শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ULPGM-V3: মেঘনাদৰ দৰেই লুকাই লুকাই যুদ্ধ কৰিব ভাৰতৰ এই অমোঘ অস্ত্ৰই

ULPGM-V3: মেঘনাদৰ দৰেই লুকাই লুকাই যুদ্ধ কৰিব ভাৰতৰ এই অমোঘ অস্ত্ৰই

Raj Saikia
Raj Saikia | Edited By: Manas Borah | Updated On: 28 Jul 2025 22:31 PM

ULPGM-V3 ভাৰতৰ মিছাইল পৰিয়ালৰ নৱজাত সদস্য। ইয়াৰ ওজন প্ৰায় ১২.৫ কিলোগ্ৰাম। ইয়াৰ ওজন কম হোৱাৰ বাবে ইয়াক সহজেই ড্ৰ’নত কঢ়িয়াব পাৰি। দিনত ৪ কিলোমিটাৰ আৰু নিশা ২.৫ কিলোমিটাৰ পৰ্যন্ত লক্ষ্যত আঘাত কৰিব পাৰে এই ক্ষেপণাস্ত্ৰই।

ভাৰতত যাদুকৰী শক্তি, এতিয়া নিৰ্দিষ্ট লক্ষ্যত ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰিবলৈ যুদ্ধ বিমান উৰুৱাব নালাগে। সৰু সৰু কিছুমান চাকি উৰুৱাই নিখুঁতভাৱে ধ্বংস কৰিব পাৰ যাব শত্ৰুৰ ক্ষেপণাস্ত্ৰ। এই চাকি হৈছে মানৱবিহীন ড্ৰ’ন। এই ড্ৰ’নে ক্ষেপণাস্ত্ৰ কঢ়িয়াই আকাশত উৰিব আৰু এটা নিৰ্দিষ্ট ঠাইৰ পৰা লক্ষ্যত লক অন কৰি আঘাত হানিব পাৰে। শুকুৰবাৰে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন বা DRDO’ই পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজাত ড্ৰ’ন বৰ্ণ মিছাইলৰ পৰীক্ষা চলাইছিল। অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলৰ নেশ্যনেল টেষ্টিং ৰেঞ্জত ১০০ শতাংশই সফল হয় দুয়োটা পৰীক্ষা।

এক্স হেণ্ডেলত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দাবী কৰিছে যে নিজা প্ৰযুক্তিৰে মানৱবিহীন বাহনৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাটো প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সঁচা অৰ্থত এক মাইলৰ খুঁটি। এই সফলতাই দেখুৱাইছে যে ভাৰতে প্ৰতিৰক্ষা প্ৰযুক্তিৰ অভিজাত জগতত প্ৰৱেশ কৰিছে। শুকুৰবাৰে ড্ৰ’নৰ পৰা পৰীক্ষা কৰা ক্ষেপণাস্ত্ৰৰ নাম ULPGM-V3। ডাকনাম যাদু-চাকি।

এই ULPGM-V3 ভাৰতৰ মিছাইল পৰিয়ালৰ নৱজাত সদস্য। ইয়াৰ ওজন প্ৰায় ১২.৫ কিলোগ্ৰাম। ইয়াৰ ওজন কম হোৱাৰ বাবে ইয়াক সহজেই ড্ৰ’নত কঢ়িয়াব পাৰি। দিনত ৪ কিলোমিটাৰ আৰু নিশা ২.৫ কিলোমিটাৰ পৰ্যন্ত লক্ষ্যত আঘাত কৰিব পাৰে এই ক্ষেপণাস্ত্ৰই। ইয়াৰ সঠিকতাৰ হাৰ প্ৰায় ৯৪ শতাংশ। অৰ্থাৎ ই এটা লক্ষ্যত ৯৪ শতাংশ সঠিকভাৱে আঘাত কৰিব পাৰে। ইয়াৰ একাধিক ৱাৰহেডে একে সময়তে একাধিক লক্ষ্যত আঘাত কৰিব পাৰে। ইয়াক থ্ৰী ইন ওৱান বুলি কোৱা হয়। অৰ্থাৎ এটা অস্ত্ৰ, তিনিটা কাম। এক, শত্ৰুৰ ওপৰত মিছাইল আক্ৰমণ, দুই, অতি কম খৰচত আক্ৰমণ আৰু তিনি, আত্মঘাতী অস্ত্ৰ ব্যৱহাৰ নকৰাকৈ আক্ৰমণ।

আদানী ডিফেন্সে ভাৰত ডাইনামিক্সৰ সৈতে যৌথভাৱে এই ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিছে। এই ক্ষেপণাস্ত্ৰ এইবাৰ বেংগালুৰুত অনুষ্ঠিত হোৱা এৰো ইণ্ডিয়া শ্ব’ত উন্মোচন কৰা হৈছিল। অৱশ্যে সেই সময়ত ULPGM-V3 সম্পৰ্কে কোনো সবিশেষ দিয়া হোৱা নাছিল। ডি আৰ ডি অ’ৰ সূত্ৰ অনুসৰি এই ক্ষেপণাস্ত্ৰৰ বাবে বিশেষ ড্ৰ’নৰ প্ৰয়োজন।

ইউএডি বা মানৱবিহীন কৱচ বাহন শিতানৰ এই ড্ৰ’নে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি নিৰাপদে উভতি আহিব। আদানী আৰু ভাৰত ডাইনেমিক্সকে ধৰি ৬ টা ভাৰতীয় কোম্পানী এই প্ৰকল্পৰ লগত জড়িত আছিল। ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিয়া ড্ৰ’নখন কাৰ্যকৰীভাৱে সাজু কৰি তোলাৰ দায়িত্ব আছিল ডি আৰ ডি অ’ৰ।