TV9 ASSAM
এছিয়া কাপ ২০২৫ৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল। এই দলত স্থান লাভ কৰা নাই কে এল ৰাহুল আৰু মহম্মদ চিৰাজে।
ইংলেণ্ডৰ বিপক্ষে টেষ্ট শৃংখলাত ভাৰতৰ সমতা স্থাপনত এই দুইগৰাকী খেলুৱৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
অ’পেনাৰ হিচাপে দায়িত্ব পালন কৰি অভিজ্ঞ বেটাৰ কে এল ৰাহুলে ধাৰাবাহিকতা প্ৰদৰ্শন কৰি ৫০০ৰো অধিক ৰান সংগ্ৰহ কৰে।
একে সময়তে তাৰকা বেগী বলাৰ মহম্মদ চিৰাজে সমগ্ৰ শৃংখলাটোত প্ৰশংসনীয় প্ৰদৰ্শনেৰে সৰ্বাধিক ২৩টা উইকেট দখল কৰে।
এই শৃংখলা অন্ত পৰাৰ পিছত দুয়ো সম্প্ৰতি বিৰতি লৈছে যদিও এতিয়া তেওঁলোক হয়তো খেলপথাৰলৈ উভতি আহিব লাগিব।
অহা ২৮ আগষ্টৰ পৰা ঘৰুৱা ছিজনৰ প্ৰথমখন টুৰ্ণামেণ্ট দুলীপ ট্ৰফী আৰম্ভ হ’ব। প্ৰতিযোগিতাত ৬টা ভিন্ন মণ্ডলৰ দলে অংশগ্ৰহণ কৰে।
আন মণ্ডলৰ দলসমূহে গিল, জয়ছৱাল, শ্বাৰ্দুল, ছামিৰ দৰে খেলুৱৈক বাছনি কৰিছে যদিও দক্ষিণ মণ্ডলে বহুকেইজন তাৰকাক বাছনি কৰা নাই৷
ইয়াৰ পিছতে বিচিচিআইয়ে দক্ষিণ মণ্ডলকে ধৰি সকলোলৈ এখন পত্ৰ লিখি টেষ্ট দলৰ খেলুৱৈসকলক বাছনি কৰিবলৈ নিৰ্দেশনা দিয়ে।
যদি এনে হয় তেতিয়া ৰাহুল, চিৰাজৰ লগতে ছাই সুদৰ্শন আৰু ৱাশ্বিংটন সুন্দৰেও হয়তো এই প্ৰতিযোগিতাখনত খেলিব লাগিব।
পঢ়িবলৈ ক্লিক কৰক
শুভমন গিলে লাভ কৰিব ৪০ কোটি টকা!