ভাৰত মহাসাগৰত চীনৰ সন্দেহজনক গতিবিধি, কেৰালাত ৰাডাৰ স্থাপন ভাৰতীয় বায়ুসেনাৰ
বিশ্বজোৰা অস্থিৰ পৰিস্থিতিৰ মাজতে চীনে বিভিন্ন কৌশলৰ জৰিয়তে নিজৰ উপস্থিতি বৃদ্ধি কৰিছে ভাৰত মহাসাগৰত। তেওঁলোকৰ গতিবিধিৰ ওপৰত চকু ৰাখিবলৈ ভাৰতীয় বায়ুসেনাই কেৰালাৰ কোঝিকোডৰ বেপোৰ গাতে লাগি থকা চলিয়ামত এক শক্তিশালী আৰু আধুনিক ৰাডাৰ স্থাপন কৰিছে।

ইৰাণ-ইজৰাইল সংঘাতৰ মাজতে ভাৰত মহাসাগৰত নতুন কৌশল আৰম্ভ কৰিছে চীনে। পোহৰলৈ আহিছে চীনৰ সন্দেহজনক চাল-চলন। চুবুৰীয়া দেশখনৰ পৰা যাতে কোনো বিপদৰ সৃষ্টি নহয় তাৰ বাবে কেৰালাত চোৰাংচোৱাগিৰি কৰিবলৈ স্থাপন কৰা হৈছে অত্যাধুনিক আৰু উচ্চ প্ৰযুক্তিৰ ৰাডাৰ।
বিশ্বজোৰা অস্থিৰ পৰিস্থিতিৰ মাজতে চীনে বিভিন্ন কৌশলৰ জৰিয়তে নিজৰ উপস্থিতি বৃদ্ধি কৰিছে ভাৰত মহাসাগৰত। তেওঁলোকৰ গতিবিধিৰ ওপৰত চকু ৰাখিবলৈ ভাৰতীয় বায়ুসেনাই কেৰালাৰ কোঝিকোডৰ বেপোৰ গাতে লাগি থকা চলিয়ামত এক শক্তিশালী আৰু আধুনিক ৰাডাৰ স্থাপন কৰিছে।
যি সময়ত চীনত প্ৰতিৰক্ষা বৈঠকত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সন্ত্ৰাসবাদ আৰু পাকিস্তানৰ প্ৰৰোচনাৰ বিৰুদ্ধে মাত মাতিছে, সেই সময়ত ভাৰত মহাসাগৰত চীনৰ যুদ্ধ বিমান আৰু যুদ্ধ জাহাজৰ কাৰ্যকলাপ সন্দেহজনকভাৱে বৃদ্ধি পাইছে। এনে পৰিস্থিতিত ভাৰত মহাসাগৰত নিজৰ চোৰাংচোৱাগিৰিৰ কোনো ধৰণৰ ক্ৰুটি ৰাখিবলৈ ইচ্ছুক নহয় ভাৰতীয় বায়ুসেনা।
যদিও তামিলনাডুৰ ফালে শক্তিশালী আৰু আধুনিক ৰাডাৰ আছে, কেৰেলাৰ দিশে ৰাডাৰ আছিল পুৰণি প্ৰযুক্তিৰ। কিন্তু চীনৰ সন্দেহজনক গতিবিধি ভাৰতীয় বায়ুসেনাৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে এই আধুনিক ৰাডাৰটো তাৎক্ষণিকভাৱে স্থাপন কৰা হয়।
ভাৰতীয় বায়ুসেনাৰ সূত্ৰ অনুসৰি এই আধুনিক ৰাডাৰে সংহত বায়ু কমাণ্ড এণ্ড কণ্ট্ৰল চিষ্টেমৰ অধীনত দক্ষিণ ভাৰতৰ দুয়োপাৰে আৰব সাগৰ, বংগোপসাগৰ আৰু ভাৰত মহাসাগৰৰ ওপৰেৰে চলি থকা সকলো গতিবিধি সহজে নিৰীক্ষণ কৰিবলৈ সক্ষম হ’ব। ৩৬০ ডিগ্ৰী ব্যৱস্থা থকা এই ৰাডাৰ ইমানেই শক্তিশালী যে ই সৰু নাৱৰ পৰা আৰম্ভ কৰি বৃহৎ যুদ্ধ জাহাজ, আনকি যুদ্ধ বিমানলৈকে যিকোনো বস্তু সহজেই অনুসৰণ কৰিব পাৰে।
বায়ুসেনাৰ বিষয়াসকলে কয় যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা আৰু নীৰিক্ষণ ব্যৱস্থা দক্ষিণ ভাৰতত পৰিশোধন কৰা হৈছে, যাতে চীনে নিজাকৈ বেল্ট সৃষ্টি কৰি ভাৰতক ঘেৰি ধৰিব নোৱাৰে।
ইতিমধ্যে অৰ্থনৈতিক উন্নয়নৰ নামত পাকিস্তানৰ গদৰ আৰু শ্ৰীলংকাৰ হাম্বাণ্টোটা বন্দৰ ৯৯ বছৰৰ বাবে লীজত লৈছে চীনে। মূলতঃ অৰ্থনৈতিক উন্নয়নৰ নামত তেওঁলোকে সময়ে সময়ে নিজৰ চোৰাংচোৱা জাহাজ মোতায়েন কৰি আছে এই বন্দৰসমূহত। কিন্তু চীনৰ প্ৰকৃত লক্ষ্য হৈছে দুখন সাগৰ আৰু এখন মহাসাগৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰি ভাৰতৰ ওপৰত চোৰাংচোৱাগিৰি কৰা।
সেইবাবেই ইতিমধ্যে ভাৰত মহাসাগৰ আৰু বংগোপসাগৰত ব্ৰাহ্মোছ ছুপাৰছ’নিক মিছাইল ক্ষমতাসম্পন্ন অত্যাধুনিক যুদ্ধজাহাজ আৰু চাবমেৰিন নিয়োগ কৰিছে ভাৰতে। চোৰাংচোৱাগিৰিত ৰাডাৰৰ প্ৰয়োজনীয়তা বহুদিনৰ পৰাই আছে। এতিয়া ভাৰতীয় বায়ুসেনাই কেৰালাৰ মাটিত সেই ৰাডাৰ স্থাপন কৰি শ্ৰীলংকাৰ হাম্বাণ্টোটা বন্দৰ আৰু পাকিস্তানৰ গদৰ বন্দৰ নিজৰ চোৰাংচোৱাগিৰিৰ অধীনলৈ আনিছে।