অস্ত্ৰোপচাৰৰ পাছত কেনে আছে শ্বাহৰুখ খান? নিজেই জনালে…
কেনে আছে বাদশ্বাহ শ্বাহৰুখ খান? কিছুদিন পূৰ্বে শ্বুটিংস্থলীত আঘাতপ্ৰাপ্ত হৈছিল তেওঁ। ইয়াৰ পাছতে শেহতীয়াকৈ পুত্ৰ সৈতে তেওঁ নেটফ্লিক্সৰ মঞ্চত দেখিবলৈ পোৱা যায়।
শেহতীয়াকৈ সামাজিক মাধ্যমত বিশেষ চৰ্চাত আছে শ্বাহৰুখ খান আৰু তেওঁৰ পুত্ৰ আৰিয়ন খান। শ্বাহৰুখে তেওঁৰ পুত্ৰৰ প্ৰথম প্ৰজেক্টৰ প্ৰচাৰ কৰে। নেটফ্লিক্সৰ মঞ্চত একেলগে দেখা গল দুয়োকে। বহুতে কৈছে দুয়ো দেখিবলৈ প্ৰায় একেই। ইয়াৰ পাছতে এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে পিতা-পুত্ৰৰ যুটি।
এই সময়চোৱাত শ্বাহৰুখ খানৰ হাতখন আঘাতপ্ৰাপ্ত অৱস্থাত দেখা যায়। কিছুদিন পূৰ্বে শ্বুটিংস্থলীত আঘাতপ্ৰাপ্ত হৈছিল তেওঁ। কোৱা হৈছিল, শ্বাহৰুখক চিকিৎসাৰ বাবে বিদেশলৈ লৈ যোৱা হৈছে। তাৰ পাছত বিশেষ একো তথ্য প্ৰদান কৰা নাছিল যদিও নেটফ্লিক্সৰ মঞ্চত দেখা যায় তেওঁ।
এই সময়চোৱাত শ্বাহৰুখে বিভিন্ন দিশৰ লগতে নিজৰ স্বাস্থ্যৰ কথা জনায়। তেওঁ কয় যে, শেহতীয়াকৈ এটা ডাঙৰ অস্ত্ৰোপচাৰ হৈ গৈছে। ভাল হ’বলৈ সময় লাগিব।