শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জুবিন গাৰ্গৰ বিয়োগত স্তব্ধ ৰাজ্য, অনুৰাগীয়ে ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া

জুবিন গাৰ্গৰ বিয়োগত স্তব্ধ ৰাজ্য, অনুৰাগীয়ে ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া

trishna-kalita
Trishna Kalita | Published: 21 Sep 2025 16:31 PM

আজি (২১ ছেপ্টেম্বৰ) ওৰে নিশা সৰুসজাইত অনুৰাগীয়ে শেষ শ্ৰদ্ধা জনাব পাৰিব মৰমৰ জুবিন গাৰ্গ। আজি ৯ বজাৰ পৰা সৰুসজাইত জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ কথা আছিল যদিও সেয়া হৈ নুঠিল।

আৰু, কেতিয়াও উভতি নাহে জুবিন… কান্দোনত ভাগি পৰিছে হাজাৰ হাজাৰ জুবিন অনুৰাগী। অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় অজস্ৰ গুণমুগ্ধৰ। গুৱাহাটী বিমান বন্দৰৰ পৰা কাহিলীপাৰাৰ বাসগৃহ অভিমুখে  অনা হয় জুবিন গাৰ্গক। সেই সময়তে পথৰ দুয়োকাষে সৃষ্টি হৈছে জনসমুদ্ৰৰ। এবাৰ জুবিন গাৰ্গক চাবলৈ পাৰ ভাঙি ওলাই আহিছে শত-সহস্ৰ অনুৰাগী। একাঁজলি শ্ৰদ্ধা জনাবলৈ। কাহিলীপাৰাৰ পৰা জুবিন গাৰ্গক লৈ যোৱা হয় সৰুসজাইলৈ।

আজি (২১ ছেপ্টেম্বৰ) ওৰে নিশা সৰুসজাইত অনুৰাগীয়ে শেষ শ্ৰদ্ধা জনাব পাৰিব মৰমৰ জুবিন গাৰ্গ। আজি ৯ বজাৰ পৰা সৰুসজাইত জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ কথা আছিল যদিও সেয়া হৈ নুঠিল। কাহিলীপাৰাত জুবিনৰ পিতৃ, আত্মীয়-স্বজনে তেওঁক শ্ৰদ্ধাঞ্জলি জনাই আৰু তাৰ পাছতে তেওঁৰ নশ্বৰ দেহ সৰুসজালৈ লৈ যোৱা হ’ব। আজি ওৰে নিশা আৰু কাইলৈ জুবিনৰ নশ্বৰ দেহ সৰুসজাইত ৰখা হ’ব।