শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰধানমন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী, জেললৈ যাব লাগিব দুৰ্নীতিগ্ৰস্তঃ গয়াত স্পষ্ট বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত ১৩ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰে। ইয়াৰ লগতে তেওঁ দুখন ৰে’লৰ ফ্লেগ অফ কৰে। এই উন্নয়নমূলক অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে গয়াৰ ঐতিহ্য আৰু সংস্কৃতিক স্মৰণ কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ বিৰোধীকো তীব্ৰ আক্ৰমণ চলায়।

প্ৰধানমন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী, জেললৈ যাব লাগিব দুৰ্নীতিগ্ৰস্তঃ গয়াত স্পষ্ট বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ
গয়াত প্ৰধানমন্ত্ৰী মোদীImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 22 Aug 2025 14:48 PM

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা বুধবাৰে লোকসভাত সংবিধান (১৩০ সংশোধনী) বিধেয়ক উত্থাপন কৰে। বিধেয়কখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে এক নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে সাজু হৈছে। এই নতুন বিধেয়খনৰ মতে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকল যদি কোনো গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ হয় আৰু ৩০ দিনৰ বাবে জিম্মাত থাকে, তেতিয়া তেওঁলোকক অপসাৰণ কৰিব পৰা যাব। ইফালে এই বিধায়কৰ তীব্ৰ বিৰোধ কৰিছে বিৰোধী দলসমূহে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই বিধেয়ক উত্থাপন কৰাৰ পিছতে বিৰোধীয়ে সংসদতে এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। সংবিধান (১৩০ সংশোধনী) বিধেয়কক সংবিধান আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিৰোধী বুলি অভিহিত কৰি তীব্ৰ বিৰোধ কৰে বিৰোধীয়ে। পিছে বিৰোধীৰ এই প্ৰতিবাদৰ পিছতো এই বিধেয়ক আইনত পৰিণত কৰাত বদ্ধপৰিকৰ কেন্দ্ৰীয় চৰকাৰ।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত ১৩ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰে। ইয়াৰ লগতে তেওঁ দুখন ৰে’লৰ ফ্লেগ অফ কৰে। এই উন্নয়নমূলক অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে গয়াৰ ঐতিহ্য আৰু সংস্কৃতিক স্মৰণ কৰে ইয়াৰ সমান্তৰালকৈ তেওঁ নিজ ভাষণত বিৰোধীকো তীব্ৰ আক্ৰমণ চলায়।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত ১৩ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰে। ইয়াৰ লগতে তেওঁ দুখন ৰে’লৰ ফ্লেগ অফ কৰে। এই উন্নয়নমূলক অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে গয়াৰ ঐতিহ্য আৰু সংস্কৃতিক স্মৰণ কৰে ইয়াৰ সমান্তৰালকৈ তেওঁ বিৰোধীকো তীব্ৰ আক্ৰমণ চলায়।

গয়া মোক্ষ আৰু জ্ঞানৰ ভূমি বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই পবিত্ৰ ভূমিতে ভগৱান বুদ্ধই জ্ঞান লাভ কৰিছিল বুলিও লগতে কয়।বিহাৰ চন্দ্ৰগুপ্ত মৌৰ্য আৰু চাণক্যৰ ভূমি। এই ভূমিত লোৱা প্ৰতিটো সংকল্প কেতিয়াও অসাৰ হৈ যোৱা নাই।”- এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ লগতে নিজৰ শেহতীয়া বিহাৰ ভ্ৰমণত কৰা মন্তব্যৰ বিষয়েও দোহাৰে

যেতিয়া কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, যেতিয়া আমাৰ নিৰীহ নাগৰিকক তেওঁলোকৰ ধৰ্ম সোধাৰ পিছত হত্যা কৰা হৈছিল, তেতিয়া মই এই বিহাৰৰ ভূমিৰ পৰাই কৈছিলো যে সন্ত্ৰাসবাদী নিঃশেষ হ’ব। আজি বিশ্বই দেখিছে যে বিহাৰৰ ভূমিৰ পৰা যি সংকল্প লোৱা হৈছিল, সেয়া পূৰণ হৈছে।”তেওঁ লগতে কয়

নিজ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে নতুন বিধেয়ক সন্দৰ্ভতো উল্লেখ কৰে। তেওঁ কয়, “এখন আইন প্ৰণয়ন কৰা হ আৰ মুখ্যমন্ত্ৰীপ্ৰধানমন্ত্ৰী সকলো এই আইনৰ আওতালৈ আহিব। যদি ৩০ দিনৰ ভিতৰত জামিন মঞ্জুৰ নহয়, তেতিয়া ৩১ দিনত তেওঁ চকী এৰিব লাগিব। কাৰাগাৰত থাকি চৰকাৰ চলোৱাৰ অধিকাৰ নাই।

এতিয়া দুৰ্নীতিগ্ৰস্ত লোকসকল কাৰাগাৰলৈ যাব, লগতে তেওঁৰ আসনো যাব’- এইদৰে স্পষ্ট বাৰ্তা দিয়ে প্ৰধানমন্তী মোদীয়ে। উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বিধেয়কখন উত্থাপন কৰাৰ পিছতে সংসদত উত্তপ্তময় পৰিস্থিতিৰ সৃষ্টি হয় বিৰোধীৰ প্ৰতিবাদৰ মাজতে ইতিমধ্যে এই বিধেয়কখন সংসদৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰা হৈছে