শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

লীনা দলেৰ শাস্তিমূলক বদলিৰ পৰা ট্ৰাম্পৰ বাৰ্তালৈ…পুৱাৰ মুখ্য খবৰ…

Morning Headline: পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰীক বন্ধু আখ্যা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ। শেহতীয়াকৈ ট্ৰাম্পে কয় যে, ভাৰত আৰু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ ভাল সম্পৰ্ক আছে। ইফালে ইউনেস্কোত ভাৰতৰ আৰু ৭ ক্ষেত্ৰই স্থান লাভ কৰিছে।

লীনা দলেৰ শাস্তিমূলক বদলিৰ পৰা ট্ৰাম্পৰ বাৰ্তালৈ…পুৱাৰ মুখ্য খবৰ…
পুৱাৰ মুখ্য খবৰ
barasha-sarma
Barasha Sarma | Updated On: 19 Sep 2025 07:30 AM

প্ৰতিদিনে ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তত বহু ঘটনা-পৰিঘটনা সংঘটিত হয়। পিছে সকলো দিশৰ বিষয়ে জ্ঞাত হোৱা সকলোৰে বাবে সম্ভৱ নহয়। কিন্তু ব্যস্ত জীৱনশৈলীৰ মাজতো কিছুমান খবৰৰ বিষয়ে জনা দৰকাৰ। এই লেখাটোত এনে কেইটামান খবৰ উল্লেখ কৰা হল যিয়ে আপোনাক ৰাজ্য বা দেশত চলি থকা ঘটনাৰ কিছু আভাস দিব-

  1. ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক শাস্তিমূলক বদলি। কিছুদিন পূৰ্বে ধুবুৰীত কোচ ৰাজবংশীয়ে জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। যত আৰক্ষীৰ প্ৰহাৰত বহু প্ৰতিবাদকাৰী আহত হৈছিল।
  2. প্ৰকাশ হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা (GUPGSU) ২০২৫-২৬ বৰ্ষৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকা।সৰ্বমুঠ ১৫টা পদত ৪৫ প্ৰাৰ্থীয়ে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।
  3. তুংগত বিটিচি নিৰ্বাচন। এখনৰ পাছত আনখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি গৈছে হাগ্ৰামাই। এইবাৰ তেওঁ কয় যে, এইবাৰ বিটিচিৰ ক্ষেত্ৰত কেৱল মাত্ৰ বি পি এফ আৰু এইবাৰ প্ৰমোদ বড়ো হাৰাতো নিশ্চিত বুলি কয় তেওঁ।
  4. কংগ্ৰেছে দেশজুৰি ভোট ৰক্ষক অভিযানৰ পাইলট প্ৰজেক্ট আৰম্ভ কৰিছে। এই অভিযানৰ অধীনত ভোট চুৰিৰ অভিযোগত মোদী চৰকাৰ আৰু নিৰ্বাচন আয়োগক লক্ষ্য কৰি ল’ব পাৰে কংগ্ৰেছে।
  5. ভাৰতীয় সেনা, বায়ুসেনা, আৰু নৌসেনাই শীঘ্ৰেই ইজৰাইলৰ পৰা হেৰন ড্ৰ’ণ ক্ৰয় কৰিব পাৰে। বৰ্তমান ভাৰতীয় সেনাৰ হাতত এই ড্ৰ’ণ আছে যদিও পুনৰ শক্তি বৃদ্ধি কৰাৰ লক্ষ্য চৰকাৰৰ।
  6. পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বন্ধু আখ্যা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। তেওঁ কয় যে, মই ভাৰত আৰু  মোদীৰ একেবাৰে ঘনিষ্ঠ। আমাৰ মাজত ভাল বন্ধুত্ব আছে।
  7. পহলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড ছাইফুল্লাহে পুনৰ এবাৰ ভাৰতক ভাবুকি প্ৰদান কৰে। তেওঁ কয় যে, সিন্ধু নদী আৰু জম্মু-কাশ্মীৰ এদিন আমাৰ হ’ব। তেওঁ মোদীৰ নাম লৈ এই ভাবুকি প্ৰদান কৰে।
  8. ইউনেস্ক’ৰ আংশিক তালিকাত সংযোজন ভাৰতৰ ৭ টা স্থান। ইয়াৰ ফলত এই তালিকাত ভাৰতৰ মুঠ ৬৯ টা পৰ্যটন ক্ষেত্ৰত থাকিব।

 

অন্য খবৰ পঢ়কঃ আমি প্ৰতিশোধ ল’ব জানো- ভাৰতক পুনৰ ভাবুকি পহলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড ছাইফুল্লাহৰ…