শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চিনেমা আৰু ছিৰিজ চাই পুত্ৰই প্ৰাণ ল’লে পিতৃৰ! কাণ্ড শুনি আচৰিত হ’ব আপুনি…

এজন পুত্ৰৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। জানিব পৰা মতে, অপৰাধমূলক চিনেমা আৰু ছিৰিজ চাই এজন পুত্ৰই নিজ পিতৃক হত্যা কৰে। তাৰ পাছত মুখমণ্ডল জ্বলাই দিয়ে। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চিনেমা আৰু ছিৰিজ চাই পুত্ৰই প্ৰাণ ল’লে পিতৃৰ! কাণ্ড শুনি আচৰিত হ’ব আপুনি…
প্ৰতীকি ফটোImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 20 Sep 2025 16:23 PM

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে পুনৰ এনে এক কাণ্ড পোহৰলৈ আহিছে যিয়ে চকু কপালত তুলিব আপোনাৰ। এজন পুত্ৰই নিজ পিতৃক অতি নৃশংসভাৱে হত্যা কৰে। জানিব পৰা মতে, অভিযুক্তই অপৰাধৰ ওপৰত নিৰ্মিত চিনেমা আৰু ক্ৰাইম পেট্ৰ’ল চাই পিতৃক হত্যাৰ পৰিকল্পনা ৰচে। পাছত চিনাক্ত নহ’বলৈ মৃতদেহটোত পেট্ৰ’ল ঢালি মুখখন জ্বলাই দিয়ে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰত।

জানিব পৰা মতে, পুত্ৰই এই হত্যাকাণ্ড পোহৰলৈ নাহিবৰ বাবে সকলো পৰিকল্পনা কৰিছিল। সেই অনুসৰি পিতৃৰ ফোনটো এজন বন্ধুৰ সৈতে বিহাৰলৈ পঠিয়াই দিয়ে। আৰক্ষীয়ে তেওঁৰ লোকেচন বিহাৰত যাতে বিচাৰি পাই তাৰ বাবে এনে কৰে। কিন্তু যেতিয়া মৃতকৰ পত্নী তিনিমাহৰ অন্তত বৃন্দাবনৰ পৰা উভতি আহে তেতিয়া স্বামীক নেদেখি আচৰিত হৈ পৰে আৰু নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰে। পাছত আৰক্ষীয়ে পুত্ৰক আটক কৰি জেৰা চলায়।

তথ্য অনুসৰি, কমলাপতি তিৱাৰী (৬২) এগৰাকী ৰে’লৱেৰ কৰ্মচাৰী আছিল। প্ৰায় ২ বছৰ পূৰ্বে তেওঁ বিহাৰৰ মধুবনী জিলাৰ জয়নগৰৰ পৰা চকীদাৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ পত্নী বেছিভাগ সময় বৃন্দাবনত আছিল। ইফালে তেওঁলোকৰ সৰু পুত্ৰ ৰামজী আছিল নিবনুৱা। যাৰ পিতৃৰ সৈতে সম্পৰ্ক ভাল নাছিল।

২৯ মে’ত মৃতকৰ পত্নী মধু তিৱাৰী বৃন্দাবনৰ পৰা ঘৰলৈ উভতি আহে। তেতিয়া পুত্ৰ ৰামজীয়ে কয় যে, ১৫ মাৰ্চতে তেওঁৰ পিতৃ জয়নগৰলৈ গৈছে। তেতিয়াৰ পৰা তেওঁৰ ফোন চুইচ অফ হৈ আছে। এই কথা শুনি মধু চিন্তিত হৈ পৰে আৰু এই বিষয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। ইয়াৰ পাছত আৰক্ষীয়ে কেইবাদিন তদন্ত কৰি ১৮ মাৰ্চত এটা আধা জ্বলা মৃতদেহ উদ্ধাৰ কৰে। পাছত মধুয়ে এই মৃতদেহটো নিজ স্বামীৰ বুলি চিনাক্ত কৰে।

এই সময়ত আৰক্ষীৰ পুত্ৰৰ ওপৰত সন্দেহ হয় আৰু তেওঁক আটক কৰে। আৰক্ষীৰ জেৰাৰ সময়ত স্বীকাৰ কৰে যে তেওঁৱেই এই কাণ্ড সংঘটিত কৰিছে। তেওঁ কয় যে, তেওঁ বেছিভাগ সময় শহুৰেকৰ ঘৰত থাকে। তেওঁ কোনো কাম নকৰে যাৰ বাবে দেউতাকক টকা খোজে। কিন্তু পিতৃয়ে সদায় তেওঁক অপমান কৰে আৰু টকা নিদিয়ে। যাৰ বাবে পুত্ৰই এই পৰিকল্পনা কৰি পিতৃক হত্যা কৰে। এই কাণ্ডত পুত্ৰৰ লগতে তেওঁৰ এজন বন্ধুও গ্ৰেপ্তাৰ হয়।

 

 

 

অন্য খবৰ পঢ়কঃ Zubeen garg father: বাবা ইয়াতে ৰৈ দিয়াচোন,তোমাৰ ফটো এখন লওঁ: সকলো হেৰুৱাই শোকস্তব্ধ জুবিনৰ পিতৃ…