আজিৰ দিনটোত ক’ত কি ঘটিল ? চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
আজি ২৯ ডিচেম্বৰ, সোমবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। দিনজোৰা ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। অসম চৰকাৰে প্ৰায় ২২৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বটদ্ৰৱা থান পুনঃউন্নয়ন প্ৰকল্প উদ্বোধন কৰে অমিত শ্বাহে। বৰদোৱাত জনসভাত ভাষণ দি অবৈধ অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ।
দিনটোৰ শীৰ্ষ খবৰ
- দিনজোৰা ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটী বিমান বন্দৰৰ পৰা পোনে পোনে বৰদোৱালৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। অসম চৰকাৰে প্ৰায় ২২৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বটদ্ৰৱা থান পুনঃউন্নয়ন প্ৰকল্প উদ্বোধন কৰে অমিত শ্বাহে। তাৰ পাছতেই এক ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে শ্বাহে। এই অনুষ্ঠানত উপস্থিত থাকে অসম বিজেপিৰ কেবাগৰাকীও শীৰ্ষ নেতা।
- কংগ্ৰেছে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বাংলাদেশী অনুপ্ৰৱেশকাৰীক। অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অবৈধ বাংলাদেশীক চিনাক্ত কৰি এটা এটাকৈ বাহিৰ কৰা হ’ব। বৰদোৱাত জনসভাত এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অসমক সম্পূৰ্ণ অনুপ্ৰৱেশমুক্ত কৰিবলৈ বিজেপিক আৰু পাঁচ বছৰ সময় দিবলৈ ৰাইজক আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ।
- বৰদোৱাত জনসভাত ভাষণ দি অবৈধ অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অচিনাকী মানুহক মাটি বিক্ৰী নকৰিবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰীৰ। তেওঁ লগতে কয় যে অসমীয়া জাতিৰ অস্তিত্ব আজি সংকটেৰে পূৰ্ণ। যদি জাতিৰ পৰিচয়েই নাথাকে নাথাকে, তেন্তে বিকাশৰ কোনো মূল্য নাই। চন্দ্ৰ-সূৰ্য থকালৈকে শংকৰ-মাধৱ গুৰু দুজনা আমাৰ মাজত জীয়াই থাকিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
- বৰাগাঁৱৰ শ্বহীদ স্মাৰকক্ষেত্ৰত উপস্থিত অমিত শ্বাহ। অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ। এই সময়ত শ্বাহক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ লগতে বিভিন্নজনে। তাৰ পাছতেই খানাপাৰাত নিৰ্মিত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰে অমিত শ্বাহে। প্ৰায় ৫ হাজাৰ দৰ্শক বহিব পৰাকৈ অত্যাধুনিক সা-সুবিধাৰে নিৰ্মাণ কৰা হৈছে প্ৰেক্ষাগৃহটি।
- শ্ৰীভূমিৰ বাজাৰীছড়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। নিজ মাতৃক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ এগৰাকী মহিলাৰ বিৰুদ্ধে। বাসগৃহৰ ভিতৰৰ পৰা দুৰ্গন্ধ ওলোৱাত চুবুৰীয়াই ঘৰত প্ৰৱেশ কৰি ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাৰ অভিযুক্তক। জানিবপৰা মতে মানসিকভাৱে অসুস্থ হত্যাৰ অভিযুক্তগৰাকী।
- বঙাইগাঁৱৰ যোগীঘোপাত বন বিভাগৰ অভিযানত জব্দ চোৰাংভাৱে সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ কাঠ। কাবাইটাৰী সপ্তাহিক বজাৰত অভিযান চলাই বনবিভাগে জব্দ কৰে প্ৰায় পাঁচ কোটি টকা মূল্যৰ কাঠ। একাংশ বন বিষয়াক মেনেজ কৰি দীৰ্ঘদিন ধৰি কাঠৰ চোৰাং বেহা চলাই অহাৰ অভিযোগ।
- ডিজিটেল এৰেষ্ট কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ এগৰাকী মহিলা। পঞ্জাৱৰ এগৰাকী ব্যৱসায়ীৰ পৰা কৌশলেৰে লুটিছিল প্ৰায় ৭ কোটি টকা। এই অভিযোগ লাভ কৰাৰ পাছতেই ইডিয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীক। আদালতে ধৃত মহিলাগৰাকীক অহা ২ জানুৱাৰীলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে।
- বাংলাদেশৰ ওছমান হাদীৰ হত্যাৰ অভিযুক্তই ভাৰতত আত্মপোপন কৰা বুলি ঢাকা আৰক্ষীয়ে কাৰ অভিযোগ অস্বীকাৰ ভাৰতৰ। মেঘালয় আৰক্ষী আৰু বি এছ এফে একেমুখে এই অভিযোগ অস্বীকাৰ কৰে। বাংলাদেশৰ হালুৱাঘাট সীমান্তৰে কোনো অভিযুক্তই ভাৰতত প্ৰৱেশ কৰা নাই বুলি স্পষ্ট কৰি দিয়ে বিএছএফে।
- শীতৰ মাজতে শুভ্ৰ বৰফৰ আচ্ছাদন ভূ-স্বৰ্গ কাশ্মীৰত। কিন্তু বৰফৰ আঁৰ লৈ উপত্যকাটোত কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা ৰচিছে পাক সন্ত্ৰাসবাদীয়ে। ইতিমধ্যে ৩০ টা পাক সন্ত্ৰাসবাদীয়ে সক্ৰিয়ভাৱে কাম কৰি থকাৰ তথ্য প্ৰকাশ চোৰাংচোৱাৰ। প্ৰতিকূল বতৰকো নেওচি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই।