কংগ্ৰেছ নেতা শশী থাৰুৰক গুৰুত্বপূৰ্ণ দায়িত্ব মোদী চৰকাৰৰঃ আমেৰিকাত উদঙাব পাকিস্তানৰ স্বৰূপ…
সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে বিদেশত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া সংসদীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিবলগীয়া সাংসদসকলৰ নাম ঘোষণা কৰিছে। এই ক্ষেত্ৰত মোদী চৰকাৰে কংগ্ৰেছ নেতা শশী থাৰুৰক গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰিছে। মোদী চৰকাৰৰ সিদ্ধান্ত অনুসৰি থাৰুৰে এতিয়া আমেৰিকাত ভাৰতৰ পক্ষ দাঙি ধৰিব আৰু মিথ্যাচাৰ উদঙাই দিব।

শশী থাৰুৰক বিশেষ দায়িত্ব মোদী চৰকাৰৰ
সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে বিদেশত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া সংসদীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিবলগীয়া সাংসদসকলৰ নাম ঘোষণা কৰিছে। এই ক্ষেত্ৰত মোদী চৰকাৰে কংগ্ৰেছ নেতা শশী থাৰুৰক গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰিছে। মোদী চৰকাৰৰ সিদ্ধান্ত অনুসৰি থাৰুৰে এতিয়া আমেৰিকাত ভাৰতৰ পক্ষ দাঙি ধৰিব আৰু পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ তথা অপাৰেচন সেন্দূৰ সন্দৰ্ভত পাকিস্তানৰ মিথ্যাচাৰ উদঙাই দিব। থাৰুৰৰ লগতে এই প্ৰতিনিধিত দলটোত ৭ গৰাকী সাংসদৰ নাম ঘোষণা কৰিছে।
শশী থাৰুৰক আমেৰিকাৰ দায়িত্ব দিয়াৰ বিপৰীতে বিজয়ন্ত জয় পাণ্ডাক পূব ইউৰোপ, কানিমোজিক ৰাছিয়া, সঞ্জয় ঝাক দক্ষিণ-পূব এছিয়া, ৰবি শংকৰ প্ৰসাদক মধ্যপ্ৰাচ্য, সুপ্ৰিয়া চুলেক পশ্চিম এছিয়া আৰু শ্ৰীকান্ত সিন্দেক আফ্ৰিকান দেশৰ বাবে নিৰ্বাচিত কৰা হৈছে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ উপযুক্ত প্ৰত্যুত্তৰ দি ভাৰতীয় সেনাই অপাৰেচন সেন্দূৰৰ জৰিয়তে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰি এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে।
কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে সমগ্ৰ জনসাধাৰণৰ লগতে বিৰোধী দলসমূহৰ পৰাও সম্পূৰ্ণ সমৰ্থন লাভ কৰিছিল। নিজা ৰাজনৈতিক মতাদৰ্শগত পাৰ্থক্য আঁতৰাই নিৰাপত্তা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিটো দলেই এই সময়ছোৱাত একজোঁট হৈ থিয় দিয়া দেখা গ’ল। এতিয়া ভাৰতৰ এই ৰাজনৈতিক ঐক্য সমগ্ৰ বিশ্বতে দৃশ্যমান হ’ব। সূত্ৰ অনুসৰি চৰকাৰে সিদ্ধান্ত লৈছে যে অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ স্থিতি দাঙি ধৰিবলৈ ৮খন ভিন্ন দেশলৈ সাংসদৰ এটা প্ৰতিনিধি দল প্ৰেৰণ কৰা হ’ব।
সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত এই পৰিকল্পনা চূড়ান্ত কৰিছে। প্ৰথম পৰ্যায়ত ৮টা গোট গঠন কৰা হৈছে, প্ৰত্যেকেটো গোটেই বেলেগ বেলেগ দেশ ভ্ৰমণ কৰিব। এই গোটসমূহত সকলো দলৰ সাংসদক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ দ্বাৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ ঐক্যবদ্ধ যুঁজৰ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিব বিচৰা হৈছে। প্ৰতিটো প্ৰতিনিধি দলত প্ৰায় ডেৰ ডজন সাংসদ থাকিব।
পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদী সংগঠনসমূহে ভাৰতৰ সাৰ্বভৌমত্বক কিদৰে আক্ৰমণ কৰিছে আৰু তাৰ প্ৰতি সঁহাৰি জনাই ভাৰতে সংযম আৰু সংকল্পৰে কিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আন্তঃৰাষ্ট্ৰীয় মঞ্চত সেয়া স্পষ্ট কৰি দিব এই সাংসদসকলে। ২২ মে’ৰ পিছত সাংসদৰ প্ৰতিনিধি দলটোৱে বিদেশ ভ্ৰমণ আৰম্ভ কৰিব। সূত্ৰ অনুসৰি বিদেশলৈ যোৱা প্ৰতিনিধি দলটোত প্ৰায় ৪৩/৪৫ জন সাংসদৰ নাম অন্তৰ্ভুক্ত কৰা হ’ব।
এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি এই সাংসদসকল হৈছে-
প্ৰেম চান্দ গুপ্তা, আৰজেডি
সঞ্জয় ঝা, জেডিইউ
ৰবি শংকৰ প্ৰসাদ, বিজেপি
বিজয়ন্ত জয় পাণ্ডা, বিজেপি
অনুৰাগ ঠাকুৰ, বিজেপি
ব্রিজ লাল, বিজেপি
তেজস্বী সূৰ্য, বিজেপি
অপৰাজিতা সাৰংগী, বিজেপি
ৰাজীৱ প্ৰতাপ ৰুডী, বিজেপি
ডি পুৰন্দেশ্বৰী, বিজেপি
শ্ৰীকান্ত সিন্দে, শিৱসেনাৰ সিন্দে গোট
সুপ্ৰিয়া চুলে, এন চি পি (শাৰদ পাৱাৰ)
সস্মিত পাত্ৰ, বিজেডি
সমীক ভট্টাচাৰ্য, বিজেপি
মনীষ তিৱাৰী, কংগ্ৰেছ
শশী থাৰুৰ, কংগ্ৰেছ
অমৰ সিং, কংগ্ৰেছ
প্ৰিয়ংকা চতুৰ্বেদী, শিৱসেনা উদ্ধৱ গোট
জন বিটছ, চিপিআই এম
আছাদুদ্দিন ওৱাইছি- AIMIM