চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ সৈতে খুন্দা ব’ল ব’ম যাত্ৰীভৰ্তি বাছৰ, প্ৰাণ হেৰুৱালে কেইবাজনেও
আজি পুৱা এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ব’ল ব’ম তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ। যাত্ৰীবাহী বাছখনে এখন ট্ৰাকৰ সৈতে মুখামুখিকৈ খুন্দা মৰাৰ ফলত কেইবাজনো ব’ল ব’ম যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

ঝাৰখণ্ডত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। আজি পুৱা ৰাজ্যখনৰ দেওঘৰ জিলাত দুৰ্ঘটনাত পতিত হয় ব’ল ব’ম তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ। যাত্ৰীবাহী বাছখনে এখন ট্ৰাকৰ সৈতে মুখামুখিকৈ খুন্দা মৰাৰ ফলত কেইবাজনো ব’ল ব’ম যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় মোহনপুৰ আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত যমুনিয়া বনাঞ্চলৰ সমীপত পুৱা প্ৰায় ৪.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
ইফালে বিজেপি সাংসদ নিশিকান্ত ডুবেই এক্সত এক পোষ্ট যোগে এই দুৰ্ঘটনাৰ বিষয়ে প্ৰকাশ কৰিছে। এই শোকাৱহ দুৰ্ঘটনাত ১৮ জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে বুলি জানিবলৈ দিছে বিজেপি সাংসদগৰাকীয়ে। দেওঘৰৰ এই হৃদয় বিদাৰক ঘটনাক লৈ শোক প্ৰকাশ কৰে নিশিকান্ত ডুবেই।
পোষ্টটোত তেওঁ লিখিছে, “মোৰ লোকসভা সমষ্টিৰ দেওঘৰত শাওন মাহত কানৱাৰ যাত্ৰাৰ সময়ত বাছ আৰু ট্ৰাক দুৰ্ঘটনাত ১৮ গৰাকী ভক্তৰ মৃত্যু হৈছে। এই শোক সহ্য কৰিব পৰাকৈ বাবা বৈদ্যনাথে তেওঁলোকৰ পৰিয়ালক শক্তি প্ৰদান কৰক।“
मेरे लोकसभा के देवघर में श्रावण मास में कांवर यात्रा के दौरान बस और ट्रक के दुर्घटनाग्रस्त होने के कारण 18 श्रद्धालुओं की मौत हो गई है । बाबा बैद्यनाथ जी उनके परिजनों को दुख सहने की शक्ति प्रदान करें
— Dr Nishikant Dubey (@nishikant_dubey) July 29, 2025
স্থানীয় আৰক্ষী মহাপৰিদৰ্শক শৈলেন্দ্ৰ কুমাৰ সিনহাই এই দুৰ্ঘটনা সন্দৰ্ভত সদৰী কৰা মতে, দেওঘৰৰ মোহনপুৰ থানাৰ জামুনিয়া বনাঞ্চলৰ সমীপত গেছ চিলিণ্ডাৰ কঢ়িয়াই নিয়া এখন ট্ৰাকৰ সৈতে বাছখনৰ সংঘৰ্ষ হয়।
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনেও এই শোকাৱহ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। এক্স যোগে তেওঁ এই দুৰ্ঘটনাৰ বিষয়ে সদৰী কৰে। জিলা প্ৰশাসনে আহতসকলৰ বাবে চিকিৎসাৰ সুবিধাৰ লগতে সাহায্য আৰু উদ্ধাৰ অভিযানৰ তাৎক্ষণিক ব্যৱস্থা কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰে।
“দুৰ্ঘটনাত মৃত্যু হোৱা ভক্তসকলৰ আত্মাক বাবা বৈদ্যনাথে শান্তি প্ৰদান কৰক আৰু শোকসন্তপ্ত পৰিয়ালসমূহক এই দুখৰ সময় সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক।”- এইদৰে পোষ্টটোত কয় মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে।