Zubeen Garg Death News Updates: ছিংগাপুৰত দেহাৱসান জুনিব গাৰ্গৰ, চাওক দিনটোৰ শীৰ্ষ খবৰ
জুবিন গাৰ্গৰ মৃত্যুৰ লগতে বহু গুৰুত্বপূৰ্ণ খবৰে আজি বাতৰিৰ শিৰোনাম দখল কৰিছে। পলকতে চাওঁ আহক দিনটোৰ ৯ শীৰ্ষ খবৰ।
অসম আৰু অসমীয়াৰ বাবে আজি এটা দুখৰ দিন। ছিংগাপুৰত মৃত্যুক সাৱতি ল’লে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ লোৱাৰ বাবে ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ। কিন্তু তাতেই সাগৰত নমাৰ সময়ত হঠাত অসুস্থ হৈ পৰে জুবিন গাৰ্গ। লগে লগে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও শিল্পীগৰাকীয়ে মৃত্যুক আঁকোৱালি লয়।
৫২ বছৰ বয়সতেই সকলোকে কন্দুৱাই গুচি গ’ল জুবিন গাৰ্গ। এই খবৰ পোৱাৰ পাছতেই নিৰ্বাচনী প্ৰচাৰ সামৰি দিছপুৰলৈ উভতি আহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ এক শোকবাৰ্তাত কয় যে জুবিন গাৰ্গ অমৰ কণ্ঠ হৈ সকলোৰে হৃদয়ত ৰৈ যাব। জুবিনৰ নশ্বৰ দেহ ওভতাই অনাৰ বাবে ইতিমধ্যে ছিংগাপুৰস্থিত দূতাবাসৰ সৈতে কথা বতৰা পাতি থকা হৈছে বুলি জনায় মুখ্যমন্ত্ৰীয়ে। শনিবাৰে বিয়লি ভাগলৈ অসম আহি পোৱাৰ সম্ভৱনা শিল্পীগৰাকীৰ নশ্বৰ দেহ।
লগতে চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰ…