শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শেষ কৰিব লাগিব বৰবিহ ! দেশৰ যুৱ প্ৰজন্মক ৰক্ষাৰ বাবে অমিত শ্বাহৰ আহ্বান…

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ভাৰতত চলি থকা তিনি ধৰণৰ ড্ৰাগছ কাৰ্টেল কথা উল্লেখ কৰে। সেই কেইটা হৈছে-এণ্ট্ৰি পইণ্ট, সৰবৰাহৰ নেটৱৰ্ক আৰু স্থানীয় খুচুৰা ব্যৱসায়। তেওঁ ANTFৰ  মুৰব্বীসকলক এই নেটৱৰ্কসমূহৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

শেষ কৰিব লাগিব বৰবিহ ! দেশৰ যুৱ প্ৰজন্মক ৰক্ষাৰ বাবে অমিত শ্বাহৰ আহ্বান…
অমিত শ্বাহ
manas-borah
Manas Borah | Updated On: 16 Sep 2025 15:33 PM

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে ড্ৰাগছ কাৰ্টেলৰ ওপৰত শক্তিশালী অভিযান চলোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। একে সময়তে ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰৰ পৰ্যায়ত উপনীত হ’বলৈ ভাৰতৰ যুৱক-যুৱতীসকলক সুৰক্ষা দিয়াৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ANTF ৰ দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলনত শ্বাহে ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাৰ কৌশলৰ ৰূপৰেখা দাঙি ধৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ভাৰতত চলি থকা তিনি ধৰণৰ ড্ৰাগছ কাৰ্টেল কথা উল্লেখ কৰে। সেই কেইটা হৈছে-এণ্ট্ৰি পইণ্ট, সৰবৰাহৰ নেটৱৰ্ক আৰু স্থানীয় খুচুৰা ব্যৱসায়। তেওঁ ANTFৰ  মুৰব্বীসকলক এই নেটৱৰ্কসমূহৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

“তিনি প্ৰকাৰৰ কাৰ্টেল, এটা হৈছে দেশৰ সকলো প্ৰৱেশ পইণ্টতে কাম কৰা কাৰ্টেল, দ্বিতীয়টো হ’ল এণ্ট্ৰি পইণ্টৰ পৰা ৰাজ্যসমূহলৈ সৰবৰাহৰ কাৰ্টেল আৰু তৃতীয়টো হ’ল ৰাজ্যসমূহত স্থানীয়ভাৱে ড্ৰাগছ বিক্ৰী কৰা কাৰ্টেল। এই তিনিবিধ কাৰ্টেলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সময় আহি পৰিছে। মই বিশ্বাস কৰোঁ যে, ইয়াত বহি থকা লোকসকলে ইয়াক এখন যুঁজ হিচাপে সিদ্ধান্ত ল’ব লাগিব।” এইদৰে কয় গৃহমন্ত্ৰীগৰাকীয়ে।

শ্বাহে আৰু জোৰ দি কয় যে, ২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পূৰ্ণ উন্নত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে নৱপ্ৰজন্মক ড্ৰাগছৰ পৰা ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ।

তেওঁ কয়, “প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনত এখন মহান ভাৰত গঢ়াৰ ধাৰণা দাঙি ধৰিছিল। সম্পূৰ্ণ বিকশিত হ’ব পৰা ভাৰত। যদি আমি এনে এখন ভাৰত গঢ়িব লগা হয়, তেন্তে আমাৰ নৱ প্ৰজন্মক ড্ৰাগছৰ পৰা ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। দুৰ্ভাগ্যজনকভাৱে সমগ্ৰ বিশ্বতে য’ৰ পৰা ড্ৰাগছ যোগান ধৰা হয়, সেই দুয়োটা ক্ষেত্ৰ আমাৰ অতি ওচৰত… গতিকে ইয়াৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজ দিয়াৰ সময় এইটোৱেই।”

ইয়াৰ উপৰিও শ্বাহে অন্য দেশৰৰ পৰা চলাই থকা ড্ৰাগছ সৰবৰাহকাৰীক দেশান্তৰী কৰাৰ বাবে চিবিআইৰ সৈতে শক্তিশালী সহযোগিতাৰ আহ্বান জনায় আৰু ব্যৱহাৰিক দেশান্তৰী ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ ঘোষণা কৰে যে, গৃহ মন্ত্ৰালয়ে শীঘ্ৰে দেশান্তৰী প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (SOP) জাৰি কৰিব। তেওঁ কয়, “পলাতকক দেশান্তৰী আৰু প্ৰত্যাৰ্পণ দুয়োটা অত্যন্ত গুৰুত্বপূৰ্ণ। বিদেশৰ পৰা ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িতসকলক আমাৰ আইনৰ পৰিসৰৰ ভিতৰলৈ অনাৰ সময় আহি পৰিছে। মই সকলো ANTF ৰ মুৰব্বীক চিবিআইৰ সঞ্চালকৰ সৈতে যোগাযোগ কৰি প্ৰত্যাৰ্পণ(extradition)ৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছো।”