Operation Sindhu: ভাৰতৰ ‘অপাৰেশ্যন সিন্ধু’ আৰম্ভ, যুদ্ধবিধ্বস্ত ইৰানৰ পৰা উভতিল ১১০ গৰাকীকৈ শিক্ষাৰ্থী
ইৰাণ-ইজৰাইল সংঘাতৰ বাবে মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা যুদ্ধ পৰিস্থিতিৰ মাজতে আৰম্ভ কৰা হৈছে এই অভিযান। এই অভিযানৰ জৰিয়তে ইৰাণত আবদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰি দেশলৈ ঘূৰাই অনা হ'ব। প্ৰথম পৰ্যায়ত ১১০ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীক দিল্লীলৈ উভতাই অনা হৈছে।

অপাৰেশ্যন সিন্ধু
মধ্যপ্ৰাচ্যৰ যুদ্ধই এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইয়াৰ মাজতে ভাৰত চৰকাৰে চলাইছে আন এক নতুন অভিযান। এইবাৰ ভাৰতে আৰম্ভ কৰিছে ‘অপাৰেশ্যন সিন্ধু’। ইৰাণ-ইজৰাইল সংঘাতৰ বাবে মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা যুদ্ধ পৰিস্থিতিৰ মাজতে আৰম্ভ কৰা হৈছে এই অভিযান। এই অভিযানৰ জৰিয়তে ইৰাণত আবদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰি দেশলৈ ঘূৰাই অনা হ’ব। প্ৰথম পৰ্যায়ত ১১০ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীক দিল্লীলৈ উভতাই অনা হৈছে।
ইৰাণ-ইজৰাইল সংঘাতৰ পিছত তাত আৱদ্ধ ভাৰতীয়সকলক লৈ উদ্বেগ বৃদ্ধি পাইছে। ইফালে বহি থকা নাই ভাৰত চৰকাৰো। যুদ্ধ সংঘটিত দুই দেশত থকা ভাৰতীয়ক উদ্ধাৰৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও ইৰাণৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল। পিছত ইৰাণ চৰকাৰে সীমান্তৰ মাজেৰে উদ্ধাৰ অভিযানত সন্মতি দিয়াৰ লগে লগে অপাৰেশ্যন সিন্ধু আৰম্ভ হয়। তাৰ পিছতে বুধবাৰে ইৰাণৰ পৰা আৰ্মেনিয়া হৈ ডোহালৈ অনা হয় ১১০ জন ভাৰতীয়ক। তাৰ পৰা আজি পুৱা বিমানযোগে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় তেওঁলোক।
জানিব পৰা মতে উদ্ধাৰ হোৱা ১১০ জন ভাৰতীয়ৰ ভিতৰত ৯০ গৰাকী জম্মু-কাশ্মীৰৰ। আটাইকেইজনেই ইৰাণৰ উৰমিয়া মেডিকেল ইউনিভাৰ্চিটিত চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰি আছিল। ভাৰত চৰকাৰে ৯০ জন কাশ্মীৰী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ বিমানেৰে শ্ৰীনগৰলৈ যোৱাৰ ব্যৱস্থা কৰিছে।
#WATCH | Flight carrying 110 Indian Nationals evacuated from Iran, lands in Delhi.
Ghazal, a student evacuated from Iran, says, “We are all very happy that we returned home and the Indian Embassy evacuated us properly. We are very thankful to them… The situation in Urmia,… pic.twitter.com/vGA8txEWa2
— ANI (@ANI) June 19, 2025
সূত্ৰ অনুসৰি ইৰাণত ১৩ হাজাৰৰো অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰী আছে। ইয়াৰে অধিকাংশই চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি আছে। ইয়াৰে অধিকাংশ ছাত্ৰ-ছাত্ৰী জম্মু-কাশ্মীৰৰ। ইৰাণ-ইজৰাইল সংঘাত আৰম্ভ হোৱাৰ পিছত ইয়াৰ বাবেই কাশ্মীৰত সাব্যস্ত কৰা হয় প্ৰতিবাদ। তাৰ পিছতে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক উদ্ধাৰৰ কাম আৰম্ভ কৰাৰ বাবে জম্মু-কাশ্মীৰ ছাত্ৰ সন্থাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক ধন্যবাদ জ্ঞাপন কৰে।
ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ উপৰিও ইৰাণত আবদ্ধ হৈ আছে কেইবাজনো তীৰ্থযাত্ৰী। পৰ্যায়ক্ৰমে তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে তেহৰাণত জৰুৰীকালীন হেল্পলাইন আৰম্ভ কৰা হৈছে। ইৰাণত আবদ্ধ ভাৰতীয়সকলক দূতাবাসৰ সৈতে যোগাযোগ ৰাখিবলৈ কোৱা হৈছে।