TV9 ASSAM
আজি অনুষ্ঠিত হোৱা চতুৰ্থ টি-২০ত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ভাৰতীয় দলে পাঁচখন মেচৰ টি-২০ শৃংখলাত ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰে।
গোল্ড কোষ্টত অনুষ্ঠিত এই মেচখনত ভাৰতীয় দলে ১৬৭ ৰান সংগ্ৰহ কৰাৰ পাছত অষ্ট্ৰেলিয়াক ১১৯ ৰানত বান্ধি ৰাখি ৪৮ ৰানত জয়লাভ কৰে।
অলৰাউণ্ডাৰ অক্ষৰ পেটেলে বেটিঙত মাত্ৰ ১১টা বলত ২১ ৰান সংগ্ৰহ কৰাৰ পিছত বলিঙতো দুটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি ভাৰতৰ জয়ৰ নায়ক হৈ পৰে।
এনে উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অক্ষৰে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে। এইদৰে তেওঁ কিংবদন্তি অলৰাউণ্ডাৰ যুৱৰাজ সিঙক অতিক্ৰম কৰিছে।
এতিয়া অক্ষৰে নিজ টি-২০ কেৰিয়াৰত ৮টা প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰিছে। প্ৰাক্তন তাৰকা যুৱৰাজে কেৰিয়াৰত ৭টা প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰিছিল।
কেৱল সেয়াই নহয়, ভাৰতৰ হৈ সৰ্বাধিক প্লেয়াৰ অৱ দ্য মেচৰ বঁটাৰ তালিকাত তেওঁ এতিয়া চতুৰ্থ স্থানত আছে। অৱশ্যে শীৰ্ষত উপনীত হ’বলৈ তেওঁক বহু সময় লাগিব।
বিৰাট কোহলী আৰু সূৰ্যকুমাৰ যাদৱে ১৬ বাৰকৈ এই বঁটা লাভ কৰি শীৰ্ষত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে ৰোহিত শৰ্মা (১৪)।
পঢ়িবলৈ ক্লিক কৰক
ঘৰৰ এই ৩টা স্থানত নাৰাখিব মানী প্লান্ট