শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এতিয়াৰে পৰা ওলমি যাব নোৱাৰিব ৰে’লৰ দুৱাৰত! ভাৰতীয় ৰে’লৱেৰ ডাঙৰ সিদ্ধান্ত…

সোমবাৰে ছাত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনছৰ পৰা থানেৰ কাছাৰালৈ গৈ আছিল মুম্বাই লোকেল।  ভিৰৰ বাবে ভৰি থবলৈ ঠাই নোহোৱা ৰে'লৰ গেটত ওলমি আছিল কেইবাজনো যাত্ৰী। তেতিয়াই ঘটিল অনাকাংশিত ঘটনাটো। ভিৰৰ হেঁচাত চলন্ত ৰে'লখনৰ পৰা পিছলি গৈ কাষৰ ট্ৰেকত বাগৰি পৰে কেইবাজনো লোক।

এতিয়াৰে পৰা ওলমি যাব নোৱাৰিব ৰে’লৰ দুৱাৰত! ভাৰতীয় ৰে’লৱেৰ ডাঙৰ সিদ্ধান্ত…
ভাৰতীয় ৰে'ল
trishna-kalita
Trishna Kalita | Published: 10 Jun 2025 13:56 PM

এতিয়াৰে পৰা মেট্ৰ’ৰ দৰে স্থানীয় ৰে’লতো স্থাপন কৰা হ’ব স্বয়ংক্ৰিয় দুৱাৰ । যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ ভাৰতীয় ৰে’লৱেৰ। সোমবাৰে পুৱা মুম্বাইত সংঘটিত  দুৰ্ঘটনাৰ পিছত ৰে’ল কৰ্তৃপক্ষই  লৈছে এই সিদ্ধান্ত।

উল্লেখ্য যে সোমবাৰে ছাত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনছৰ পৰা থানেৰ কাছাৰালৈ গৈ আছিল মুম্বাই লোকেল।  ভিৰৰ বাবে ভৰি থবলৈ ঠাই নোহোৱা ৰে’লৰ গেটত ওলমি আছিল কেইবাজনো যাত্ৰী। তেতিয়াই ঘটিল অনাকাংশিত ঘটনাটো। ভিৰৰ হেঁচাত চলন্ত ৰে’লখনৰ পৰা পিছলি গৈ কাষৰ ট্ৰেকত বাগৰি পৰে কেইবাজনো লোক। সেই সময়ত উক্ত লাইনৰ মাজেৰে পুষ্পক এক্সপ্ৰেছ পাৰ হৈ গৈছিল। গৈ থকা ৰে’লৰ তলত সোমাই যায় কমেও ৫ জন লোক। মুহূৰ্ততে সকলো শেষ। পুৱা ৭ বজাত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। ৰে’ল কৰ্তৃপক্ষৰ তথ্য অনুসৰি গেটত ওলমি থকা অৱস্থাত ৰে’লৰ পৰা মুঠ ৮ৰ পৰা ১২জন লোক বাগৰি পৰে।

ৰে’লৱেৰ মুখপাত্ৰ স্বপ্নীল ধনৰাজ নীলাই কয় যে, ‘ট্ৰেইনৰ ফুট ব’ৰ্ডত বহু লোকে একেলগে যাত্ৰা কৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।’  প্ৰকৃততে মুম্বাই লোকেলত এনে ভিৰ হোৱাটো নিত্য নৈমিত্তিক ঘটনা ।  সূত্ৰৰ পৰা জানিব পৰা মতে এনে ঘটনা সঘনাই ঘটে। কিন্তু পূৰ্বৰ তুলনাত সোমবাৰে ঘটা ঘটনাটোৰ ভয়ানকতা বহুত বেছি আছিল।

এই দুৰ্ঘটনাৰ পিছত সোমবাৰে মুম্বাই ৰে’লৱে কৰ্তৃপক্ষৰ এখন বৈঠক অনুষ্ঠিত হয়। সমগ্ৰ দুৰ্ঘটনাটোৰ বাবে শোক প্ৰকাশ কৰি আৰু ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি তেওঁলোকে মেট্ৰ’ ৰেল’ৰ দৰে স্বয়ংক্ৰিয় দুৱাৰ থকা লোকেন ট্ৰেইন চলাচলৰ কথা ঘোষণা কৰে।  ৰে’ল তথ্য আৰু প্ৰচাৰ বিভাগৰ কাৰ্যবাহী সঞ্চালক দিলীপ কুমাৰে কয়, ‘এতিয়াৰ পৰা মুম্বাই চহৰৰ বাবে নিৰ্মিত সকলো ৰে’লতে স্বয়ংক্ৰিয় দুৱাৰ থাকিব। সেৱা আগবঢ়াই থকা সকলো ৰে’লত পৰিৱৰ্তন কৰা হ’ব।’