মিজোৰামত ৬১ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ, অসমৰ দুই যুৱকক আটক
মিজোৰামত ৬১ কোটিৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ খবৰ লাভ কৰা গৈছে। দুটা বৃহৎ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰে মিজোৰাম আৰক্ষীয়ে।
নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ ঘাটিলৈ পৰিণত হৈছে উত্তৰ-পূব। অসমত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ সময়তে চুবুৰীয়া ৰাজ্য মিজোৰামত ৬১ কোটিৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ খবৰ লাভ কৰা গৈছে। দুটা বৃহৎ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰে মিজোৰাম আৰক্ষীয়ে। ইয়াৰ লগতে তিনিজন লোকক আটক কৰিছে আৰক্ষীয়ে।
খবৰ অনুসৰি, এটা অভিযানত গুৱাহাটী পঞ্জীয়ন AS 01 EZ 5797 নম্বৰ এখন বাহন মণিপুৰৰ পৰা আইজল অভিমুখে গৈ থকা অৱস্থাত আটক কৰে চাইতুৱেল আৰক্ষীয়ে। বাহনখনৰ পৰা ৮৯টা চাবোনৰ কেচত লুকুৱাই ৰখা ১.১২ কিলোগ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে। লগতে বাহনখনৰ চালক ২৮ বছৰীয়া জামিনলা টৌথাঙক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
Huge seizures of contraband items.
1). On 20 November 2025 (Thursday), at approximately 10:30 PM, a team of CID (Special Branch) successfully recovered and seized 49.244 kilograms of suspected Methamphetamine tablets (commonly known as YABA), valued at approximately ₹39.39 pic.twitter.com/5uvYvmYQSg— Mizoram Police (@mizorampolice) November 21, 2025
জব্দ কৰাৰ হেৰ’ইনখিনিৰ মূল্য ২,২৫,২০,০০০ টকা হ’ব বুলি উল্লেখ কৰিছে মিজোৰাম আৰক্ষীয়ে। এই সন্দৰ্ভত চাইতুৱেল আৰক্ষী থানা কেছ নং ৯২/২০২৫ ত এন ডি এণ্ড পি এছ ২১(C), ২৫ আৰু ২৯ নং ধাৰাত গোচৰ পঞ্জীয়ন কৰে।
ইফালে, বৃহস্পতিবাৰে নিশা প্ৰায় ১০:৩০ বজাত বিশেষ শাখাৰ CID ৰ এটা দলে আইজলৰ জেমাবাক প্ৰেয়াৰ গ্ৰাউণ্ড, বেৰাৱলুইৰ সমীপত এখন ১২ চকীয়া টাটা ট্ৰাকৰ পৰা ৪৯.২৪৪ কিলোগ্ৰাম সন্দেহযুক্ত য়াবা টেবলেট উদ্ধাৰ কৰে। গুৱাহাটী পঞ্জীয়ন AS 01 C 7586 নম্বৰৰ ট্ৰাকখনে বহিঃৰাজ্য পৰা নিচাজাতীয় সামগ্ৰী কঢ়িয়াই অনা বুলি জানিব পৰা গৈছে। জব্দ কৰা য়াবা টেবলেটৰ মূল্য ৩৯.৩৯ কোটি টকা বুলি অনুমান কৰা হৈছে।
জব্দ কৰাৰ পিছত আইজলৰ বিশেষ নিচাযুক্ত দ্ৰব্য থানাত NDPS আইন, ১৯৮৫ৰ ২২(C), ২৫ আৰু ২৭ নং ধাৰা আৰোপ কৰি ৩৭/২০২৫ নম্বৰত গোচৰ ৰুজু কৰা হয়। অসমৰ হাইলাকান্দি জিলাৰ দুই বাসিন্দা আটাবৰ ৰহমান মজুমদাৰ (৪৫) আৰু আব্দুৰ ৰহমান চৌধুৰী (২৯)ক এই গোচৰৰ সৈতে জড়িত থকা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।