TV9 ASSAM
১৭ ছেপ্টেম্বৰ, অৰ্থাৎ কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ বছৰ সম্পূৰ্ণ কৰিব। তেওঁৰ জন্মদিনত স্বাভাৱিকতেই সকলোৱে শুভেচ্ছাৰে উপচাই পেলাব।
এই বিশেষ উপলক্ষত তেওঁৰ কিছুমান ব্যক্তিগত দিশৰ ওপৰত আলোচিত হোৱাটো স্বাভাৱিক। গতিকে এই দিনটোৰ প্ৰাকক্ষণত তেওঁৰ প্ৰিয় ছবিখনৰ বিষয়েও জানিব পাৰি।
ক্ৰমাগত তিনিটা কাৰ্যকাল দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছে প্ৰধানমন্ত্ৰী মোদী। প্ৰশাসনিক পৰিচালনাৰ সমান্তৰালকৈ তেওঁ মনোৰঞ্জনৰ জগতখনৰ প্ৰতিও আগ্ৰহী।
প্ৰধানমন্ত্ৰী মোদীয়ে এসময়ত জম্মু-কাশ্মীৰ, লাডাখ আৰু ছিকিমৰ শিশুৰ সৈতে মত বিনিময় কৰিছিল। ইয়াৰ মাজতে তেওঁ নিজৰ প্ৰিয় ছবিখনৰ বিষয়ে উল্লেখ কৰিছিল।
এই মত বিনিময়ৰ সময়ত শিশুসকলে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ প্ৰিয় চিনেমাৰ বিষয়ে এটা প্ৰশ্ন কৰে। শিশুৰ এই প্ৰশ্নৰ পিছতে তেওঁ এক ধেমেলীয়া উত্তৰ দিছিল।
প্ৰধানমন্ত্ৰী মোদীয়ে শিশুসকলৰ এই প্ৰশ্নৰ উত্তৰত প্ৰকাশ কৰিছিল যে দেৱ আনন্দৰ ছবি ‘গাইড’ তেওঁৰ সৰ্বকালৰ প্ৰিয় চিনেমা।
কেৱল এয়াই নহয়, ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ গানৰ প্ৰতি থকা আকৰ্ষণৰ বিষয়েও সকলোৰে সৈতে শ্বেয়াৰ কৰিছিল।
পঢ়িবলৈ ক্লিক কৰক
পুৱা দেৰিলৈকে শুলে হ’ব পাৰে এনে সমস্যা