যুদ্ধবিৰতিৰ পিছতে খুলি দিয়া হ’ল চেনাব নদীৰ বান্ধ, সিন্ধু জল চুক্তি নে ইয়াৰ আঁৰত আছে আন কাৰণ?
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে চেনাব নদীৰ পানী বন্ধ কৰি দিছিল ভাৰতে। যুদ্ধবিৰতিৰ পিছত এতিয়া ভাৰতে মুকলি কৰিছে বান্ধৰ দুৱাৰ। ইয়াৰ বাবেই পাকিস্তানৰ ফালে বৈ যাবলৈ আৰম্ভ কৰিছে পানী। ইফালে এতিয়াও স্থগিত ৰখা হৈছে সিন্ধু জল চুক্তি ।

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা সৃষ্টি হৈছিল। এই আক্ৰমণৰ পিছত ভাৰতে প্ৰতিশোধ লয় আৰু পাকিস্তানৰ বিৰুদ্ধে বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত আটাইতকৈ কঠিন সিদ্ধান্ত আছিল পানী। অপাৰেশ্যন সেন্দুৰৰ পিছত এই উত্তেজনা আৰু অধিক বৃদ্ধি পালে। অৱশ্যে যোৱা ১০ মে’ৰ সন্ধিয়া ৫ বজাত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হয়। ইয়াৰ পাছতে আজি অৰ্থাৎ ১১ মে’ত চেনাব নদীত নিৰ্মাণ কৰা বান্ধৰ পানী এৰি দিয়া হৈছে।
পহলগাম আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ সৈতে হোৱা সিন্ধু জল চুক্তি স্থগিত ৰাখিছিল। তাৰ পাছত চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা দুটা বান্ধৰ জৰিয়তে পানী বন্ধ কৰি দিছিল ভাৰতে। ইয়াৰ বাবেই পাকিস্তানৰ চেনাব নদীৰ জলপৃষ্ঠ কমি আহি শুকাবলৈ ধৰিলে। ভাৰতে পানী যোগান বন্ধ কৰাৰ পিছতে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হয় পাকিস্তান।
এতিয়া চেনাব নদীত নিৰ্মিত ছালাল আৰু বগলীহাৰ বান্ধৰ বহুকেইখন দুৱাৰ মুকলি কৰিছে ভাৰতে । এনে পৰিস্থিতিত পাকিস্তানত বানপানীৰ সম্ভাৱনা বৃদ্ধি পাইছে। ভাৰতৰ ফালৰ পৰা গেটখন খোলাৰ পাছত এতিয়া পাকিস্তানত শুকাই যোৱা অঞ্চলত পানী দেখা গৈছে। অৱশ্যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি হ’লেও সিন্ধু জল চুক্তি এতিয়াও স্থগিত ৰখা হৈছে।
#WATCH | Jammu and Kashmir | Latest visuals from Reasi’s Salal Dam, built on the Chenab River; several gates of the dam are seen open.
(Visuals shot at 6:30 am) pic.twitter.com/48taKYUYCw
— ANI (@ANI) May 11, 2025
কিয় খোলা হ’ল বান্ধৰ দুৱাৰ?
বিগত সপ্তাহত ভাৰতে বন্ধ কৰি দিছিল চেনাব নদীৰ পানী। ইয়াত প্ৰথমে বগলীহাৰ বান্ধ আৰু তাৰ পিছত ছালাল বান্ধ বন্ধ কৰি দিয়া হৈছিল। শেহতীয়াকৈ জম্মু-কাশ্মীৰত হোৱা বৰষুণৰ পিছত বান্ধৰ জলপৃষ্ঠ বৃদ্ধি পোৱা বুলি অনুমান কৰা হৈছে। এই কাৰণেই বান্ধৰ দুৱাৰ খুলিব লগা হৈছিল। অৱশ্যে বান্ধৰ গেট খোলাৰ আঁৰৰ প্ৰকৃত কাৰণ এতিয়াও প্ৰকাশ হোৱা নাই।