16 Sept 2025
TV9 ASSAM
বৃক্ক শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ। কিন্তু আজিকালি যুৱক-যুৱতীসকলৰো বৃক্কৰ সমস্যা হোৱা দেখা যায়। কিছুমান কাৰণ আছে যিয়ে আজিৰ সময়ত বৃক্কৰ সমস্যা বৃদ্ধি কৰিছে।
বৃক্ক বিকল হোৱাৰ সবাতোকৈ ডাঙৰ কাৰণ খাদ্য বুলি ক'ব পাৰি। বেছিকৈ নিমখ, প্ৰচেচড ফুড, জাংক ফুড আদিৰ বাবে বৃক্ক বেয়া হ'ব পাৰে। বেছি তেল খোৱাও বৃক্কৰ বাবে বেয়া।
পানী কম খোৱাও বৃক্কৰ বাবে বেয়া। গতিকে প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। পানী কম খোৱাৰ ফলত বৃক্কত পাথৰ গঠন হ'ব পাৰে। ইয়াৰোপৰি ই বৃক্কৰ আন সমস্যা সৃষ্টি কৰিব পাৰে।
আজিকালি বহুতে জিম কৰে। তেনে অৱস্থাত তেওঁলোকে কেলছিয়াম, ভিটামিন ডি, প্ৰটিন আদিৰ ছাপ্লিমেন্ট খায়। এইবোৰ বেছিকৈ খোৱা বেয়া। ইয়ে বৃক্কৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।
বৃক্কৰ সমস্যা হ'লে প্ৰস্ৰাৱৰ ৰং সলনি, জলা-পোৰা, তেজ অহা, প্ৰস্ৰাৱত ফেন অহা, বাৰে বাৰে প্ৰস্ৰাৱ অহা আদি লক্ষণে দেখা দিয়ে। কিন্তু বহুতে ইয়াক সাধাৰণ বুলি আওকান কৰে।
বহুতে আজিকালি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ বিভিন্ন ধৰণৰ ঔষধ সেৱন কৰে। ইয়ে বৃক্কৰ সমস্যা সৃষ্টি কৰিব পাৰে। গতিকে বিশেষজ্ঞৰ পৰামৰ্শ মতে ঔষধ খাব লাগে।
বহুতে প্ৰস্ৰাৱ ধৰি ৰখা দেখা যায়। যুৱক-যুৱতীসকলে কামৰ হেঁচাত প্ৰায়ে এনে কৰা দেখা যায়। কিন্তু এই অভ্যাসে বৃক্কত বেয়া প্ৰভাৱ পেলাব পাৰে।
পঢ়িবলৈ ক্লিক কৰক