শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিপদত আম্বানী! ED য়ে জব্দ কৰা ৭,৫০০ কোটি টকা হ’ব পাৰে নিলাম, ডাঙৰ অভিযোগ…

মানুহৰ ভাগ্য সলনি হওতে বেছি সময় নালাগে। তাৰ এক উদাহৰণ অনিল আম্বানী। এটা সময়ত কোটিপতিৰ পৰা দেউলীয়া হৈ পৰিছিল তেওঁ। পাছত ককায়েক মুকেশ আম্বানীয়ে পৰিশোধ কৰিছিল ঋণ। কিন্তু এতিয়া তেওঁ পুনৰ বিপদত পৰিছে।

বিপদত আম্বানী! ED য়ে জব্দ কৰা ৭,৫০০ কোটি টকা হ’ব পাৰে নিলাম, ডাঙৰ অভিযোগ…
আম্বানীImage Credit source: PTI
barasha-sarma
Barasha Sarma | Published: 07 Nov 2025 12:05 PM

বিপদে যেন লগ নেৰে আম্বানীৰ। শেহতীয়াকৈ মুকেশ আম্বানীৰ ভাতৃ অনিল আম্বানীৰ পৰা ইডিয়ে ৭৫০০ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে। ইয়াৰ পাছতে তেওঁক এতিয়া ইডি কাৰ্যালায়লৈ তলব কৰা হৈছে। ভাৰতীয় ষ্টেট বেংকৰ ঋণৰ সৈতে জড়িত জালিয়াতিৰ গোচৰ অনিল আম্বানীক চমন জাৰি কৰা হৈছে। সেই অনুসৰি তেওঁ ১৪ নৱেম্বৰত ইডি কাৰ্যালয়ত হাজিৰ হ’ব লাগিব।

এটা সময়ত অনিল আম্বানী কোটিপতিৰ পৰা দেউলীয়া হৈ পৰিছিল। পাছত ককায়েক মুকেশ আম্বানীয়ে ঋণ পৰিশোধ কৰি জেলৰ ভাত খোৱাৰ পৰা ৰক্ষা কৰিছিল। কিন্তু এইবাৰ পুনৰ অনিল আম্বানী আইনী সমস্যাত পৰা দেখা যায়। ৰিলায়েন্স গ্ৰুপ আৰু অনিল আম্বানীৰ বিৰুদ্ধে আৰ্থিক অপব্যৱহাৰৰ গোচৰ ৰুজু হৈছে। এই গোচৰ সন্দৰ্ভত অভিযান চলাই এটা সপ্তাহত ইডিয়ে জব্দ কৰিছে ৭৫০০ কোটি টকাৰ সম্পত্তি।  ইয়াৰ পাছতে এইবাৰ সোধা পোছাৰ বাবে ইডিয়ে অনিল আম্বানীক চমন জাৰি কৰিছে।

অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বে ৫ আগষ্টত অনিল আম্বানীক আৰ্থিক অপব্যৱহাৰৰ গোচৰত চমন কৰা হৈছিল। সেই সময়ত তেওঁক ৮ ঘণ্টা ধৰি ধাৰাবাহিকভাৱে জেৰা কৰা হৈছিল। বিদেশত তেওঁৰ কিমান সম্পত্তি আছে আৰু কোম্পানীটোৰ লেনদেন সম্পৰ্কে তেওঁ বহু ধৰণৰ কঠিন প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল।

শেহতীয়া গোচৰ ইডিয়ে মুম্বাইৰ ৩৫ টা স্থানত তালাচী চলাইছে। এই সময়ত উদ্ধাৰ হৈছে বহু নথি-পত্ৰ আৰু ডিজিটেল ৰেকৰ্ড। সোমবাৰে জব্দ কৰা হয় ধীৰুভাই আম্বানী নোলেজ চিটি। ১৩২ একৰ মাটিত নিৰ্মিত এই উদ্যোগিক এলেকাৰ বৰ্তমানৰ বজাৰ মূল্য ৪৪৬২ কোটি টকা। ইয়াৰ পূৰ্বে ৩১ অক্টোবৰত ৩০০০ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছিল। ইডিৰ মতে, আদালতে অনুমতি প্ৰদান কৰিলে এই সম্পত্তিসমূহ নিলাম কৰিব পৰা যাব।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ মতে, অনিল আম্বানী আৰু তেওঁৰ কোম্পানীটোৰ হাতত ২০১০ চনৰ পৰা ৪০ হাজাৰতকৈ অধিক কোটি টকাৰ ঋণ বাকী আছে। এই ঋণ আম্বানীয়ে দেশ-বিদেশৰ বিভিন্ন বেংক পৰা লৈছিল। এটা বেংকৰ পৰা ঋণ লৈ আন এটা বেংকত পৰিশোধ কৰিছিল। কিন্তু এতিয়াকৈ অধিক বিপদত পৰিছে অনিল আম্বানী।

 

 

অন্য খবৰ পঢ়কঃ পৰীক্ষা নিদিয়াকৈ চাকৰি লাভৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…