শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ডিব্ৰুগড়ৰ কোটোহাত শ শ বিঘা খেতি পথাৰত চৰহা পোকৰ উপদ্ৰৱ

ডিব্ৰুগড়ৰ কোটোহাত শ শ বিঘা খেতি পথাৰত চৰহা পোকৰ উপদ্ৰৱ

trishna-kalita
Trishna Kalita | Published: 16 Sep 2025 12:35 PM

ডিব্ৰুগড় জিলাৰ খোৱাং কোটোহাৰ আলিয়াচুকত শ শ বিঘা কৃষি ভূমিত এতিয়া চৰহা পোকৰ তাণ্ডৱ । ক'লা ৰঙৰ চৰহা পোক বিধে খাই তহিলং কৰিছে শ শ বিঘা সেউজীয়া পথাৰ ।

ইফালে যদি বৰষুণৰ অভাৱ আনফালে চৰহা পোকৰ উপদ্ৰৱে চিন্তাত পেলাইছে কৃষকক। ডিব্ৰুগড় জিলাৰ খোৱাং কোটোহাৰ আলিয়াচুকত শ শ বিঘা কৃষি ভূমিত এতিয়া চৰহা পোকৰ তাণ্ডৱ । ক’লা ৰঙৰ চৰহা পোক বিধে খাই তহিলং কৰিছে শ শ বিঘা সেউজীয়া পথাৰ । আপোন পথাৰ ডৰা সেউজীয়া হ’বলৈ ধৰা সময়তে এই চৰহা পোক বিধে ৰোৱা সমূহ অনিষ্ট কৰি পেলোৱাত এতিয়া মূৰে-কপালে হাত দিব লগা হৈছে কৃষকসকলে ।

কোনো কোনো কৃষকে নিজা প্ৰচেষ্টাৰে পথাৰত ঔষধ প্ৰয়োগ কৰিছে যদিও সফল হোৱা নাই । বহু কৃষকে ভগৱানৰ ওপৰতে ভৰষা কৰি চাই ৰৈছে পথাৰখনলৈ । ইফালে ডিব্ৰুগড় জিলা কৃষি বিষয়াসহ এটা দল আলিয়াচুকত উপস্থিত হৈ কৃষকক পোক মৰা ঔষধ বিতৰণ কৰিছে যদিও স্পে মেচিনৰ অভাৱত কৃষকে পথাৰত প্ৰয়োগ কৰিব পৰা নাই ।