শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

লক্ষ্য দিল্লীৰ বিধানসভা ! আজি দিল্লীৰ ৰামলীলা মৈদানত কংগ্ৰেছৰ সমাৱেশ…

আজি দিল্লীত আয়োজিত এক বিশাল সমাৱেশত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে । সংবিধান ৰক্ষা আৰু বিশেষকৈ ৱাকফ সম্পত্তি সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি সমাৱেশ আয়োজন কৰা হৈছে বুলি সূত্ৰ পৰা জানিব পৰা গৈছে ।

লক্ষ্য দিল্লীৰ বিধানসভা ! আজি দিল্লীৰ ৰামলীলা মৈদানত কংগ্ৰেছৰ সমাৱেশ…
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে
manas-borah
Manas Borah | Updated On: 01 Dec 2024 09:23 AM

হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ডৰ নিৰ্বাচন গ’ল, এতিয়া আহিল দিল্লীৰ বিধানসভা নিৰ্বাচন । আজি দিল্লীত আয়োজিত এক বিশাল সমাৱেশত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে । সংবিধান ৰক্ষা আৰু বিশেষকৈ ৱাকফ সম্পত্তি সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি সমাৱেশ আয়োজন কৰা হৈছে বুলি সূত্ৰ পৰা জানিব পৰা গৈছে । কংগ্ৰেছ নেতা কাজী নিজামুদ্দিনে সংবাদ মাধ্যমৰ আগত কয় যে, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুনে দেশৰ সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা ৰক্ষাৰ সন্দৰ্ভত এই সমাৱেশৰ জৰিয়তে জনসাধাৰণক সম্বোধন কৰিব।

তদুপৰি তেওঁ আন ৰাজ্যৰ জাতি লোকপিয়লৰ বিষয়েও আলোপাত কৰিব। বিজেপি আৰু আম আদমী পাৰ্টিক লক্ষ্য কৰি তেওঁ কয় যে, দুয়োখন চৰকাৰৰ গাফিলতি স্পষ্টকৈ দেখা পোৱা গৈছে। তেওঁলোকৰ অসাৱধানতাৰ বাবে ৰাজ্যত বসবাস কৰা জনসাধাৰণৰ সমস্যা বাঢ়িছে। এই সন্দৰ্ভতো কংগ্ৰেছ দলে ৰাইজৰ সৈতে মত বিনিময় কৰিব । মল্লিকাৰ্জুন খৰ্গে এই সমাৱেশত ৱাকফৰ সম্পত্তি আইন সন্দৰ্ভতো আলোপাত কৰিব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে,দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলিত আৰু মুছলমানৰ ভোট বেংকক আকৰ্ষণ কৰিবলৈ আৰু পিছপৰা গোটৰ লোকসকলক প্ৰভাৱিত কৰিবলৈ কংগ্ৰেছ দলে প্ৰচেষ্টা চলাইছে বুলি ৰাজনৈতিক বিশ্লেষক সকলে ক’ব খোজে ।

কাজী নিজামুদ্দিনে কয় যে, দিল্লীত বসবাস কৰা লোকসকলে বিষাক্ত বতাহত উশাহ ল’বলৈ বাধ্য হৈছে । দিল্লীৰ জনসাধাৰণক বিশুদ্ধ পানীৰ প্ৰয়োজন। প্ৰদূষিত যমুনা নদীৰ পানী যোগানে জনস্বাস্থ্য়ৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে । নিশ্চয়কৈ দিল্লীৰ জনসাধাৰণে সমস্যাবোৰৰ পৰা সমাধান বিচাৰিছে । দিল্লীৰ ৰাইজে বিজেপি আৰু আম আদমী পাৰ্টি দুয়োটাকে এই সন্দৰ্ভত বিচাৰ কৰিব। এতিয়া কংগ্ৰেছ দলক এটা সুযোগ দিয়া উচিত বুলি মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ।

দীৰ্ঘদিন ধৰি দিল্লীত কংগ্ৰেছ পাৰ্টি চৰকাৰে শাসন কৰিছিল বুলিও কয় কংগ্ৰেছ নেতা গৰাকীয়ে। ১৯৯৮ চনৰ পৰা ২০১৩ চনলৈ ইয়াত মুখ্যমন্ত্ৰী হিচাপে কাম কৰিছিল শীলা দীক্ষিতে। তেওঁ ১৫ বছৰ ধৰি দিল্লীত বিভিন্ন বিষয়ত কাম কৰিছিল। ইয়াৰ পিছতে কৰ্মী আন্না হাজাৰেৰ নেতৃত্বত দুৰ্নীতি বিৰোধী আন্দোলনৰ ভিত্তিত আম আদমি পাৰ্টিয়ে প্ৰথমবাৰৰ বাবে ক্ষমতালৈ আহে । তেতিয়াৰ পৰাই নতুন দলটোৱে ইয়াত আগ্ৰাসী তৃণমূল পৰ্যায়ৰ ৰাজনীতি অব্যাহত ৰাখিছে। বিনামূলীয়া পানী, বিদ্যুতৰ দৰে বহু সুবিধাৰ ভিত্তিত কংগ্ৰেছৰ পৰম্পৰাগত ভোটবেংক কাঢ়ি লৈ ​​গ’ল উল্লেখ কৰিছে নেতা গৰাকীয়ে ।