Mukhyamantri Mahila Udyamita Abhiyan: চৰকাৰে মহিলাসকলক দিব ২৫ হাজাৰ টকা, এই ধনৰাশি পাবলৈ কৰিব লাগিব এই কাম ! মুখ্যমন্ত্ৰীৰ ঘোষণা…
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যাসকললৈ চেক প্রদানৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত কেইবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

নলবাৰীত আয়োজিত এক বিশাল জনসভাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি শুকুৰবাৰে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যাসকললৈ চেক প্রদানৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। উল্লেখ্য যে, বিগত ১ এপ্রিলত বিহালী সমষ্টিত অনুষ্ঠিত কার্যসূচীত মুখ্যমন্ত্রীয়ে এই অভিযানৰ প্ৰথম পৰ্যায়ৰ আৰম্ভণি কৰিছিল। শুকুৰবাৰে শুভাৰম্ভ হোৱা দ্বিতীয় পর্যায়ত নলবাৰী সমষ্টিৰ গ্ৰামাঞ্চলৰ ৩১,১৭৯ গৰাকী আৰু নলবাৰী পৌৰসভাৰ অধীনস্থ এলেকাৰ ২,৭৩০ গৰাকী হিতাধিকাৰী সামৰি সৰ্বমুঠ ৩৩,৯০৯ গৰাকী আত্মসহায়ক গোটৰ সদস্যালৈ আনুষ্ঠানিকভাৱে ১০ হাজাৰ টকা উদ্যমিতা পুঁজি আগবঢ়োৱা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ১৩ গৰাকী মহিলালৈ চেক প্রদান কৰি আনুষ্ঠানিকভাৱে সমগ্র কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
পি এম শ্রী ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয় কৰে যে আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলক অর্থনৈতিকভারে সবল কৰাৰ উদ্দ্যেশ্যে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ শুভাৰম্ভ কৰিছে। তেওঁ কয় যে, ৰাজ্যৰ চহৰ আৰু গ্ৰামাঞ্চলত ৪ লাখ আত্মসহায়ক গোট আছে আৰু প্রায় ৪০ লাখ মহিলা এই গোটসমূহৰ সৈতে জড়িত। এইসকল মহিলাক উদ্যমী হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰে ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত তেওঁলোকক ১০ হাজাৰ টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। ইয়াৰ বাবদ ৰাজ্য চৰকাৰৰ ৩,০৩৮ কোটি টকা ব্যয় হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে, আত্মসহায়ক গোটৰ সদস্যাসকলে এই ধনৰাশিৰে কি ধৰণৰ ব্যৱসায়িক কাম-কাজ চলাই আছে সেই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এবছৰ পিছত এটা সমীক্ষা চলোৱা হ’ব। এই পুঁজিৰ সদ্ব্যৱহাৰ কৰা মহিলাসকলক পৰৱৰ্তী পৰ্যায়ত ২৫ হাজাৰ টকা প্রদান কৰা হ’ব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, এই ২৫ হাজাৰ টকাৰ ভিতৰত ১৫ হাজাৰ টকা ৰাজ্য চৰকাৰে আৰু ১০ হাজাৰ টকা বেংকৰ জৰিয়তে প্ৰদান কৰা হ’ব।
সেই পুঁজিৰো যদি উপযুক্ত ব্যৱহাৰ হয় তেন্তে পৰৱৰ্তী সময়ত বেংকৰ জৰিয়তে ৫০ হাজাৰ টকাকৈ মহিলাসকলক ঋণ প্ৰদানৰ পৰিকল্পনা কৰা হৈছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, ৰাজ্য চৰকাৰে ইয়াৰ সুদ পৰিশোধ কৰাৰ লগতে ধনৰাশিৰ ২৫ শতাংশ ৰাজসাহায্য হিচাপে প্রদান কৰিব।
আজিৰ এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্রামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, কৃষি আদি বিভাগৰ মন্ত্ৰী তথা নলবাৰী জিলাৰ অভিভাৱক মন্ত্রী অতুল বৰা, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া আৰু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।