হিন্দু কিশোৰীৰ সৈতে বন্ধুত্বই হ’ল কাল! একাংশই মৰিয়াই মৰিয়াই হত্যা কৰিলে চুলেমান ৰহিম খানক…
এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰিলে একাংশ লোকে। জানিব পৰা মতে চুলেমান নামৰ যুৱকজনে এগৰাকী কিশোৰীৰ লগত কেফেত বহি আছিল। তাৰ পাছতেই তেওঁক একাংশই মাৰপিট কৰি হত্যা কৰে।

দেশ যিমানেই আধুনিকতাৰ পিনে গতি কৰিছে সিমানেই যেন একাংশ মানুহ নীচ হৈ পৰিছে। শেহতীয়াকৈ মানৱতাক লজ্জিত কৰা পুনৰ এক জঘন্য কাণ্ড পোহৰলৈ আহিছে। গণ প্ৰহাৰত মৃত্যু হয় ২১ বছৰীয়া এজন যুৱকৰ। মৃত যুৱকজন চুলেমান ৰহিম খান পঠান বুলি চিনাক্ত হৈছে। জানিব পৰা মতে, এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল চুলেমানে। এই কথা একেবাৰেই পচন্দ কৰা নাছিল কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে। যাৰ ফলত এই ঘটনা সংঘটিত হয়।
পোহৰলৈ অহা তথ্য অনুসৰি, কিশোৰীগৰাকীৰ পৰিয়াল আৰু স্থানীয় একাংশ লোকে মিলি যুৱকজনক মাৰপিট কৰে। কিন্তু এই ঘটনাতেই চুলেমানৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৮ জনক। এই জঘন্য ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ জলগাঁৱত।
আৰক্ষীৰ মতে, সোমবাৰে পুৱা চুলেমান ৰহিম খান পাঠানে ছোটা বেতাৱাদ গাঁৱৰ পৰা ১৫ কিলোমিটাৰ দূৰত থকা জামনেৰলৈ গৈছিল। আৰক্ষীক নিযুক্তিৰ বাবে তেওঁ অনলাইন আবেদন কৰিবলৈ গৈছিল। সেইদিনা দুপৰীয়া প্ৰায় ৩.৩০ বজাত চুলেমানে এগৰাকী বান্ধৱীক লগ পায়। তাৰ পাছতে দুয়ো এখন কেফেলৈ যায় আৰু কথা পাতিবলৈ আৰম্ভ কৰে।
কিন্তু তেতিয়াই প্ৰায় ৮-১০ জন মানুহে সেইস্থানলৈ আহি যুৱকজনৰ মোবাইল কাঢ়ি লৈ যায়। আৰক্ষীৰ মতে, মোবাইলত এখন ফটো দেখাৰ পাছতে তেওঁলোকে চুলেমানক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে আৰু পাছত কেফেৰ বাহিৰলৈ টানি লৈ যায়।
পাছত চুলেমানক তেওঁৰ গাঁৱলৈ লৈ যায়। তাত তেওঁলোকে চুলেমানক ঘূৰাই আৰু মাৰপিট কৰে। এই কথা গম পাই ঘটনাস্থলীত চুলেমানৰ পিতৃ-মাতৃ, ভগ্নী উপস্থিত হয় যদিও তেওঁলোককো প্ৰহাৰ কৰে। ইফালে ৰাইজে চুলেমানক ইমানেই মাৰপিট কৰে যে তেওঁ অজ্ঞান হৈ পৰে। তাৰ পাছতে চুলেমানক ঘৰৰ সন্মুখত এৰি লোককেইজন সেই স্থানৰ পৰা গুচি যায়। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে চুলেমানক হাস্পাতালত ভৰ্তি কৰাই যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
চুলেমানৰ পিতৃয়ে কয় যে, ঘৰৰ একমাত্ৰ ল’ৰা সন্তান আছিল চুলেমান। তেওঁ আৰক্ষীৰ পৰীক্ষা দিয়াৰ বাবে প্ৰস্তুতি চলাই আছিল। কিন্তু তেওঁলোকৰ ঘৰৰ সন্মুখতে একাংশ মানুহে তেওঁক হত্যা কৰে। এই ঘটনাই পৰিয়ালটোক ভাগি পেলাইছে।
এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৮ জনক গ্ৰেপ্তাৰ কৰিছে। ১৮ আগষ্টলৈ আদালতে তেওঁলোকক আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰিছে। গ্ৰেপ্তাৰ হোৱা কেইজন ক্ৰমে- অভিষেক ৰাজকুমাৰ ৰাজপুত (২২), ঘনশ্যাম (২৫), দীপক বাজিৰাৱ (২০), ৰজত (৪৮)। ইয়াৰ লগতে গ্ৰেপ্তাৰ হয় আদিত্য দেবড়া, কৃষ্ণা কেলী, শেজৱাল তেলী,ঋষিকেশ তেলী আদি। এওঁলোকৰ বয়স প্ৰায় ২০ বছৰ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।
অন্য খবৰ পঢ়কঃ ৰাষ্ট্ৰপতি পদক ঘোষণাঃ পাৰ্থসাৰথি মহন্ত, সংযুক্তা পৰাশসহ ১৭গৰাকীলৈ বিশেষ সন্মান, চাওক সম্পূৰ্ণ তালিকা…