শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মোদী ঢৌৰ জোৰত শিখৰ আৰোহণ বিজেপিৰ, পাঁচ ৰাজ্যত চৰকাৰ গঠন আজিও সপোন হৈয়েই ৰৈছে গেৰুৱা বাহিনীৰ

১৭ ছেপ্টেম্বৰত ৭৫ বছৰ সম্পূৰ্ণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজনীতিৰ জগতত প্ৰৱেশ কৰাৰ পিছৰে পৰা তেওঁ কেৱল জয়ৰ সোৱাদ লৈছে। ১১ বছৰ ধৰি তেওঁ কেন্দ্রত ক্ষমতাত আছে আৰু এই সময়ছোৱাত বিজেপিৰ গ্ৰাফ ঊৰ্ধগামী হৈ গৈ আছে ৷ কিন্তু আজিও কিছুমান ৰাজ্যত সফলতা লাভ কৰাটো বিজেপিৰ বাবে সপোন হৈয়ে আছে।

মোদী ঢৌৰ জোৰত শিখৰ আৰোহণ বিজেপিৰ, পাঁচ ৰাজ্যত চৰকাৰ গঠন আজিও সপোন হৈয়েই ৰৈছে গেৰুৱা বাহিনীৰ
পাঁচ ৰাজ্যত চৰকাৰ গঠনৰ সপোন পূৰণ হ'বনে?Image Credit source: Klaudia Radecka/NurPhoto via Getty Images
raj-saikia
Raj Saikia | Updated On: 16 Sep 2025 19:46 PM

১৭ ছেপ্টেম্বৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। এইবাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিব প্ৰধানমন্ত্ৰীয়ে। ২০১৪ চনত প্ৰধানমন্ত্ৰীৰ চকীত বহাৰ সময়ত নৰেন্দ্ৰ মোদীৰ বয়স আছিল ৬৪ বছৰ। প্ৰধানমন্ত্ৰী হিচাপে দুটা সফল কাৰ্যকাল সমাপ্ত কৰাৰ পাছত তেওঁ এতিয়া তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰি আছে। প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ ১১ বছৰীয়া শাসন কালত ব্যাপক সাফল্য লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে।

এসময়ত মাত্ৰ দুই-এখন ৰাজ্যত শাসন কৰা বিজেপিয়ে এতিয়া ১৮ খন ৰাজ্য আৰু ২ টা কেন্দ্ৰীয় শাসিত অঞ্চলত শাসন কৰি আছে। ইয়াৰ ভিতৰত এটা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ১০ খন এনে ৰাজ্য আছে য’ত বিজেপিয়ে অকলেই নিজৰ শক্তিৰে চৰকাৰ গঠন কৰিছিল। আন ৮ খন ৰাজ্য আৰু ১ টা কেন্দ্ৰীয় শাসিত অঞ্চলত মিত্ৰ শক্তিৰ সৈতে মিলি শাসনৰ সোৱাদ লয়। অৱশ্যে এতিয়াও দেশৰ এনে পাঁচখন ৰাজ্য আছে য’ত বিজেপিয়ে শাসন কৰিব পৰা নাই।

যিসমূহ ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰিব পৰা নাই, সেইসমূহ ৰাজ্যৰ বিষয়ে জনাৰ পূৰ্বে আমি জানো আহক বিজেপিয়ে শাসন কৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিষয়ে। ২০১৪ চনত যেতিয়া নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰৰ শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনে, তেতিয়া মাত্ৰ ৬ খন ৰাজ্যতহে বিজেপিৰ শাসন আছিল। ইয়াৰ ভিতৰত ৫ খনত বিজেপিয়ে এককভাৱেই শাসন কৰিছিল।

তেতিয়া দেশৰ ১৯.৫ শতাংশ জনসংখ্যাৰ ওপৰত বিজেপিৰ শাসন আছিল। ইয়াৰ পাছত ক্ৰমান্বয়ে বিজেপিৰ গ্ৰাফ ঊৰ্ধগামী হয়। ২০১৯ চনলৈকে বিজেপিয়ে অকলেই ১২ খন ৰাজ্যত শাসন চলায়। ইফালে এনডিএৰ দ্বাৰা শাসিত ৰাজ্যৰ সংখ্যা হয়গৈ ১৮ খন।

ইফালে ২০২৪ চনত এনডিএই ১৯ খন ৰাজ্য দখল কৰে। ২০২৫ চনত দিল্লীত অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচন। ২৭ বছৰৰ পাছত দিল্লীত বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হয় বিজেপি। আজিৰ সময়ত দেশৰ ১০ খন ৰাজ্য আৰু ১ টা কেন্দ্ৰীয় শাসিত অঞ্চলত একক সংখ্যাগৰিষ্ঠতাৰে শাসন চলাই আহিছে বিজেপিয়ে।

কোন কোন ৰাজ্যত চৰকাৰ গঠনৰ সপোন বিজেপিৰ?

বৰ্তমান ১৮ খন ৰাজ্য আৰু ২ টা কেন্দ্ৰীয় শাসিত অঞ্চলত শাসন চলাই থকা বিজেপিৰ বাবে পাঁচখন ৰাজ্যত শাসন কৰাটো সপোন হৈয়েই আছে। বহু চেষ্টা কৰিও এই পাঁচ ৰাজ্যত সফল হ’ব পৰা নাই গেৰুৱা দলটো। এই পাঁচ ৰাজ্য হৈছে পশ্চিম বংগ, পঞ্জাব, কেৰালা, তেলেংগানা আৰু তামিলনাডু। এই পাঁচ ৰাজ্যৰ ভিতৰত তিনিখন ৰাজ্যত ২০২৬ চনত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। এই তিনি ৰাজ্য হৈছে পশ্চিমবংগ, তামিলনাডু আৰু কেৰালা। ইফালে পঞ্জাবত ২০২৭ আৰু তেলেংগানাত ২০২৮ চনত নিৰ্বাচন হ’ব।

কোন কোন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আছে বিজেপিৰ চৰকাৰ?

  • উত্তৰ প্ৰদেশ
  • উত্তৰাখণ্ড
  • হাৰিয়ানা
  • ওড়িশা
  • গুজৰাট
  • ৰাজস্থান
  • মধ্যপ্ৰদেশ
  • ছত্তীশগড়
  • অৰুণাচল প্ৰদেশ
  • ত্ৰিপুৰা
  • দিল্লী (কেন্দ্ৰীয় শাসিত অঞ্চল)

কোন কোন ৰাজ্যত আছে এন ডি এৰ চৰকাৰ?

  • মহাৰাষ্ট্ৰ
  • গোৱা
  • বিহাৰ
  • অন্ধ্ৰপ্ৰদেশ
  • মেঘালয়
  • নাগালেণ্ড
  • ছিক্কিম
  • অসম
  • পুডুচেৰী (কেন্দ্ৰীয় শাসিত অঞ্চল)

কোন কোন ৰাজ্যত প্ৰথমবাৰলৈ চৰকাৰ গঠন কৰে?

এই ১১ টা বৰ্ষত কেবাখনো ৰাজ্যত বিজেপি আৰু এন ডি এই প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰে। কেন্দ্ৰত যেতিয়া নৰেন্দ্ৰ মোদী শাসনলৈ আহে, তাৰ পিছতেই হাৰিয়ানাত প্ৰথমবাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰে। বৰ্তমানলৈকে ৭ খন ৰাজ্যত প্ৰথমবাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। এই ৰাজ্যসমূহ হৈছে হাৰিয়ানা, অসম, মহাৰাষ্ট্ৰ, মণিপুৰ, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ওড়িশা।

কোন কোন ৰাজ্যত বিজেপি বা এন ডি এৰ চৰকাৰ নাই?

বৰ্তমানৰ প্ৰেক্ষাপটত যিসমূহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিজেপি বা এন ডি এৰ চৰকাৰ নাই সেয়া হৈছে- তেলেংগানা, পঞ্জাব, পশ্চিমবংগ, তামিলনাডু, কেৰালা, মিজোৰাম, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক আৰু জম্মু-কাশ্মীৰ।