ্ঘটনা

Published: 

30 Dec 2025 07:10 AM

এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰিছে মায়ানগৰী মুম্বাই। মহাৰাষ্ট্ৰৰ ৰাজধানী চহৰখনৰ ভাণ্ডুপ পশ্চিম ষ্টেচন ৰোড এলেকাত সোমবাৰে নিশা এই শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন ‘বেষ্ট’ (BEST) বাছৰ চালকে বাছখন ৰিভাৰ্ছ কৰি থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা। চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে কেইবাজনো যাত্ৰীক। ইয়াৰ ফলত ৪ জন লোকৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে ১০ জন লোক গুৰুতৰভাৱে আহত হয়। ইয়াৰে এজনৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিব পৰা গৈছে।

তাৎক্ষণিক উদ্ধাৰ অভিযান

এই দুৰ্ঘটনাৰ সময়ত বহু লোক কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি আহিছিল, সেয়ে ষ্টেচন চৌহদত যথেষ্ট ভিৰ আছিল। হঠাতে বাছখনে যাত্ৰীসকলক মহতিয়াই নিয়াত সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰে। তথ্য পোৱাৰ লগে লগে মুম্বাই অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু এম্বুলেঞ্চসহ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়।

ইয়াৰ পিছতে প্ৰশাসনিক দলটোৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ঘটনাত আহত লোকসকলক লগে লগে উদ্ধাৰ কৰি মুম্বাইৰ ৰজাৱাদী আৰু এম.টি. আগৰৱাল চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এই দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যুৰ খবৰ নি্শ্চিত কৰা হৈছে।

আন এজনৰ অৱস্থা সংকটজনক

আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰজাৱাদী চিকিৎসালয়লৈ নিয়াৰ সময়তে এগৰাকী ৩১ বছৰীয়া অচিনাক্ত মহিলাৰ মৃত্যু ঘটে। আনহাতে, প্ৰশান্ত লাড (৫১) নামৰ এজন ব্যক্তিৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিব পৰা গৈছে। আহত আন লোকসকল সম্প্ৰতি এম.টি. আগৰৱাল হাস্পতালত চিকিৎসাধীন হৈ আছে।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে নিশা প্ৰায় ১০:০৫ বজাত ভাণ্ডুপ আৰক্ষীয়ে এই দুৰ্ঘটনা সন্দৰ্ভত খবৰ লাভ কৰে। ইয়াৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। সম্প্ৰতি ভাণ্ডুপ আৰক্ষীয়ে এই দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰু চালকজনৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

বিগত বৰ্ষতো হৈছিল এনে দুৰ্ঘটনা

উল্লেখ যে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত মুম্বাইত এনে এক দুৰ্ঘটনা সংঘটিত হৈছিল। কুৰ্লাত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ সময়তো এখন বেষ্ট বাছৰ ব্ৰেক বিকল হোৱাৰ ফলত চালকে নিয়ন্ত্ৰণ হেৰুৱাইছিল আৰু প্ৰায় ৩০ জন লোকক মহতিয়াই নাছিল। উক্ত দুৰ্ঘটনাটোতো ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৬ জন লোক আহত হৈছিল।

নতুন বছৰতে লওক এইসমূহ অভ্যাস ত্যাগৰ পণ, অন্যথা ভুগিব লাগিব উচ্চ ৰক্তচাপৰ সমস্যাত
তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...