শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বিমানৰ ইন্ধন হিচাপে ব্যৱহাৰ হ'ব ৰন্ধন তেল, ইণ্ডিয়ান অইলৰ বৃহৎ পদক্ষেপ!

বিমানৰ ইন্ধন হিচাপে ব্যৱহাৰ হ’ব ৰন্ধন তেল, ইণ্ডিয়ান অইলৰ বৃহৎ পদক্ষেপ!

Trishna Kalita
Trishna Kalita | Published: 21 Aug 2025 22:24 PM

দেশত পেট্ৰলিয়াম তেলৰ আমদানি হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লত ২০ শতাংশ পৰ্যন্ত ইথানল মিহলি কৰিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া নতুন দিল্লীয়ে একে পদ্ধতি ব্যৱহাৰ কৰি বিমান ইন্ধন হিচাপে ব্যৱহৃত তেল আমদানি হ্ৰাস কৰাৰ চেষ্টা কৰিছে।

ইণ্ডিয়ান অইলে এতিয়া ৰেষ্টুৰেণ্ট, হোটেলকে ধৰি দেশৰ বিভিন্ন স্থানৰ পৰা জ্বলি যোৱা ৰন্ধন তেল সংগ্ৰহ কৰিব। ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট, হোটেল বা ধাবাত গোটেই দিনটো ৰন্ধা-বঢ়া কৰাৰ পিছত বহু ব্যৱহৃত তেল ৰৈ যায়। এই তেল সংগ্ৰহ কৰি বহনক্ষম বিমান ইন্ধন বা অত্যাৱশ্যকীয় বিমান ইন্ধন প্ৰস্তুত কৰিব ইণ্ডিয়ান অইলে ।

উল্লেখ্য যে, দেশত পেট্ৰলিয়াম তেলৰ আমদানি হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লত ২০ শতাংশ পৰ্যন্ত ইথানল মিহলি কৰিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া নতুন দিল্লীয়ে একে পদ্ধতি ব্যৱহাৰ কৰি বিমান ইন্ধন হিচাপে ব্যৱহৃত তেল আমদানি হ্ৰাস কৰাৰ চেষ্টা কৰিছে। এই ধৰণৰ ইন্ধনৰ জৰিয়তে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্য হিচাপে লৈছে ইণ্ডিয়ান অইলে। জানিব পৰা মতে হাৰিয়ানাৰ পানীপট শোধনাগাৰত ব্যৱহৃত ৰন্ধন তেলৰ পৰা বহনক্ষম বিমান ইন্ধন উৎপাদন কৰিছে ইণ্ডিয়ান অইলে ।