বৃক্কৰ সমস্যা হ'লে দেখা দিয়ে এই ৭টা সংকেত...

22 AUG 2025

TV9 ASSAM

বৃক্ক আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ই ফিল্টাৰৰ দৰে কাম কৰে। কিন্তু বিভিন্ন কাৰণত বৃক্ক বিকল হয়। যেতিয়া বৃক্কৰ কোনো সমস্যা হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে।

বৃক্ক

ডাঃ সুভাষ গিৰীয়ে কয় যে, বৃক্কৰ সমস্যা হ'লে বাৰে বাৰে প্ৰস্ৰাৱ আহিব পাৰে। ইয়াৰোপৰি প্ৰস্ৰাৱত ফেন, দুৰ্গন্ধি আদি হ'ব পাৰে।

প্ৰস্ৰাৱত সমস্যা

যেতিয়া কিডনীৰ সমস্যা হয় তেতিয়া শৰীৰত ফ্লুড আৰু নিমখ জমা হয়। তেতিয়া হাত-ভৰি ফুলিব পাৰে। ইয়াৰোপৰি চকুৰ তলখিনি ফুলিব পাৰে।

হাত-ভৰি, চকু

বৃক্ক সমস্যা হোৱাৰ ফলত উশাহ-নিশাহ লোৱাত সমস্যা হ'ব পাৰে। এই সমস্যা কেতিয়াবা কম আৰু কেতিয়াবা বেছি হ'ব পাৰে।

উশাহত সমস্যা

বৃক্কই হৰমন বনাই ৰা তেজৰ কোষ নিৰ্মাণ কৰাত সহায় কৰে। এনে অৱস্থাত প্ৰায়ে ভাগৰ আৰু দুৰ্বল অনুভৱ হ'ব পাৰে। কোনো কাম নকৰাকৈ দুৰ্বল বা ভাগৰ লাগিব পাৰে।

ভাগৰ,দুৰ্বল

যদি আপোনাৰ পেট বা ককালৰ কাষত বিষ হয় তেতিয়া ই বৃক্ক সমস্যাৰ লক্ষণ হ'ব পাৰে। কেতিয়াবা ই পাথৰৰো সংকেত হ'ব পাৰে। এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

বিষ

বৃক্কৰ সমস্যাৰ লক্ষণ ছালতো দেখা দিব ৰাৰে। ইয়াৰ ফলত ছাল শুকান, খজুৱতি, জলা-পোৰা আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে। যেতিয়া এই সমস্যা হয় তেতিয়া চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে।

খজুৱতি

পঢ়িবলৈ ক্লিক কৰক 

সূূৰ্য গ্ৰহণ বেটা এই ৰাশিৰ বাবে