শক্তি বাঢ়িছে ভাৰতীয় নৌসেনাৰ! ১০ বছৰৰ বাবে নতুন পৰিকল্পনা প্ৰস্তুত…
বৰ্তমান নৌসেনাৰ ১৪০খন যুদ্ধজাহাজ আৰু ১৭খন ছাবমেৰিন আছে। ইয়াৰ উপৰিও ২৫০ খনতকৈও অধিক বিমান আৰু হেলিকপ্টাৰ আছে। পৰিকল্পনা অনুসৰি অহা দশকত সেই সংখ্যা ২০০ৰো অধিক জাহাজ, ছাবমেৰিন আৰু প্ৰায় ৩৫০খন বিমানলৈ বৃদ্ধি কৰা হ’ব।

আত্মনিৰ্ভৰ ভাৰত। সামৰিক সঁজুলি নিৰ্মাণত বৃদ্ধি পাইছে থলুৱা প্ৰযুক্তিৰ ওপৰত ভৰসা। নিজৰ শক্তি প্ৰতিনিয়ত বৃদ্ধি কৰিছে ভাৰতীয় নৌসেনাই। দহ বছৰৰ পাছত নৌসেনা কিমান শক্তিশালী হ’ব, তাৰো চলিছে পৰিকল্পনা। ২০৩৫ চনৰ ভিতৰত ২০০ ৰো অধিক যুদ্ধ জাহাজ আৰু ছাবমেৰিন নিজৰ সৈতে ৰখাৰ লক্ষ্য ভাৰতীয় নৌসেনাৰ। ইয়াৰ দ্বাৰা চীন আৰু পাকিস্তানৰ ক্ৰমবৰ্ধমান সামুদ্ৰিক প্ৰত্যাহ্বানৰ সৈতে সহজেই মোকাবিলা কৰিব পৰা যাব বুলি ধাৰণা কৰিছে নৌসেনাৰ বিষয়াসকলে।
বৰ্তমান ঘৰুৱা কাৰখানাত চলি আছেভাৰতীয় নৌসেনাৰ ৫৫খন সৰু-বৰ যুদ্ধ জাহাজ নিৰ্মাণৰ কাম। যাৰ বাবে খৰচ হ’ব প্ৰায় ৯৯,৫০০ কোটি টকা। তাৰ উপৰিও আন ৭৪ খন যুদ্ধ জাহাজ আৰু সামগ্ৰী, যাত্ৰী কঢ়িওৱা জাহাজ নিৰ্মাণৰ বাবে দিয়া হৈছে অনুমোদন। যাৰ ব্যয় হ’ব প্ৰায় ২.৩৫ লাখ কোটি টকা। লগতে আন কেইবাটাও পৰিকল্পনা হাতত লোৱা হৈছে।
কি পৰিকল্পনা আছে-
- ৯ খন নতুন ডিজেল-ইলেক্ট্ৰিক ছাবমেৰিন
- ৭ খন ষ্টীল্থ ফ্ৰিগেট
- ৮ খন এণ্টি ছাবমেৰিন কৰ্ভেট
- ১২ খন Mine Countermeasure Vessel
- ৪ খন নতুন প্ৰজন্মৰ ডেষ্ট্ৰয়াৰ (১০,০০০ টন ক্ষমতা)। ইয়াৰ সংখ্যা ৮ খনলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
- দ্বিতীয়খন বিমানবাহী জাহাজ
বৰ্তমান নৌসেনাৰ হাতত আছে ১৪০খন যুদ্ধজাহাজ আৰু ১৭খন ছাবমেৰিন। ইয়াৰ উপৰিও আছে ২৫০ খনতকৈও অধিক বিমান আৰু হেলিকপ্টাৰ। পৰিকল্পনা অনুসৰি অহা দশকত এই সংখ্যা ২০০ৰো অধিক বৃদ্ধি কৰি জাহাজ আৰু ছাবমেৰিন ৩৫০খন কৰা হ’ব।
ইতিমধ্যে পাকিস্তানে আনিছে শ্বাৰ্ক ক্লাছৰ ছাবমেৰিন। ফলত তেওঁলোকৰ সাগৰীয় শক্তি কিছু বৃদ্ধি পাব। অৱশ্যে চীনৰ ছাবমেৰিনৰ মানদণ্ডক লৈ সদায় প্ৰশ্ন উত্থাপন হয়। তেওঁলোকৰ শ্বাৰ্ক ক্লাছৰ ছাবমেৰিনবোৰ আচলতে পুৰণি ছোভিয়েট যুগৰ কিলো ক্লাছৰ চীনা কপি। ভাৰত মহাসাগৰতো চীনৰ উপস্থিতি দ্ৰুতগতিত বৃদ্ধি পাইছে। এনে পৰিপ্ৰেক্ষিতত নৌসেনাক শক্তিশালী কৰাটো এতিয়া ভাৰতৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত শীৰ্ষ অগ্ৰাধিকাৰ হৈ পৰিছে।