Operation Sindoor: এয়া গৌৰৱৰ ক্ষণ- অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত কি ক’লে মোদীয়ে…

Operation Sindoor: অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ পাছত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে, এয়া ভাৰতীয়ৰ বাবে গৌৰৱৰ ক্ষণ।

Operation Sindoor: এয়া গৌৰৱৰ ক্ষণ- অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত কি কলে মোদীয়ে...

নৰেন্দ্ৰ মোদী

Updated On: 

07 May 2025 | 01:26 PM

নিশা ১.০৫ বজাত পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰাৰ পাছতে প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেন্দ্ৰীয় কেবিনেট বৈঠক সম্বোধন কৰি মোদীয় সেনাৰ প্ৰশংসা কৰাৰ লগতে মন্ত্ৰীসকলক এই আক্ৰমণৰ বিষয়ে অৱগত কৰে। মোদীয়ে কয় যে, ভাৰতীয় সেনাই প্ৰস্তুতি কৰা ধৰণে আৰু কোনো ভুল নোহোৱাকৈ এই অভিযান সফল কৰিছে। এয়া আমাৰ বাবে গৌৰৱৰ মুহূৰ্ত। ইয়াৰ লগতে মোদীয়ে ভাৰতীয় সেনা বাহিনীৰ প্ৰশংসা কৰে।

জানিব পৰা মতে, পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটি আক্ৰমণ কৰা সন্দৰ্ভত মোদীক কেবিনেট মন্ত্ৰীসকলে তেওঁৰ ওপৰত থকা বিশ্বাসৰ কথা কয়। লগতে কয় যে, সমগ্ৰ দেশ চৰকাৰৰ লগত আছে।  বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰাৰ পাছত ইয়াৰ বিষয়ে অধিক জানিব পৰা যাব।

৬-৭ মে’ৰ নিশা ভাৰতে পাকিস্তানৰ মাটিত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল। ভাৰতীয় সেনাই মুঠ ৯ টা স্থানত এই আক্ৰমণ চলাইছিল, য’ত ১০০ ৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি দাবী উত্থাপন হৈছে । এই ঘটনাৰ পাছতে সমগ্ৰ দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। পহলগাম সন্দৰ্ভত সেনাই লোৱা পদক্ষেপে গৌৰৱান্বিত কৰিছে প্ৰতি ভাৰতীয়ক।

উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। এই ঘটনাত ২৬ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছিল বহুতো। এই ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ আচৰতি দিশ এয়াই আছিল যে ইয়াত হিন্দু আৰু পুৰুষসকলক লক্ষ্য কৰি লোৱা হৈছিল। এক কথাত, ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ ওপৰত আছিল এই আক্ৰমণ। গতিকে ভাৰতীয় মহিলাৰ সেন্দূৰ মচিব বিচৰাসকলক উচিত প্ৰত্যুত্তৰ দিলে ভাৰতীয় সেনাই। আনকি অপাৰেশ্যন সেন্দূৰ নামেৰে এই অভিযানৰ নামাকৰন কৰি দেশৰ বিৰুদ্ধে সংঘটিত কৰা ঘটনাৰ প্ৰতিশোধ লয়।

ইয়াৰ পাছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে যদিও সামৰিক দিশত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ইয়াৰ পাছতে ৬-৭ মেৰ মাজনিশা ভাৰতে সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলায়। অৱশ্যে এই সময়ত ভাৰতীয় সেনাই কেৱল সন্ত্ৰাসবাদীৰ ঘাটি লক্ষ্য কৰি লৈছিল আৰু পাকিস্তানৰ সামৰিক দিশত আঘাত সনা নাছিল। এই ঘটনাক লৈ এতিয়া দুয়োখন দেশৰ মাজত উত্তেজনা তীব্ৰগতিত বৃদ্ধি পাইছে।

 

 

অন্য খবৰ পঢ়কঃ Operation Sindoor: মাত্ৰ ২৫ মিনিটত ভাৰতীয় সেনাই ধ্বংস কৰিছিল ৯ টা সন্ত্ৰাসবাদী শিবিৰ, জানক সকলো…

বৃক্কৰ সংক্ৰমণ হ'লে শৰীৰত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
স্তনৰ আকাৰ, স্তন ৰঙা পৰা... ভুলতো এই লক্ষণসমূহ আওকাণ নকৰিব!
Kiss কৰি দূৰ কৰক অৱসাদ! বিশেষজ্ঞৰ পৰা জানক উপকাৰৰ বিষয়ে...
দুপৰীয়া ভাত খোৱাৰ পিছত টোপনি কিয় লাগে? কাৰণ জানক...
গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...
বকো-ছয়গাঁৱত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ...
বিমান দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ
SR ত অভিযোগ দিয়াটো জাতীয় দায়িত্ব -মুখ্যমন্ত্ৰী