শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Operation Sindoor: ভাৰতৰ বিমান আক্ৰমণত নিঃশেষ জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰৰ গোটেই পৰিয়াল

ভাৰতীয় সেনাই নিশা প্ৰায় ১.৩০ বজাত ভাৰতীয় সীমান্তৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বাহাবলপুৰৰ মাছুদ আজাহাৰৰ ঘৰত আক্ৰমণ চলায় । এই আক্ৰমণত মাছুদৰ আত্মগোপন স্থানত বোমা নিক্ষেপ কৰা হয়, য’ত তেওঁৰ সমগ্ৰ পৰিয়াল শুই আছিল । প্ৰতিবেদনত কোৱা হৈছে যে বোমাটো নিক্ষেপৰ লগে লগে পৰিয়ালটোৰ ১৪ জন সদস্যৰ মৃত্যু হয় ।

Operation Sindoor: ভাৰতৰ বিমান আক্ৰমণত নিঃশেষ জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰৰ গোটেই পৰিয়াল
মাছুদ আজাহাৰ (File Photo)
raj-saikia
Raj Saikia | Updated On: 07 May 2025 12:37 PM

ভাৰতৰ এয়াৰ ষ্ট্ৰাইকত নিঃশেষ হৈ গৈছে সন্ত্ৰাসবাদী মাছুদ আজাহাৰৰ সমগ্ৰ পৰিয়াল । পাকিস্তানী সংবাদ মাধ্যমৰ মতে, বুধবাৰে পুৱতি নিশা ভাৰতীয় বায়ুসেনাই জয়ছ-ই-মহম্মদৰ মুখ্য সন্ত্ৰাসবাদী মৌলানা মাছুদ আজাহাৰৰ ঘৰত আক্ৰমণ কৰে । এই আক্ৰমণত পৰিয়ালটোৰ ১৪টা সন্ত্ৰাসবাদী নিহত হয় । অৱশ্যে মাছুদ আজাহাৰে মাত্ৰ ১০ জনৰ মৃত্যুৰ কথা স্বীকাৰ কৰিছে ।

প্ৰতিবেদন অনুসৰি ভাৰতীয় সেনাই নিশা প্ৰায় ১.৩০ বজাত ভাৰতীয় সীমান্তৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বাহাবলপুৰৰ মাছুদ আজাহাৰৰ ঘৰত আক্ৰমণ চলায় । এই আক্ৰমণত মাছুদৰ আত্মগোপন স্থানত বোমা নিক্ষেপ কৰা হয়, য’ত তেওঁৰ সমগ্ৰ পৰিয়াল শুই আছিল । প্ৰতিবেদনত কোৱা হৈছে যে বোমাটো নিক্ষেপৰ লগে লগে পৰিয়ালটোৰ ১৪ জন সদস্যৰ মৃত্যু হয় । অৱশ্যে আক্ৰমণৰ সময়ত ঘৰত উপস্থিত নাছিল মাছুদ আজাহাৰ ।

পাকিস্তানী সংবাদ মাধ্যমৰ মতে, আক্ৰমণৰ সময়ত মাছুদ আজাহাৰৰ জ্যেষ্ঠ ভগ্নী, মৌলানা কাছাফৰ সমগ্ৰ পৰিয়াল, মুফতি আব্দুল ৰাউফৰ নাতি, জ্যেষ্ঠ কন্যা শ্বহীদ বাজী সাদিয়া, তেওঁৰ স্বামী আৰু চাৰিটা সন্তানৰ সৈতে ঘৰটোত শুই আছিল । এই আক্ৰমণত ১৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কিছু লোক আহত হৈছে । এই আক্ৰমণৰ পিছত মাছুদ আজাহাৰে নিজৰ বিবৃতি প্ৰকাশ কৰিছে । মাছুদে কয় যে পৰিয়ালৰ ১০ জন লোকৰ মৃত্যু এতিয়ালৈকে নিশ্চিত হৈছে ।

মাছুদৰ মতে, এই ষ্ট্ৰাইকত ৫টা শিশু নিহত হৈছে । একাংশ মহিলাৰো মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । ইয়াৰ উপৰিও এই আক্ৰমণত মাছুদৰ ভায়েকৰো মৃত্যু হৈছিল ।

জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰ
মাছুদ আজাহাৰ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ মুৰব্বী । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা মাছুদে আত্মগোপন কৰি আছে । ভাৰতৰ হিট লিষ্টত অন্তৰ্ভুক্ত হৈছে মাছুদ । ভাৰত চৰকাৰে কয় যে মাছুদে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিবলৈ পাকিস্তানৰ নিৰ্দেশ অনুসৰি কাম কৰে । সামৰিক আক্ৰমণত ভাৰতে ধ্বংস কৰিছে মাছুদৰ ৪টা আত্মগোপন স্থান । ১৯৮৩ চনত মাছুদ আজহাৰক সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছিল ।