শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুনৰ উত্তপ্ত মণিুপৰ, ক্ষুব্ধ সংগঠনে চৰকাৰী কাৰ্যালয়ত ওলোমালে তলা

মঙলবাৰে প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । মেইটেই গোটৰ সংগঠন মণিপুৰ অখণ্ডতা সমন্বয় সমিতিৰ ছাত্ৰ শাখাই উপত্যকাটোৰ জিলাসমূহৰ কেইবাটাও কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত তলাবন্ধ কৰি আন্দোলন তীব্ৰতৰ কৰি তোলে । গোটটোৱে ইম্ফলত দুটা কেন্দ্ৰীয় কাৰ্যালয়ত তলা লগাইছিল ।

পুনৰ উত্তপ্ত মণিুপৰ, ক্ষুব্ধ সংগঠনে চৰকাৰী কাৰ্যালয়ত ওলোমালে তলা
মণিপুৰত প্ৰতিবাদImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 28 May 2025 11:09 AM

পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ । মঙলবাৰে ভাৰতীয় ভূতাত্ত্বিক জৰীপ আৰু জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানক লক্ষ্য কৰি লয় প্ৰতিবাদকাৰীয়ে । ক্ষুব্ধ লোকে বহু জিলাত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত তলা ওলোমাই দিয়ে । মণিপুৰৰ এই সমগ্ৰ হুলস্থুলীয়া পৰিৱেশ কেৱল এটা শব্দৰ বাবেই উদ্ভৱ হৈছে, কি এই শব্দ?

দৰাচলতে ২০ মে’ত উখৰুল জিলাৰ চৰকাৰী শিৰুই শেৱালি মহোৎসৱৰ বাতৰি পৰিৱেশন কৰিবলৈ সাংবাদিকক লৈ এখন চৰকাৰী বাছ আহিছিল । পূব ইম্ফল জিলাৰ গ্ৱালতাবি চেকপোষ্টৰ সমীপত নিৰাপত্তা বাহিনীয়ে বাছখন ৰখাই তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কৰ্মচাৰীক বাছখনৰ সন্মুখৰ গ্লাছত লিখা ৰাজ্যখনৰ নামটো বগা কাগজেৰে ঢাকিবলৈ বাধ্য কৰে । যোৱা সপ্তাহত এই ঘটনাক লৈ মেইটেই প্ৰধান ইম্ফল উপত্যকাত প্ৰতিবাদৰ সূত্ৰপাত হৈছিল ।

মঙলবাৰে প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । মেইটেই গোটৰ সংগঠন মণিপুৰ অখণ্ডতা সমন্বয় সমিতিৰ ছাত্ৰ শাখাই উপত্যকাটোৰ জিলাসমূহৰ কেইবাটাও কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত তলাবন্ধ কৰি আন্দোলন তীব্ৰতৰ কৰি তোলে । গোটটোৱে ইম্ফলত দুটা কেন্দ্ৰীয় কাৰ্যালয়ত তলা লগাইছিল ।

কোকোমিৰ কৰ্মীসকলে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত সোমাই কৰ্মচাৰীসকলক অট্টালিকাৰ পৰা ওলাই যাবলৈ কয় আৰু মূল গেটত তলা ওলোমাই দিয়ে । কিছু কিলোমিটাৰ দূৰৈত অৱস্থিত ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগৰ কাৰ্যালয়তো তলা লগাই দিয়ে কৰ্মীসকলে । ৰাজ্যপালৰ বিৰুদ্ধে “ক্ষমা খোজক, নহ’লে মণিপুৰ এৰি যাওক” আদি শ্ল’গান দিয়ে প্ৰতিবাদকাৰীয়ে ৷

ইম্ফল পূৱ জিলাৰ লামলঙত শতাধিক লোকে মণিপুৰ বিভাজিত কৰাৰ চেষ্টাৰ বিৰুদ্ধে শ্ল’গান দি সমদল উলিয়ায় । ইম্ফল পশ্চিম জিলাৰ সিংজামেইৰ পৰা লিলঙলৈ ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মানৱ শৃংখল কৰি প্ৰতিবাদ কৰা হয় । বিষ্ণুপুৰ জিলাৰ নামবোল আৰু বিষ্ণুপুৰ চহৰতো অনুৰূপ প্ৰতিবাদ সাব্যস্ত কৰা হয় । কোকোমিয়ে ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাৰ পৰা ৰাজহুৱাভাৱে ক্ষমা বিচৰাৰ লগতে মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু নিৰাপত্তা উপদেষ্টাৰ পদত্যাগৰ দাবী জনাইছে ।

কি ক’লে প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰেণ সিঙে?

মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাৰ সৈতে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰি গ্ৱালতাবি কাণ্ডৰ সমাধানৰ বাবে প্ৰতিবাদকাৰীসকলক আলোচনাৰ বাবে আমন্ত্ৰণ কৰিবলৈ আহ্বান জনায় ।

আনহাতে মণিপুৰৰ এটা মেইটেই সংগঠনৰ এটা প্ৰতিনিধি দলে মঙলবাৰে কেন্দ্ৰক শেহতীয়াকৈ এক ঘটনা সন্দৰ্ভত কেন্দ্ৰক অৱগত কৰে । তদুপৰি, প্ৰতিনিধি দলটোৱে গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলক নাৰ্কো-সন্ত্ৰাস, অবৈধ অনুপ্ৰৱেশ, বৃহৎ পৰিসৰৰ অবৈধ আফিং খেতি আৰু ৰাজ্যৰ অৱনতি ঘটা আইন-শৃংখলাৰ পৰিস্থিতিৰ বাবে সৃষ্টি কৰা ভাবুকিৰ বিষয়েও অৱগত কৰে ।

সংগঠনটোক সাতজনীয়া এটা দলে প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে গৃহ মন্ত্ৰণালয়ক প্ৰতিনিধিত্ব কৰে উত্তৰ-পূব পৰিক্ৰমা মন্ত্ৰালয়ৰ উপদেষ্টা এ কে মিশ্ৰ আৰু গৃহ মন্ত্ৰালয়ৰ যুটীয়া সঞ্চালক ৰাজেশ কাম্বলেই ।

কি দাবী কৰিলে কংগ্ৰেছ নেতা ইববি সিঙে ?

মণিপুৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰাম ইববি সিঙে চৰকাৰী বাছৰ পৰা ৰাজ্যৰ নাম আঁতৰোৱাৰ নিৰ্দেশ দিয়া বিষয়াগৰাকীয়ে ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিব লাগে বুলি দাবী জনাইছে । ইবোবি সিঙে কয় যে ভাৰতীয় সেনাৰ মহাৰ ৰেজিমেণ্টৰ জোৱানসকলে কোনো যোগ্য বিষয়াৰ নিৰ্দেশ অবিহনে চৰকাৰী বাছৰ পৰা মণিপুৰৰ নাম মচিবলৈ কৰ্মচাৰীসকলক কোৱাৰ সম্ভাৱনা নাই ।

তেওঁ কয় যে সেই যোগ্য বিষয়াজন ৰাজ্যপাল, ডিজিপি বা নিৰাপত্তা উপদেষ্টা হ’ব পাৰে… যিয়েই নহওক, তেওঁলোকে আৰু কোনো ক্ষতি হোৱাৰ আগতেই ৰাইজৰ আগত নিজৰ ভুল স্বীকাৰ কৰিব লাগে । সিঙে জোৰ দি কয় যে মণিপুৰৰ নাম ১৯৪৯ চনত ভাৰতৰ সৈতে একত্ৰিত হোৱাৰ পূৰ্বৰ পৰাই যুগ যুগ ধৰি আছে । ৰাজ্যপাল আৰু অন্যান্য যোগ্য বিষয়াসকলে এই কথা বুজিব লাগে ।

তেওঁ লগতে কয় যে আইন-শৃংখলাৰ বিষয় সন্দৰ্ভত অসামৰিক প্ৰশাসনক সহায় কৰিবলৈ ইয়ালৈ আহিছে নিৰাপত্তাৰক্ষীসকল । কিন্তু যদি মহাৰ ৰেজিমেণ্টৰ জোৱানসকলে নিজাববীয়াকৈ এই কাম কৰিছিল, তেন্তে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ল কিয় ।