শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভূলণ্ঠিত মানৱতা! একাদশ শ্ৰেণীৰ ছাত্ৰীৰ সৈতে পাঁচ যুৱকৰ জঘন্য কাণ্ড, দুজনক গ্ৰেপ্তাৰ

ধৰ্ষণৰ পিছত কিশোৰীগৰাকীক শাৰীৰিক আক্ৰমণ কৰি অভিযুক্তকেইজনে লগতে এই সমগ্ৰ ঘটনাৰ বিষয়ে কাৰোবাক ক’লে হত্যাৰো ভাবুকি দিয়ে। এনে বৰ্বৰ কাণ্ডৰ পিছত যুৱককেইজন সেই স্থানৰ পৰা আঁতৰি যায়।

ভূলণ্ঠিত মানৱতা! একাদশ শ্ৰেণীৰ ছাত্ৰীৰ সৈতে পাঁচ যুৱকৰ জঘন্য কাণ্ড, দুজনক গ্ৰেপ্তাৰ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 12 Oct 2025 09:11 AM

দেশত সংঘটিত ইটোৰ পিছত সিটোকৈ ধৰ্ষণ তথা নাৰী নিৰ্যাতনৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে এনে অপৰাধৰ ঘটনা বৃদ্ধিয়ে জোকাৰি গৈছে সকলোকে এইবাৰ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত সংঘটিত হৈছে আন এক লজ্জাজনক ঘটনা লক্ষ্ণৌত পাঁচ দুৰ্বৃত্তৰ বৰ্বৰতাৰ বলি হৈছে একাদশ শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰী। বনথৰা থানা এলেকাৰ ভিতৰৰ হাৰোনিত পাঁচ যুৱকে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ঘটনা সন্দৰ্ভত অভিযোগ পোৱাৰ লগে লগে আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, ছাত্ৰীগৰাকীয়ে নিজৰ বিবাহিতা জ্যেষ্ঠ ভগ্নীৰ ঘৰলৈ গৈ থকাৰ সময়তে বাটত এগৰাকী বন্ধুক লগ পায় আৰু বাটতে ৰৈ দুয়ো কথা পাতিবলৈ ধৰে ঠিক সেই মুহূৰ্ততে পাঁচজন যুৱক তেওঁলোকৰ কাষ চাপি আহে আৰু কিশোৰীগৰাকীক হাৰাশাস্তি কৰিবলৈ ধৰিলে।

এনে আতিশয্যৰ সন্মুখীন হোৱাৰ পিছত কিশোৰীগৰাকী আৰু তেওঁৰ বন্ধুৱে আপত্তি প্ৰকাশ কৰে কিন্তু যুৱককেইজনে তেতিয়া তেওঁৰ বন্ধুক নিৰ্মমভাৱে প্ৰহাৰ কৰে। এনে আক্ৰমণত বন্ধুজন সেই স্থানৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয় ইয়াৰ পিছতে অভিযুক্ত যুৱককেইজনে নাবালিকা ছাত্ৰীগৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰে।

ধৰ্ষণৰ পিছত কিশোৰীগৰাকীক শাৰীৰিক আক্ৰমণ কৰি অভিযুক্তকেইজনে লগতে এই সমগ্ৰ ঘটনাৰ বিষয়ে কাৰোবাক ক’লে হত্যাৰো ভাবুকি দিয়ে। এনে বৰ্বৰ কাণ্ডৰ পিছত যুৱককেইজন সেই স্থানৰ পৰা আঁতৰি যায় ইয়াৰ পিছত ছাত্ৰীগৰাকীয়ে ফোনযোগে নিজ ভাতৃক সেই স্থানলৈ মাতি আনে।

ঘটনাৰ বিষয়ে জানিব পৰা লগে লগে ছাত্ৰীগৰাকীৰ ভাতৃ ঘটনাস্থলীত উপস্থিত হয় আৰু দুয়ো পোনে পোনে হাৰোণী থানালৈ যায়। দুয়োৰে অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে গোচৰ ৰুজু কৰে। আৰক্ষীয়ে লগতে গোচৰৰ গুৰুত্ব বুজি লগে লগে অভিযান চলাই কেইঘণ্টামানৰ ভিতৰতে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

সম্প্ৰতি আন অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত আছে। অতি সোনকালে আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব বুলি আৰক্ষীয়ে দৃঢ় প্ৰতিশ্ৰুতি দিছে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত দুই অভিযুক্তক সম্প্ৰতি জেৰা চলাই থকা হৈছে। পলাতক আন তিনি অভিযুক্তৰ সন্ধানত কেইবাটাও আৰক্ষীৰ দল নিয়োজিত হৈছে বুলিও আৰক্ষীয়ে সদৰী কৰে।