শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অপৰাধ হ্ৰাসৰ নতুন ফৰ্মূলা! অপৰাধীক যান-বাহন পৰিচালনাৰ দায়িত্ব দিলে আৰক্ষীয়ে

অপৰাধমূলক ঘটনা হ্ৰাস কৰি অপৰাধীক সমাজৰ সৈতে সংযোগ স্থাপনৰ বাবে আৰক্ষীয়ে এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে। আৰক্ষীয়ে প্ৰথমে অপৰাধৰ লগত জড়িত বা বিভিন্ন গোচৰত দোষী সাব্যস্ত হোৱা ১৪জন অপৰাধীক ফোন কৰি কোনো অপৰাধ নকৰিবলৈ পৰামৰ্শ দিয়ে আৰু তাৰ পিছত যান-বাহন পৰিচালনাৰ দায়িত্বত নিয়োগ কৰে।

অপৰাধ হ্ৰাসৰ নতুন ফৰ্মূলা! অপৰাধীক যান-বাহন পৰিচালনাৰ দায়িত্ব দিলে আৰক্ষীয়ে
আৰক্ষীয়ে ল’লে বিশেষ পদক্ষেপ
monjit-dutta
Monjit Dutta | Published: 02 May 2025 21:07 PM

এক অপৰাধমুক্ত সমাজ গঠনত আৰক্ষীৰ থাকে এক গুৰুত্বপূৰ্ণ ভূমিকা। সেই ভূমিকা পালন কৰি আৰক্ষীয়ে গ্ৰহণ কৰে নানা কাৰ্যপন্থা। অপৰাধীক কৰায়ত্বৰ পৰা আৰম্ভ কৰি সঠিক তদন্তৰে তেওঁলোকৰ শাস্তিৰ বাট মুকলি কৰে আৰক্ষীয়ে। পিছে শাস্তি প্ৰদানৰ সমান্তৰালকৈ অপৰাধীক সৎ পথলৈ ঘূৰাই আনি সমাজৰ সৈতে একাত্ম হোৱাৰ সুযোগ প্ৰদানৰো ব্যৱস্থা কৰিব লাগে আৰক্ষীয়ে। তেনে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিয়েই সম্প্ৰতি সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে মধ্য প্ৰদেশ আৰক্ষীয়ে।

মধ্যপ্ৰদেশৰ ইন্দোৰত অপৰাধমূলক ঘটনা হ্ৰাস কৰি অপৰাধীক সমাজৰ সৈতে সংযোগ স্থাপনৰ বাবে আৰক্ষীয়ে এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে। আৰক্ষীয়ে প্ৰথমে অপৰাধৰ লগত জড়িত বা বিভিন্ন গোচৰত দোষী সাব্যস্ত হোৱা ১৪জন অপৰাধীক ফোন কৰি কোনো অপৰাধ নকৰিবলৈ পৰামৰ্শ দিয়ে। লগতে এই সময়ত অপৰাধীসকলক এক অনন্য শাস্তি দিয়া হৈছিল।

শাস্তি হিচাপে আৰক্ষীয়ে অপৰাধী কেইজনক বিভিন্ন স্থানত যান-বাহন পৰিচালনাৰ দায়িত্ব দিলে। এই সময়ছোৱাত অপৰাধীসকলৰ লগত আৰক্ষীও উপস্থিত আছিল। ইন্দোৰৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত নিজে প্ৰকাশ কৰিছে এই তথ্য। ইন্দোৰত যিদৰে অপৰাধমূলক ঘটনা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে, তাৰ প্ৰতি লক্ষ্য ৰাখি অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

এনে ব্যৱস্থাৰ অংশ হিচাপেই ইন্দোৰৰ লাছুদিয়া আৰক্ষীয়ে অঞ্চলৰ ১৪জন তালিকাভুক্ত অপৰাধীক থানালৈ মাতি আনি বিভিন্ন গোচৰত তেওঁলোকৰ পৰা তথ্য গ্ৰহণ কৰে। ইয়াৰ পিছত ১৪জন অপৰাধীক এক অনন্য শাস্তি প্ৰদান কৰা হয়। অতিৰিক্ত আৰক্ষী আয়ুক্ত অমৰেন্দ্ৰ সিঙে এই সন্দৰ্ভত কয় যে অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। একে সময়তে কুখ্যাত অভিযুক্তক সমাজৰ লগত সংযোগ কৰি ভাল মানুহ কৰি তোলাৰো প্ৰয়াস কৰা হৈছে।

লাছুদিয়া থানা এলেকাৰ পৰা ১৪ জন অপৰাধীক থানালৈ মাতি প্ৰথমে কোনো অপৰাধ নকৰিবলৈ পৰামৰ্শ দিয়া হয়। ইয়াৰ পিছতে ১৪ জন অপৰাধীক অঞ্চলটোৰ আটাইতকৈ ডাঙৰ ছেক্সনত যান-বাহন নিয়ন্ত্ৰণৰ শাস্তি প্ৰদান কৰা হয়। এই সময়ছোৱাত তেওঁলোকক যান-বাহন কেনেকৈ পৰিচালনা কৰা হয় সেই বিষয়েও বুজাই দিয়া হয়। লাছুদিয়া থানা এলেকাৰ নিৰঞ্জনপুৰ ক্ৰছিঙত যান-বাহন স্বেচ্ছাসেৱকৰ জেকেট পৰিধান কৰি ১৪ অপৰাধীয়ে প্ৰায় ১ ঘণ্টা ধৰি যান-বাহন পৰিচালনা কৰে।

আনহাতে ইন্দোৰৰ বিভিন্ন থানা এলেকাত দুষ্কৃতিকাৰীক অপৰাধ নকৰাৰ শপত ল’বলৈও বাধ্য কৰোৱা হৈছে। তদুপৰি অপৰাধৰ জগতখনৰ পৰা তেওঁলোকক আঁতৰাই ৰখাৰ বাবেও আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে। এতিয়া লাছুদিয়া থানা আৰক্ষীৰ এনে পদক্ষেপে সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে।