পেটৰ কৰ্কট ৰোগৰ লক্ষণসমূহ কি কি, জানক...

7 Nov 2025

TV9 ASSAM

যেতিয়া পেটৰ ভিতৰৰ অংশত অনিয়ন্ত্ৰিতভাৱে কোষ বৃদ্ধি পাই তেতিয়া তাক পেটৰ কৰ্কট ৰোগ বুলি কোৱা হয়। এই কৰ্কট ৰোগ লাহে লাহে শৰীৰৰ আন অংশসমূহলৈও বিয়পি পৰে।

পেটৰ কৰ্কট ৰোগ

খাদ্যভাস, তেল-মচলাযুক্ত খাদ্য,ধূমপান, সুৰাপান, হেলিকোবেক্টৰ নামৰ বেক্টেৰিয়াৰ সংক্ৰমণ আদি বিভিন্ন কাৰণত পেটৰ কৰ্কট ৰোগ হয়। পাৰিবাৰিক ইতিহাসো এই ৰোগৰ কাৰণ হ'ব পাৰে।

কাৰণ

মেক্স হাস্পাতালৰ ডাঃ ৰোহিত কুমাৰে কয় যে, পেটৰ কৰ্কট ৰোগ হ'লে কোনো কাৰণ  নোহোৱাকৈ বাৰে বাৰে গেছ, বদহজম, পেট গধুৰ অনুভৱ হ'ব পাৰে। দীৰ্ঘদিন এই সমস্যা থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।

পেট গধুৰ

ভোক কম লগা বা অলপ খোৱাৰ পাছতে পেট ভৰ্তি অনুভৱ কৰা এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে। এনে অৱস্থাত যদি হঠাতে ওজন হ্ৰাস পাবলৈ ধৰে তেতিয়া বিশেষজ্ঞৰ পৰামৰ্শ লওক।

ভোক কম লগা

যদি বাৰে বাৰে বমি হয় বা বমিৰ ভাব হৈ থাকে, তেন্তে ই পেটৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে। এই সমস্যা বিশেষকৈ খাদ্য খোৱাৰ পাছত হয়। কেতিয়াবা বমিৰ সৈতে তেজ আহে।

বমি

যদি অনবৰত পেটৰ বিষ বা জলা-পোৰাৰ সমস্যা হৈ থাকে তেন্তে ই পেটৰ কৰ্কটৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে। ঔষধ খোৱাৰ পাছতো যদি বিষ নকমে তেন্তে স্বাস্থ্য পৰীক্ষা কৰিব লাগে।

পেটৰ বিষ

যদি শৌচত তেজ বা ক'লা ৰঙৰ শৌচ ওলাই তেন্তে ই পেটৰ গুৰুতৰ সমস্যাৰ লক্ষণ হব পাৰে।  দীৰ্ঘদিন এই সমস্যা হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা অতি আৱশ্যক।

শৌচ

পঢ়িবলৈ ক্লিক কৰক 

হাওঁফাওঁৰ সংক্ৰমণ