20 September 2025
TV9 ASSAM
ঘৰৰ বাৰীত যিমানে গছ-গছনি থাকে সিমানে ঘৰখনৰ সৌন্দৰ্য বৃদ্ধি পায় । গছপুলি ৰোপণ কৰাটো বৰ্তমান সময়ত মানুহৰ মৌলিক কৰ্তব্য হিচাপে পৰিগণিত হৈছে ।
কিন্তু কিছুমান গছ ঘৰৰ বাৰীত ৰোপণ কৰাটো একেবাৰে শুভ নহয় । কাৰণ ই পৰিয়ালটোৰ বিভিন্ন দিশত বাধাৰ সৃষ্টি কৰিব পাৰে ।
কিছুমান গছ আছে যিবোৰ ঘৰৰ বাৰীত থাকিলে ঘৰখন আৰ্থিকভাৱে সমৃদ্ধিশালী হয় বুলি কোৱা হয় । সেইবোৰ গছৰ পুলি ৰোপণ কৰাটো প্ৰয়োজন ।
নাৰিকলৰ গছ ঘৰৰ বাৰীত থাকিলে ঘৰখনৰ বাবে শুভ বুলি কোৱা হয় । ইয়াৰ ফলত ঘৰখনৰ পৰা নেতিবাচক শক্তিক আঁতৰি যায় ।
তদুপৰি ঘৰৰ বাৰীত নাৰিকলৰ গছ থাকিলে আৰ্থিক দিশত ভাল ফলাফল পোৱা যায় । বাস্তু শাস্ত্ৰৰ মতেও এই গছ ঘৰৰ বাৰীত ৰোপণ কৰিব লাগে ।
ঘৰৰ বাৰীত নাৰিকলৰ গছ, তামোলৰ গছ আৰু কলগছ থাকিলে আৰ্থিক দিশত ঘৰখনৰ বাবে ভাল বুলি কোৱা হয়।
উল্লেখ্য যে, এই প্ৰতিবেদন বাস্তু শাস্ত্ৰ আৰু সমাজত প্ৰচলিত বিশ্বাসৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে । Tv9 অসমীয়া কোনো কাৰণতে দায়ী নহয় ।
পঢ়িবলৈ ক্লিক কৰক