সম্পূৰ্ণ নিষিদ্ধ গুটখা, পান মছলা ! খোৱা দেখিল ধৰিব এইবাৰ…

নিষিদ্ধ কৰাৰ পাছতো উপলব্ধ হয় কেনেকৈ ? ধঁপাতজাতীয় সামগ্ৰী কেন্সাৰ বাহক বুলি জনাৰ পাছতো বজাৰৰ চুকে-কোণে উপলব্ধ ধঁপাতজাতীয় সামগ্ৰী।

সম্পূৰ্ণ নিষিদ্ধ গুটখা, পান মছলা ! খোৱা দেখিল ধৰিব এইবাৰ...
Published: 

23 Jan 2026 | 11:06 PM

দেশৰ আন এখন ৰাজ্যই গুটখা, পান মছলা, জৰ্দা, খৈনী আদি সকলো ধঁপাতজাতীয় সামগ্ৰী নিষিদ্ধ কৰিছে। কিন্তু নিষিদ্ধ কৰাৰ পাছতো উপলব্ধ হয় কেনেকৈ ? ধঁপাতজাতীয় সামগ্ৰী কেন্সাৰ বাহক বুলি জনাৰ পাছতো বজাৰৰ চুকে-কোণে উপলব্ধ ধঁপাতজাতীয় সামগ্ৰী। সেয়েহে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ওড়িশা চৰকাৰে। জনস্বাস্থ্য সুৰক্ষিত কৰাৰ স্বাৰ্থত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সমগ্ৰ ৰাজ্যতে ধঁপাতজাতীয় সামগ্ৰী নিষিদ্ধ কৰিছে ওড়িশা চৰকাৰে। কোৱা হৈছে যে, ধঁপাতজাতীয় সামগ্ৰীৰ উৎপাদন বা বিক্ৰী নিষিদ্ধ কৰা হৈছে।

জনস্বাস্থ্যৰ কথা মনত ৰাখি ওড়িশাত ধঁপাতজাতীয় সামগ্ৰী নিষিদ্ধ কৰা হৈছে। ৰাজ্যৰ নাগৰিকসকলক এই নিয়ম মানি চলিবলৈ কোৱা হৈছে। ওড়িশাক ধঁপাতমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনোৱা হৈছে। এই সন্দৰ্ভত ওড়িশাৰ স্বাস্থ্যমন্ত্ৰী মুকেশ মহালিঙে কয় যে, “শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে যে, ওড়িশাৰ মানুহে ৰাষ্ট্ৰীয় গড়তকৈ দুগুণ বেছি ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰে। ইয়াৰ বাবেই মুখ আৰু মুখৰ কৰ্কট ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।”

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যত ধঁপাত সেৱন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ বাবে বিশেষ দল গঠন কৰা হ’ব। ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰা দেখা পালে ধৰিব। পিছত কঠোৰ শাস্তিৰ বিধানো প্ৰৱৰ্তন কৰিব পাৰে বুলি স্পষ্ট কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

প্ৰসংগক্ৰমে সমগ্ৰ দেশতে গুটখা, পান মছলাৰ দৰে ধঁপাতজাতীয় সামগ্ৰী নিষিদ্ধ। ৰাজহুৱা স্থানত ধূমপান কৰাটোও সমগ্ৰ দেশতে নিষিদ্ধ, কিন্তু কাৰ্যতঃ এই নিয়ম ক’তো মানি চলা নহয়। অৱশ্যে এইবাৰ ৰাজ্য চৰকাৰে ওড়িশাক ধঁপাতমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ কঠোৰ স্থিতি গ্ৰহণ কৰিব।

গুপ্তাংগৰ অত্যন্ত গোন্ধ ওলাই নেকি… এয়া কি ৰোগৰ লক্ষণ?
ডাকঘৰৰ এই আঁচনিসমূহে দিব আপোনাক যথেষ্ঠ লাভ, জানক ক'ত কেনেকৈ কৰিব জমা
শীতকালত পেটৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ খাওক এইবোৰ খাদ্য...
এই অভ্যাস ত্যাগ কৰক, কেনেধৰণৰ খাদ্যই কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে ? জানক
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...