শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিদেশত ভাৰতৰ পৰাক্ৰমৰ কাহিনী প্ৰচাৰত অসন্তুষ্টি, শশী থাৰুৰক বিজেপিৰ ছুপাৰ মুখপাত্ৰ আখ্যা কংগ্ৰেছ নেতাৰ

সৰ্বদলীয় প্ৰতিনিধি দলৰ সদস্য সাংসদ শশী থাৰুৰক কংগ্ৰেছ নেতা উদিত ৰাজে বিজেপিৰ ছুপাৰ মুখপাত্ৰ আখ্যা দিছে । কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে এইখন চৰকাৰত এনেকুৱা হৈছে যে বিজেপিয়ে সেনাবাহিনীৰ কৃতিত্ব লৈছে । কংগ্ৰেছ চৰকাৰত সেনাৰ এই কাৰ্যক ৰাজহুৱা কৰা হোৱা নাছিল ।

বিদেশত ভাৰতৰ পৰাক্ৰমৰ কাহিনী প্ৰচাৰত অসন্তুষ্টি, শশী থাৰুৰক বিজেপিৰ ছুপাৰ মুখপাত্ৰ আখ্যা কংগ্ৰেছ নেতাৰ
শশী থাৰুৰImage Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 28 May 2025 14:07 PM

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰক বিজেপিৰ ছুপাৰ মুখপাত্ৰ আখ্যা দিছে কংগ্ৰেছ নেতা উদিত ৰাজে । তেওঁ কয় যে শশী থাৰুৰ বিজেপিৰ ছুপাৰ মুখপাত্ৰ । বিজেপি নেতাসকলে যিবোৰ কোৱা নাই, অৰ্থাৎ প্ৰধানমন্ত্ৰী মোদী আৰু চৰকাৰৰ সপক্ষে যি কথা ক’ব পৰা নাই, সেয়া কৰিছে শশী থাৰুৰে । পূৰ্বৰ চৰকাৰবোৰে কি কৰিছিল সেয়া তেওঁ জানেনে বুলিও প্ৰশ্ন কৰিছে উদিত ৰাজে?

তেওঁ কয় যে তেওঁলোকে(চৰকাৰে) ভাৰতীয় সশস্ত্ৰ বাহিনীৰ কৃতিত্ব লৈছে । আগতে যেতিয়া ছাৰ্জিকেল ষ্ট্ৰাইক হৈছিল, তেতিয়া মানুহে এই বিষয়ে নাজানিছিল । তেওঁলোক মোডীজীৰ দৰে নহয়, যিয়ে একো নকৰে, কেৱল প্ৰচাৰ কৰে, গৌৰৱ কৰে । সেনাৰ এই কাৰ্যৰ সুযোগ লৈছে । কংগ্ৰেছ দলে এই কাম কৰা নাছিল আৰু ৰাজহুৱাভাৱে সেনাৰ এই কাৰ্য ঘোষণা কৰা নাছিল, এওঁলোকে (বিজেপি চৰকাৰে) সেনাৰ সকলো ক্ৰেডিট নিজেই লৈছে । ইয়াত সেনাৰ প্ৰতি কোনো সন্মান নাই । এয়া শশী থাৰুৰৰ প্ৰচাৰ ষ্টাণ্ট । তেওঁ এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ হিচাপে পৰিগণিত হৈছে ।

ইয়াৰ মূল্য দিব লাগিব সন্ত্ৰাসবাদীয়ে
পানামাত এটা প্ৰতিনিধি দলৰ নেতৃত্ব দি থাৰুৰে কয় যে পাকিস্তানে ভাৰতৰ ভূখণ্ডক লক্ষ্য কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্যাহত ৰাখিছে । তেওঁ পাকিস্তানক সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে শেহতীয়া বছৰবোৰত যিটো পৰিৱৰ্তন হৈছে সেয়া হৈছে সন্ত্ৰাসবাদীয়ে এতিয়া গম পাইছে । ইয়াৰ মূল্য তেওঁলোকে দিব লাগিব ।

তেওঁ কয় যে শেহতীয়া বছৰবোৰত যিটো পৰিৱৰ্তন হৈছে সেয়া হৈছে সন্ত্ৰাসবাদীয়েও উপলব্ধি কৰিছে, ইয়াৰ মূল্য তেওঁলোকে দিব লাগিব । এই ক্ষেত্ৰত কোনো সন্দেহ থাকিব নালাগে । ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত যেতিয়া প্ৰথমবাৰৰ বাবে ভাৰতে উৰিত ছাৰ্জিকেল ষ্ট্ৰাইক কৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ নিয়ন্ত্ৰণ ৰেখা উলংঘন কৰিছিল । সেয়া ভাৰতে আগতে কেতিয়াও নকৰা কাম আছিল ।

থাৰুৰে কয়, “কাৰ্গিল যুদ্ধৰ সময়তো ভাৰতে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰা নাছিল । অৱশ্যে উৰিৰ ক্ষেত্ৰত তেনেকুৱা কৰা হ’ল আৰু ইয়াৰ পিছত ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত পুলৱামা আক্ৰমণ হয় । তেতিয়া আমি কেৱল নিয়ন্ত্ৰণ ৰেখাই নহয়, আন্তঃৰাষ্ট্ৰীয় সীমাও অতিক্ৰম কৰোঁ আৰু বালাকোটত সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলোৱা হয় । এইবাৰ আমি পাকিস্তানৰ পঞ্জাবত ৯টা ঠাইত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান, প্ৰশিক্ষণ কেন্দ্ৰ আৰু সন্ত্ৰাসবাদীৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলাইছো ।”