শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Sim Card Activation: ৯০ দিনৰ পিছত নিষ্ক্ৰিয় হ'ব পাৰে আপোনাৰ চিম কাৰ্ড ! ই কেনেকৈ সম্ভৱ ?

Sim Card Activation: ৯০ দিনৰ পিছত নিষ্ক্ৰিয় হ’ব পাৰে আপোনাৰ চিম কাৰ্ড ! ই কেনেকৈ সম্ভৱ ?

manas-borah
Manas Borah | Published: 16 Sep 2025 15:43 PM

যদি আপুনি একেৰাহে ৯০ দিন চিম ব্যৱহাৰ নকৰে, তেন্তে সেই চিম কাৰ্ডখন নিষ্ক্ৰিয় হৈ পৰে। এই নিয়ম কেৱল জিঅ’, এয়াৰটেল বা ভোডাফোনৰ লগতে নহয়, সকলো টেলিকম অপাৰেটৰৰ চিমতহে প্ৰযোজ্য।

কল্পনা কৰক, এজন বন্ধুক আপুনি ফোন কৰিছে আৰু তেওঁৰ সলনি আন কোনো এজন অচিনাক্ত লোকে ফোনটো ৰিচিভ কৰিছে। অথবা আপোনাৰ কোনো আত্মীয়ক ফোন কৰি জানিলে যে, সেই নম্বৰটো এতিয়া তেওঁৰ লগত নাই। তেতিয়া আপোনাৰ কেনে অনুভৱ হ’ব? আপুনি পূৰ্বে ব্যৱহাৰ কৰা নম্বৰটো আন এজন লোকৰ হাতলৈ যাব পাৰে। ই কেনেকৈ সম্ভৱ? এই সন্দৰ্ভত কিছুমান নিয়ম আছে। আপোনাৰ প্ৰয়োজনীয় যোগাযোগৰ নম্বৰটো সক্ৰিয়া বা আন কোনো লোকৰ হাতলৈ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ কিছুমান কথা গুৰুত্ব দিব লাগিব।

যদি আপুনি একেৰাহে ৯০ দিন চিম ব্যৱহাৰ নকৰে, তেন্তে সেই চিম কাৰ্ডখন নিষ্ক্ৰিয় হৈ পৰে। এই নিয়ম কেৱল জিঅ’, এয়াৰটেল বা ভোডাফোনৰ লগতে নহয়, সকলো টেলিকম অপাৰেটৰৰ চিমতহে প্ৰযোজ্য। আৰু যদি কোনো ফোন নম্বৰ বহুদিন সক্ৰিয় নহয়, তেন্তে টেলিকম সেৱা প্ৰদানকাৰীয়ে সেই চিমটো আন কাৰোবাক বিক্ৰী কৰে।