শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰথমে প্ৰলোভন দি মাতিলে কোঠালৈ, তাৰ পিছত নাবালিকাৰ সৈতে জঘন্য কাণ্ড…

তেজেৰে লুতুৰি-পুতুৰি হৈ ঘৰলৈ উভতি আহে ছোৱালীজনী। তেওঁ নিজৰ লগত হোৱা ঘটনাৰ কথা পৰিয়ালৰ আগত অৱগত কৰে। পিছত পৰিয়ালটোৱে আৰক্ষীক খবৰ দিয়ে।দলবদ্ধ ধৰ্ষণৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে এটা দল গঠন কৰি দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

প্ৰথমে প্ৰলোভন দি মাতিলে কোঠালৈ, তাৰ পিছত নাবালিকাৰ সৈতে জঘন্য কাণ্ড…
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Published: 21 Sep 2025 15:40 PM

বিহাৰৰ মুজাফ্ফৰপুৰত এগৰাকী নিৰীহ নাবালিকাৰ সৈতে ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। মুজফ্ফৰপুৰৰ সদৰ থানা এলেকাৰ এখন গাঁৱৰ বাসিন্দা এগৰাকী ১০ বছৰীয়া নাবালিকাক প্ৰলোভিত কৰি দলবদ্ধ ধৰ্ষণ কৰে। ঘটনাৰ পিছতে সদৰ থানাত দুজন লোকৰ নাম উল্লেখ কৰি এফআইআৰ দাখিল কৰে ভুক্তভোগীৰ মাতৃয়ে।

এফআইআৰত শকৰা থানা এলেকাৰ বাসিন্দা আফতাব আৰু বৈশালী জিলাৰ পাটেপুৰ অঞ্চলৰ বাসিন্দা শিৱনাথক অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োজন অভিযুক্তক। অভিযুক্তই ভুক্তভোগীৰ ঘৰৰ কাষতে থকা ভাড়াঘৰত থাকি পঢ়া-শুনা কৰিছিল। নিৰীহ ছোৱালীজনীক প্ৰলোভিত কৰি নিজৰ কোঠালৈ মাতি নি দলবদ্ধ ধৰ্ষণ কৰে দুই পাষণ্ডই।

ইয়াৰ পিছতে তেজেৰে লুতুৰি-পুতুৰি হৈ ঘৰলৈ উভতি আহে ছোৱালীজনী। তেওঁ নিজৰ লগত হোৱা ঘটনাৰ কথা পৰিয়ালৰ আগত অৱগত কৰে। পিছত পৰিয়ালটোৱে আৰক্ষীক খবৰ দিয়ে।দলবদ্ধ ধৰ্ষণৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে এটা দল গঠন কৰি দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। চিকিৎসা পৰীক্ষা আদালতত দাখিল কৰাৰ পিছত অধিক ব্যৱস্থা গ্ৰহণ কৰা হয়।

আবেদনত ভুক্তভোগীৰ মাতৃয়ে উল্লেখ কৰিছে যে অভিযুক্তই কন্যাক প্ৰলোভিত কৰি লগত লৈ গৈছিল। ইয়াৰ পিছতে অভিযুক্ত দুজনে এজন এজনকৈ ধৰ্ষণ কৰে। যেতিয়া ছোৱালীজনী বহুসময়লৈ ঘৰলৈ উভতি অহা নাছিল তেতিয়া পৰিয়ালটো চিন্তিত হৈ পৰিল। ইয়াৰ পিছতে অভিযুক্তই তেওঁক ঘৰলৈ থৈ যায়।