‘এক্স’ত সৰ্বাধিক ফ’ল’ৱাৰ্ছ থকা নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীঃ মাস্কে জনালে শুভেচ্ছা
এক্সত ১০ কোটিতকৈ অধিক ফ’ল’ৱাৰ্ছ থকা প্ৰধানমন্ত্ৰী মোদীৰ ইউটিউবত ২.৫ কোটি চাবস্ক্ৰাইবাৰ আৰু ইনষ্টাগ্ৰামত ৯ কোটি ১০ লাখৰো অধিক অনুগামী আছে। এইদৰে দেশৰ ৰাজনৈতিক নেতাসকলতকৈ সামাজিক মাধ্যমত মোদী বহু আগবাঢ়ি আছে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা সম্প্ৰতি সমগ্ৰ বিশ্বত যথেষ্ট বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিজকে শক্তিশালী নেতা ৰূপে প্ৰতিষ্ঠিত কৰাৰ বাবে চেষ্টা চলাই আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে। কেৱল দেশতে নহয়, এতিয়া বিশ্বৰ আন আন প্ৰান্ততো মোদীৰ অনুৰাগীৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী মোদীৰ এই জনপ্ৰিয়তাৰ প্ৰভাৱ সামাজিক মাধ্যমতো পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত মোদীৰ আছ যথেষ্ট অনুৰাগী। পূৰ্বে টুইটাৰ হিচাপে পৰিচিত এতিয়াৰ ‘এক্স’ত মোদীৰ এই জনপ্ৰিয়তা অভূতপূৰ্ব ৰূপত দেখিবলৈ পোৱা গৈছে।
এক্সত সম্প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ ভিতৰত সৰ্বাধিক ফ’ল’ৱাৰ্ছ থকা নেতা হিচাপে পৰিগণিত হৈছে। সামাজিক মাধ্যম প্লেটফৰ্মটোৰ স্বত্বাধিকাৰী তথা টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এনে জনপ্ৰিয়তাৰ বাবে অভিনন্দন জনায়। ‘এক্স’ত এটা পোষ্ট যোগে মোদীক বিশ্বৰ সৰ্বাধিক ফ’ল’ৱাৰ্ছ থকা নেতা হিচাপে পৰিগণিত হোৱাৰ বাবে অভিনন্দন জনায় মাস্কে।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক্স একাউণ্টত ১০ কোটিৰো অধিক ফ’ল’ৱাৰ আছে। এক্সত ১০ কোটি ফ’ল’ৱাৰ লাভ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে এটা পোষ্টত এই মাধ্যমৰ জৰিয়তে আলোচনা, বিতৰ্ক, অন্তৰ্দৃষ্টি, জনসাধাৰণৰ আশীৰ্বাদ, গঠনমূলক সমালোচনা আৰু আন বহু দিনৰ অংশ হ’বলৈ পাই সুখী বুলি উল্লেখ কৰিছিল। ভৱিষ্যতেও মানুহৰ সৈতে এইদৰে সংযুক্ত হৈ থাকিবলৈ আগ্ৰহী বুলি লগতে উল্লেখ কৰিছিল মোদীয়ে।
প্ৰধানমন্ত্ৰী মোদীৰ পিছতে এক্সত বৃহৎ সংখ্যক অনুগামী থকা বিশ্বৰ আন আন নেতাসকলৰ ভিতৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন (৩.৮১ কোটি) আৰু তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোগান (২.১৫ কোটি) অন্যতম। এক্সৰ বাহিৰেও প্ৰধানমন্ত্ৰী মোদীৰ ইউটিউবত ২.৫ কোটি চাবস্ক্ৰাইবাৰ আৰু ইনষ্টাগ্ৰামত ৯ কোটি ১০ লাখৰো অধিক অনুগামী আছে।
ইফালে আন ভাৰতীয় ৰাজনীতিবিদসকলৰ তুলনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সামাজিক মাধ্যমৰ ফ’ল’ৱাৰ্ছৰ দিশত বহু আগবাঢ়ি আছে৷ তথ্য অনুসৰি বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ এক্সত ২ কোটি ৬৪ লাখ অনুগামী আছে। আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অনুগামী ২ কোটি ৭৫ লাখ, অখিলেখ যাদৱৰ অনুগামীৰ সংখ্যা ১ কোটি ৯৯ লাখ।
একেদৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এক্সত ফ’ল’ৱাৰ্ছ আছে ৭৪ লাখ। আনহাতে লালু প্ৰসাদ যাদৱৰ ৬৩ লাখ, তেজস্বী যাদৱৰ ৫২ লাখ আৰু এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ ২৯ লাখ ফ’ল’ৱাৰ্ছ আছে এক্সত।