শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ৰুদ্ধ হ'ব নোখোজা কণ্ঠটি হেৰাই গ'ল অকালতে

ৰুদ্ধ হ’ব নোখোজা কণ্ঠটি হেৰাই গ’ল অকালতে

raj-saikia
Raj Saikia | Published: 19 Sep 2025 20:35 PM

Zubeen Garg passes away: এটি গীতত জুবিন গাৰ্গে গাইছিল, দেহৰ ভৰসা নাই শুনিছানে নাই...আজি হাঁহি আছোঁ, কওতো নোৱাৰোঁ, কালি বা কি আছে হাই কপালতে...সঁচাকৈয়ে জুবিন গাৰ্গে কোৱাৰ দৰেই জীৱৰ ভৰসা নাই। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ যোৱা জুবিন গাৰ্গ এতিয়া উভতি আহিব বগা কাপোৰৰ আঁৰত।

১৯ ছেপ্টেম্বৰ ২০২৫, অসম আৰু অসমীয়াৰ বাবে এটা অভিশপ্ত দিন। সুদূৰ ছিংগাপুৰত স্তব্ধ হৈ ৰ’ল অসমীয়াৰ উশাহ, অসমীয়াৰ হৃদস্পন্দন। যিটো খবৰ কেতিয়াও অসমীয়াই কামনা কৰা নাছিল সেই খবৰটো আহিল ছিংগাপুৰৰ পৰা। কায়িকভাৱে ইহ সংসাৰ ত্যাগ কৰিলে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে।

এটি গীতত জুবিন গাৰ্গে গাইছিল, দেহৰ ভৰসা নাই শুনিছানে নাই…আজি হাঁহি আছোঁ, কওতো নোৱাৰোঁ, কালি বা কি আছে হাই কপালতে…সঁচাকৈয়ে জুবিন গাৰ্গে কোৱাৰ দৰেই জীৱৰ ভৰসা নাই। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ যোৱা জুবিন গাৰ্গ এতিয়া উভতি আহিব বগা কাপোৰৰ আঁৰত।

এই ৰূপত জুবিন গাৰ্গক কাহানিও কল্পনা কৰিব নোৱাৰা অসমীয়াই আজি ৰৈ ৰৈ বিনাইছে তেওঁৰ বিয়োগৰ খবৰ শুনি। জুবিন গাৰ্গ, কেৱল এটা নাম নহয়। অসম আৰু অসমীয়াৰ বাবে জুবিন গাৰ্গ হৈছে এটা সত্বা। এটা কণ্ঠৰ নাম জুবিন, এটা আবেগৰ নাম জুবিন, এক অনুপ্ৰেৰণাৰ নাম জুবিন, বিধ্বস্ত জীৱনত নতুন বৰষা নমোৱা এটি আশাৰ নাম জুবিন, হাজাৰ জনক জগোৱা এটা আহ্বানৰ নাম জুবিন, এটি অনুষ্ঠানৰ নাম জুবিন, উজাগৰী নিশা সাৰথি হৈ ৰোৱা এটি জীৱনদায়িনী শক্তিৰ নাম জুবিন। জুবিনৰ বাবে উপমাৰ শেষ নাই। জুবিন কি বুলিলে এটা লেখাত সেয়া বৰ্ণনা কৰি অঁতাব নোৱাৰি।

কিন্তু আজি সেই শিল্পীগৰাকীয়েই অগণন গুণমুগ্ধক কন্দুৱাই চিৰ বিদায় মাগিলে এই সংসাৰৰ পৰা। অসম আৰু অসমীয়াক মৰি মুজি ভালপোৱা জুবিন গাৰ্গে অকাল মৃত্যুক সাৱটি ল’লে সুদূৰ ছিংগাপুৰত। জুবিনৰ বাবে নিজৰ প্ৰাণটোকো বিসৰ্জন দিব পৰা অসমীয়া ৰাইজে আজি চকুলো টুকিবলগীয়া হৈছে শিল্পীগৰাকীৰ অকাল মৃত্যুৰ খবৰত।

কি নাছিল জুবিন গাৰ্গ? একাধাৰে কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, অভিনেতা, পৰিচালক, আবৃত্তিকাৰ…সকলোৰে ঊৰ্ধত এজন মানৱ দৰদী ব্যক্তি। কাৰোবাৰ অসহায় অৱস্থাই বাৰুকৈয়ে কন্দুৱাইছিল তেওঁক। কাক কিমান ধৰণে যে জুবিন গাৰ্গে সহায় কৰিছিল সেয়া কৈ শেষ কৰিব নোৱাৰি। কিন্তু এইগৰাকী শিল্পীয়ে এনেকৈ বিদায় মাগিব বুলি কচমিন কালেও অসমীয়াই কল্পনা কৰা নাছিল। কেতিয়াও নাভাগৰা, কেতিয়াও জীৱন হেৰুৱা নোখোজা জুবিন গাৰ্গ আজি শুই পৰিল নিয়তিৰ শীতল কোলাত।

জুবিন গাৰ্গৰ গাত আঁচোৰ এটা লাগিলেও সহ্য কৰিব পৰা নাছিল কোনো অসমীয়াই। কিন্তু এতিয়া অসমীয়াই সহিব লগীয়া হৈছে জুবিনৰ মৃত্যুৰ যন্ত্ৰণা। সকলোৱে একে মুখে এটা কথাই কৈছে, এই খবৰ মিছা হওক। কিন্তু নিষ্ঠুৰ নিয়তিৰ কৰুণ পৰিহাস যে মানি ল’বই লাগিব। জীয়াই থাকিব জুবিন গাৰ্গ, তেওঁৰ কণ্ঠৰ সুধাৰে অসমীয়াৰ প্ৰাণত চিৰদিন বৈ থাকিব জুবিন নামৰ সত্বাটো।