শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২২ লাখ ভোটাৰৰ মৃত্যু, ৭লাখ দুগুণ কিয়? নিৰ্বাচন আয়োগক প্ৰশ্ন সৰ্বোচ্চ ন্যায়ালয়ৰ…

ভোটাৰৰ তালিকা সন্দৰ্ভত উচ্চতম ন্যায়ালত শুনানি। ন্যায়ালয়ে নিৰ্বাচন আয়োগক প্ৰশ্ন কৰি ভোটাৰ দুগুণ কেনেকৈ হ'ল তাৰ ওপৰত প্ৰশ্ন কৰে।

২২ লাখ ভোটাৰৰ মৃত্যু, ৭লাখ দুগুণ কিয়? নিৰ্বাচন আয়োগক প্ৰশ্ন সৰ্বোচ্চ ন্যায়ালয়ৰ…
ন্যায়ালয়Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 22 Aug 2025 14:46 PM

বিগত সময়চোৱাত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিহাৰত চলি থকা নিৰ্বাচন আয়োগৰ বিশেষ নিবিড় পুনৰীক্ষণ অভিযান (SIR) সন্দৰ্ভত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। শুনানিৰ সময়তে নিৰ্বাচন আয়োগে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ক কয় যে, ২২ লাখ ভোটাৰৰ মৃত্যু হৈছে আৰু ৭ লাখ দুগুণ আছে। ইয়াৰ পাছতে ন্যায়ালয়ে কয় যে, আমি এয়া মানি ল’লো যে ২২ লাখ ভোটাৰৰ মৃত্যু হৈছে। কিন্তু দুগুণ কিয়? উত্তৰত নিৰ্বাচন আয়োগে কয় যে, ডাবল EPCI হ’বলৈ নিদিয়া আয়োগৰ এক কৰ্তব্য আৰু যিসকলে বিহাৰৰ বাহিৰতো EPCI ৰাখে তেওঁলোকক আঁতৰাব লাগে।

ন্যায়ালয়ে নিৰ্দেশত কয় যে, নিৰ্বাচন আয়োগে আমৰ নিৰ্দেশ মানি চলিছে। তেওঁলোকে শপতনামাও দাখিল কৰিছে। নিৰ্দেশ দি ন্যায়ালয়ে কয় যে, ৰাজনৈতিক দলৰ বি এল এ (BLA)ৰ দ্বাৰা আপত্তি আৰু দাবীসমূহ ৰুজু কৰিব লাগে। ১২ টা ৰাজনৈতিক দলৰ ১.৬ লাখ বি এল এ আছে। গতিকে বি এল এয়ে বাকী দহ দিনত দহটাকৈ ১৬ লাখ আপত্তি আৰু দাবী দাখিল কৰিব পাৰিব।নতুন ভোটাৰ সংযোজন কৰা হৈছে। ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে নিৰ্ধাৰিত তাৰিখৰ ভিতৰত আপত্তি আৰু দাবীৰ তথ্য নিৰ্বাচন আয়োগক প্ৰদান কৰিব লাগে।

আবেদনকাৰীৰ অধিবক্তা বৃন্দা গ্ৰ’ভাৰে কয় যে এই সমস্যা ৬৫ লাখ লোকৰ। ন্যায়াধীশ সূৰ্যকান্তই কয় যে ৰাজনৈতিক দলসমূহৰ নিষ্ক্ৰিয়তাক লৈ আমি আচৰিত হৈছো। BLA নিযুক্তি দিয়াৰ পাছত তেওঁলোকে কি কৰি আছে ? জনতা আৰু স্থানীয় ৰাজনৈতিক মাজত কিয় ইমান দূৰত্ব? সহযোগিতাৰ নামত ৰাজনৈতিক দলসমূহ কেৱল মৌন? আগলৈ কিয় অহা নাই? ইয়াৰ ওপৰত ষ্টেটাছ ৰিপোৰ্ট দাখিল কৰক। ইয়াৰ বিপৰীতে নিৰ্বাচন আয়োগে কয় যে, এডিআৰৰ উপৰি কোনো ৰাজনৈতিক দল আগবাঢ়ি অহা নাই আৰু এই অভিযোগৰ কোনো ভিত্তি নাই।

উচ্চতম ন্যায়ালয়ে কয় যে, SIR এক ডাঙৰ প্ৰক্ৰিয়া। এনে ক্ষেত্ৰত ৰাজনৈতিক দলসমূহে সহযোগ নকৰাত আচৰিত হৈছে। সঁচা জানিবলৈ স্থানীয় লোকৰ বিএলএ সৰ্বোত্তম বিকল্প।  ন্যায়ালয়ে বিহাৰৰ চিইঅক ৰাজনৈতিক দলৰ অধ্যক্ষ আৰু মহাসচিবক জাননী জাৰি কৰি ষ্টেটাচ ৰিপোৰ্ট দাখিল কৰিবলৈ কয়।

ন্যায়ালয়ক আয়োগে কয় যে, ৰাজনৈতিক দলসমূহৰ ১.৬০ লাখ বিএলএ (BLA) আছে। যদি প্ৰত্যোক বি এল এ প্ৰতিদিনে ১০ জন মানুহক লগ কৰে তেন্তে ১৬ লাখ লোকক চুব পাৰিব। আয়োগৰ অধিবক্তাই কয় যে,, এয়া ব্যক্তিগত ভোটাৰৰ দায়িত্ব কি তেওঁলোকে ঠিকনা সলনি বা পৰিয়ালৰ কাৰোবাৰ মৃত্যু হ’লে তাৰ তথ্য দিয়া। আয়োগে কয়, ERO ই সঠিক তদন্ত অবিহনে কাৰো নাম মচি পেলাব নোৱাৰে আৰু ইয়াৰ পিছত মানুহে ডি এম-চি ই অ’ৰ ওচৰত আবেদন কৰাৰ অধিকাৰ আছে। ২৫ ছেপ্টেম্বৰৰ ভিতৰত এয়া আবেদন দিব পাৰিব।

 

অন্য খবৰ পঢ়কঃ কিয় সন্ত্ৰাসবাদীসকল মুছলমান হয়ঃ ৰাষ্ট্ৰসংঘত পাকিস্তান, ভাৰতকো কৰিলে টাৰ্গেট…